অলপ দিন হ’ল । টিভি চেনেলত দেখিলোঁ দিচপুৰীয়া বিজেপি মিত্ৰজোঁট চৰকাৰৰ কেবিনেট মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে- হাতত গীতাখন লৈ লোকবোৰ ভাৰতলৈ নাহি যাব ক’লৈ! থিতাতে তেজ উথলি আহিব খোজা বক্তব্যটোৱে মুহূৰ্তৰ বাবে জোকাৰি গ’ল। নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ভাৰতীয় সংসদত গৃহীত হ’লে ভাৰতৰ এখন অনুপ্ৰৱেশকাৰীৰ সমস্যাৰে ভাৰাক্ৰান্ত অন্যতম ৰাজ্য অসমৰ স্বদেশী আৰু থলুৱা লোকসকলৰ প্ৰতি অদূৰ ভৱিষ্যতে বা কাইলৈ ৰাতিটোৰ ভিতৰতে আহিব পৰা ভাবুকি বা কিবা ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনাৰ বিষয়ে কাৰোৱেই এতিয়া আৰু অজানা নহয়। এই প্ৰসংগতেই উপৰি উক্ত বক্তব্যটো বেকত কৰিছিল মন্ত্ৰী ড০ শৰ্মাই ।
সঁচা হওক বা মিছা হওক, মানুহৰ মাজত প্ৰচাৰ এনেধৰণে চলিছে যে প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশকে সামৰি পাকিস্তান, আফগানিস্তানৰ পৰা মুঠতে ডেৰ কোটি মান হিন্দু বিদেশী (নিশ্চয় আটাইখিনিয়েই হিন্দু ধৰ্মাৱলম্বী নহ’ব, তেওঁলোকৰ মাজত অন্য ঠাইৰ পৰা অন্য অমুছলমান ধৰ্মীয় লোকো থাকিব) অসমত (মন কৰিব, অসমত- ভাৰতত নহয়) এই সোমাওঁ সোমাওঁকৈ সীমান্তত ৰৈ আছে আৰু এইসকলৰ ভালেখিনিয়ে ইতিমধ্যেই দেশখনত-ৰাজ্যখনত প্ৰৱেশ কৰিছে। ওপৰত কৈ অহা বিলখন সাংবিধানিক নিয়মেৰেই সংসদত গৃহীত হৈ এখন আইন হ’ব আৰু হাতত গীতাখন লৈ ভাৰতত প্ৰৱেশ কৰা লোকখিনি অসমতেই সংস্থাপিত হ’ব। ২০২৫ চনত এই লোকখিনিক লগত লৈয়ে হিন্দু প্ৰাধান্য অমুছলমান লোক অসমত সংখ্যাগৰিষ্ঠ হ’ব।
এনে প্ৰচাৰ আৰু সম্ভাৱনাৰ মাজতে অসমৰ থলুৱা স্বদেশী লোকসকল আতংকিত হৈছে- জাতি, ভাষালৈ সংকট আহিব বুলিয়েই হওক বা ভাত-কাপোৰ-আশ্ৰয় আৰু কৰ্মসংস্থাপনৰ ক্ষেত্রত বৰ্তমানৰ বাসিন্দাসকলে ভাৰতলৈ- আচলতে ভাৰতৰে অংগৰাজ্য অসমলৈ- আহিবলৈ লোৱা বা ইতিমধ্যেই অহা জনসংখ্যাসমূহৰে সুতীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’ব লাগিব বুলিয়েই হওক। ৰাজ্যৰ নাগৰিকৰ মুখত অভিযোগ শুনিছোঁ- মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে দিয়া জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিচপুৰ দখল কৰাৰ পাছতেই জলাঞ্জলি দিছে। এই চুটি ৰচনাখনত আমি বস্তুগতভাৱে মন্ত্ৰী ড০ শৰ্মাৰ ভাষ্যটোৰ পৰিপ্ৰেক্ষিতত অসমৰ একাংশ নাগৰিক সমাজৰ এনে অভিযোগবোৰৰ ভিত্তিৰ সত্যতাকেই বিচাৰ কৰি চাব বিচাৰিছোঁ- হাতত গীতাখন লৈ কোনবোৰ লোক আচলতে অসমলৈকেই আহিবলৈ ভাৰত-বাংলা সীমান্তত ৰৈ আছে বা কোনবোৰ লোক ইতিপূৰ্বেই ৰাজ্যখনত আহি থিতাপি লৈছেহি! (আহিবলৈ ৰৈ আছে বুলি মই এই বাবেই প্ৰশ্ন তুলিছোঁ- অবৈধভাৱে এখন দেশৰ নাগৰিক অন্য এখন দেশত প্ৰৱেশ কৰিলে আৰু প্ৰৱেশ কৰাজনৰ অভিপ্ৰায় যদি প্ৰৱেশ কৰা দেশখনত স্থায়ীকৈ থাকি যোৱাৰ হয়, আকৌ বিষয়টোত চৰকাৰী সহায়-সহযোগ থাকে, কাইলৈ দেশখনত প্ৰৱেশ কৰিবলৈ ৰৈ থকাজনকো প্ৰৱেশ কৰাৰ পাছত দুটা বছৰ আগতেই প্ৰৱেশ কৰিছে বুলি দেখুৱাবলৈ বৰ বিশেষ অসুবিধা নহয়)। হাতত গীতাখনৰ লগতে নামঘোষা আদিও হাতত লৈ মূলতঃ ম্যানমাৰ আৰু বাংলাদেশ সীমান্তত অসমীয়াৰ কোন মিতিৰ বা বঙহ অসমত প্ৰৱেশ কৰিবলৈ প্ৰকৃততে ৰৈ আছে বা ইতিমধ্যেই প্ৰৱেশ কৰিছে! তেওঁলোকৰ ক্ষেত্রত কিয় অসম চুক্তিৰ ১৯৭১ বা সঘনেই উচ্চাৰিত ১৯৫১ বা ১৮২৬ আদি ভিত্তিবৰ্ষবোৰ প্ৰযোজ্য নহ’ব!
