ডোকলামৰ আশে-পাশে সশস্ত্ৰ সীমা বলৰ উপস্থিতি বৃদ্ধি

এছিয়াৰ দুই বৃহৎ শক্তি ভাৰত আৰু চীনৰ মাজত প্ৰায় ৭৩ দিনীয়া অচলাৱস্থাৰ সৃষ্টি কৰা ডোকলাম ঘটনা কূটনৈতিকভাৱে সমাধা কৰা হ’ল যদিও ইয়াৰ পাৰ্শ্বক্ৰিয়া হিচাপে সীমান্ত অঞ্চলটোত ভাৰতৰ সতৰ্কতা বৃদ্ধি কৰা হৈছে। সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধান ৰজনীকান্ত মিশ্ৰই আজি এটা দীক্ষান্ত সমাৰোহত ভাগ লৈ কয় যে ভাৰত-ভূটান সীমান্তত যোৱা কেইমাহমানত সশস্ত্ৰ সীমা বলৰ উপস্থিতি বৃদ্ধি কৰা হৈছে।

উল্লেখযোগ্য যে ১৯৬২-৬৩ ত প্ৰতিষ্ঠিত ভাৰতীয় অৰ্ধসামৰিক বাহিনীটোৱে ভাৰতৰ সীমান্ত পহৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশেষকৈ সীমান্তৰ যাতায়াতৰ অসুচল অঞ্চলবোৰত। অৰ্ধসামৰিক বাহিনীটোৱে নেপাল-ভাৰত সীমাৰ ১,৭৫০ কিলোমিটাৰ আৰু ভাৰত-ভূটান সীমাৰ ৬৯০ কিলোমিটাৰ পহৰা দিয়ে।

‘ডোকলাম অচলাৱস্থাৰ পিছত আমি (এছ এছ বিয়ে) ভাৰত-ভূটান সীমাৰ পূব ছিকিমৰ অংশত আমাৰ উপস্থিতি বৃদ্ধি কৰিছো।’ সঞ্চালক প্ৰধান মিশ্ৰই কয়। সীমান্ত অঞ্চলত কেইবাটাও নতুন সীমান্ত চকী স্থাপন কৰা হৈছে বুলিও তেওঁ জনায়।

অৱশ্যে সঞ্চালক প্ৰধানজনে এই অতিৰিক্ত সতৰ্কতা অৱলম্বনৰ আঁৰত সংশয়জনক কিবা থকাৰ কথাটো ক’বলৈ অস্বীকাৰ কৰে।

উল্লেখযোগ্য যে প্ৰতিষ্ঠা কালৰে পৰা সশস্ত্ৰ সীমা বল নামৰ সীমান্ত বাহিনীটোৱে ভাৰতৰ পূব সীমাত ৰাষ্ট্ৰীয়তাবোধ, নিৰাপত্তা আৰু পহৰাৰ হকে কাম কৰি আহিছে। সীমান্তৰ গাওঁবোৰৰ লোকসকলক ক্ষুদ্ৰ আগ্নেয়াস্ত্ৰ ব্যৱহাৰ আৰু আত্মৰক্ষাৰ বাবে প্ৰশিক্ষণ দি আহিছে। এই দৰে প্ৰশিক্ষণ পোৱা স্বেচ্ছাসেৱীসকল বাহিনীটোৰ বাবে এক প্ৰকাৰৰ গোপন খা-খবৰৰ উৎস হৈ আহিছে।