NORTHEAST NOW (Assamese)

ঢাকা-গুৱাহাটীৰ মাজত বিমানসেৱা আৰম্ভ কৰিবলৈ বাংলাদেশৰ অসামৰিক পৰিবহণ মন্ত্ৰীক সৰ্বানন্দ সোণোৱালৰ প্ৰস্তাৱ

November 22, 2017 11:06 am · এন ই নিউজ ব্যুৰো, গুৱাহাটী :

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাংলাদেশৰ অসামৰিক পৰিবহণ মন্ত্ৰী ৰছিদ খান মেননক অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ লগতে ব্যৱসায়-বাণিজ্যৰ উন্নয়নৰ বাবে ঢাকা-গুৱাহাটীৰ মাজত বিমানসেৱা আৰম্ভ কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। মেননে মুখ্যমন্ত্ৰী গৰাকীক প্ৰস্তাৱটো গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি আশ্বাস দিয়ে। সোণোৱালে মণিপুৰৰ ইম্ফলত অনুষ্ঠিত উত্তৰ-পূব উন্নয়ন শীৰ্ষক এখন বৈঠকত অংশ গ্ৰহণ কৰে। সোণোৱালে উত্তৰ পূবৰ সকলোকেইখন ৰাজ্যকে উত্তৰ-পূবৰ বিকাশৰ বাবে সৰ্বাত্মক প্ৰয়াস কৰাৰ লগতে অঞ্চলটোক এক্ট ইষ্ট পলিচিৰ নতুন সম্ভাৱনাৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। সোণোৱালে উল্লেখ কৰে যে ঢাকা আৰু গুৱাহাটীৰ মাজৰ বিমানসেৱাৰ উন্নয়নে অসম আৰু বাংলাদেশ উভয়কে লাভান্বিত কৰিব। মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে বাংলাদেশৰ অসামৰিক পৰিবহণ মন্ত্ৰীগৰাকীক অসম আৰু বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাৰ গোলকগঞ্জ, দক্ষিণ শালমাৰা জিলাৰ মানকাচৰ আৰু কৰিমগঞ্জ জিলাৰ সুতাৰকান্দিত থকা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰসমূহৰ জৰিয়তে ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণ ঘটোৱাৰ বাবেও অনুৰোধ  জনায়।

সোণোৱালে উত্তৰ-পূবৰ ৰাজ্যকেইখনক অঞ্চলটোৰ সম্ভাৱনাসমূহক তুলি ধৰি উন্নয়নৰ সপোন ৰচনা কৰাৰ আহ্বান জনায়। তেওঁ লগতে কয় যে শেহতীয়াকৈ বাংলাদেশৰ কক্স বজাৰৰ পৰা ত্ৰিপুৰালৈ সম্প্ৰসাৰণ ঘটোৱা ইণ্টাৰনেশ্যনেল ফাইবাৰ অ’পটিক গে’টৱেই ভৱিষ্যতে ডিজিটেল নৰ্থ-ইষ্টৰ স্বপ্ন সাৰ্থক কৰি তুলিব।

Related News