প্ৰথমতেই চমুকৈ উনুকিয়াই থ’ব খুজিছোঁ- বাংলাদেশ আৰু পাকিস্থানৰ পৰা প্ৰব্ৰজিত হিন্দু বাংলাদেশীক (২৫ মাৰ্চ, ১৯৭১ৰ পিছত অহাসকলকো) ভাৰতত বসবাসৰ নিয়মীয়াকৰণৰ বাবে ৭ ছেপ্টেম্বৰ, ২০১৫ তাৰিখে কেন্দ্ৰীয় চৰকাৰে Passport (Entry into India) Act, 1920 আৰু Foreigners Act, 1946 আইন দুখনৰ আধাৰত জাৰি কৰা অধিসূচনা এখনৰ প্ৰসংগতেই নাগৰিকত্ব (সংশোধনী) বিধেয়কখনৰ প্ৰসংগ আজি উত্থাপিত হৈছে। অধিসূচনাখনৰ বক্তব্য ইতিমধ্যেই সকলোৰে বাবে স্পষ্ট ।
স্বাভাৱিকতেই অধিসূচনাখনৰ বক্তব্যক লৈ আৰু কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব (সংশোধনী) বিলখনৰ যো-জা তথা বিষয়টোত ৰাজ্য চৰকাৰৰ ভূমিকাক লৈ সকলো শ্ৰেণীৰ অসমীয়া আৰু অসমবাসী জাঙুৰ খাই উঠিব লগীয়াই। ভাৰতীয় সংবিধানে সমগ্ৰ ভাৰতবৰ্ষৰ বিদেশী বিতাড়নৰ বাবে Foreigners Act, 1946 মতে ১৯ জুলাই, ১৯৪৮ তাৰিখৰ সীমা নিৰ্ধাৰণ কৰিছে। কিন্তু অসম চুক্তি মৰ্মে অসমত বিদেশী বিতাড়নৰ শেষ সীমা ২৫ মাৰ্চ, ১৯৭১।
ইয়েই প্ৰমাণ কৰে- অসমে ইতিমধ্যেই দুটা দশকৰো অধিক কালৰ বিদেশীৰ বোজা বহন কৰি আছে, যিটো বোজা ভাৰতৰ আন কোনো ৰাজ্যই বহন কৰা নাই। এতিয়া আকৌ অধিসূচনাখন যোগে আৰু সংশোধনী বিলখনৰ জৰিয়তে ৩১ ডিচেম্বৰ, ২০১৪ তাৰিখলৈকে ভাৰতত প্ৰৱেশ কৰা অতিৰিক্ত বিদেশীৰ বোজা দিব বিচৰা হৈছে। এনেকুৱাতো নহয় যে অসমলৈ প্ৰব্ৰজন কেৱল বাংলাদেশৰ পৰাই হৈ আছে, ৰাজ্যখনলৈ প্ৰব্ৰজন অব্যাহত আছে ভাৰত-নেপাল, ভাৰত-বাৰ্মা সীমান্তৰেও।
এনেবোৰ পৰিপ্ৰেক্ষিতত এই গোটেই প্ৰক্ৰিয়াবোৰক ৰাজ্যবাসীয়ে অসমখনক বিদেশীৰ চৰণীয়া পথাৰ কৰি তোলাৰ দীৰ্ঘদিনীয়া এক ৰাষ্ট্রীয় ষড়যন্ত্ৰৰ অংশ বুলি ভবাৰ অনেক থল আছে। লগে লগে প্ৰশ্ন উত্থাপিত হ’ব ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষা আৰু প্ৰভুত্ব সন্দৰ্ভতো। এই সকলোবোৰ কথা স্বীকাৰ কৰিও এক ভিন্ন দৃষ্টিকোণৰ পৰা বিষয়টো এই ৰচনাখনৰ জৰিয়তে অলপ চালি-জাৰি চাব খুজিছোঁ।
কোচবিহাৰ, মৈমনসিং, ৰংপুৰ, চিলেটকে সামৰি অৰুণাচল, নাগালেণ্ডলৈকে বিস্তৃত অঞ্চল আছিল অসমৰ সীমা। ৰাজনৈতিক সুবিধাৰ বাবে ৬ ফেব্ৰুৱাৰি, ১৮৭৪ তাৰিখে বৃটিছে আধুনিক ভৌগোলিক অসমৰ জন্ম দিছিল। ১৬ অক্টোবৰ, ১৯০৫ তাৰিখে অসম আৰু পূৰ্ব বংগক একেলগ কৰি ভাৰতৰ ‘উত্তৰ-পূব প্ৰদেশ’ৰ জন্ম দিয়া হয়। যদিও ১৯১১ চনলৈকে এই উত্তৰ-পূব প্ৰদেশ ‘পূৰ্ব বংগ আৰু অসম’ নামেৰেই পৰিচিত হৈ ৰয়। ১৯১২ চনত আকৌ অসম নামেৰেই পৰিচিত হয়। এই ভৌগোলিক সীমাৰ পৰিসৰত বসবাস কৰা বিভিন্ন জাতি, ধৰ্ম আৰু বৰ্ণৰ লোকসকলক লৈয়েই গঢ়ি উঠিছিল অসমীয়া জাতি। সামন্ত যুগৰ পৰা ক্ৰমশঃ সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে গঢ় লৈ উঠা জাতিটোলৈ অশনি সংকেত নামি আহিছিল উনৈশ শতিকাৰ প্ৰথমাৰ্ধত মানৰ আক্ৰমণ আৰু বৃটিছ প্ৰশাসনৰ বিভাজনৰ ৰাজনীতিৰ ফলশ্ৰুতিত। ভাষা আৰু ধৰ্মকেন্দ্ৰিক সেই বিভাজনৰ ফলত জাতিটোৱেই থানবান হৈ যোৱাৰ উপক্ৰম ঘটিছিল।
লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী আদি এচাম উদাৰ দৃষ্টিভংগিৰ বৰেণ্য ব্যক্তিৰ নেৰানেপেৰা উদ্যোগত কুৰি শতিকাৰ চল্লিশৰ দশকৰ পৰা ষাঠীৰ দশকলৈ পুনৰ জাতিটোৰ একত্ৰীকৰণ আৰু পুনৰ্গঠনৰ পূৰ্ণ প্ৰচেষ্টা চলিছিল। পৰৱৰ্তী সময়ত ১৯৬০-ৰ ভাষা আন্দোলন, ১৯৬৫-ৰ ভাৰত-পাকিস্তান বিবাদ, ১৯৭২-ৰ মাধ্যম আন্দোলন আদিয়ে পুনৰবাৰ জাতিটোৰ মাজত ভাষাগত আৰু গোষ্ঠীগত বিভাজন তীব্ৰতৰ কৰি তুলিলে। যাৰ ফলত অসমীয়া জাতিটোৰ পৰিচয় আৰু ভৌগোলিক সীমা কুৰি শতিকাৰ শেষ দশকলৈ সংকুচিত হ’ল শদিয়াৰ পৰা ধুবুৰীলৈ, লখিমপুৰৰ পৰা হাইলাকান্দিলৈ।
কোচবিহাৰ, মৈমনসিং, ৰংপুৰ, চিলেটৰ পৰা আৰম্ভ কৰি অৰুণাচল, নাগালেণ্ডলৈকে বিস্তৃত তাহানিৰ অসমখনৰ ভৌগোলিক পৰিসীমা আৰু বেজবৰুৱা-অম্বিকাগিৰী, জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদ, সত্ৰাধিকাৰ দেৱগোস্বামীৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা উদাৰ অসমীয়া জাতিটোৰ স্মৃতিয়ে প্ৰতিটো মুহূৰ্তেই মোক আমনি কৰে। মোৰ দৰে অসম আৰু অসমীয়া জাতিক মনে-প্ৰাণে ভালপোৱা আৰু অসমী আইৰ বাবে প্ৰাণ আহুতি দিবলৈয়ো সাজু থকা প্ৰতিজন অসমবাসীক তাহানিৰ অসমখনৰ আৰু উদাৰ অসমীয়া জাতিটোৰ সপোনে যে হাতবাউল দি মাতে, সেইকথা মই পলে পলে হাড়ে-হিমজুৱে অনুভৱ কৰিব পাৰোঁ। দেশৰ প্ৰতি, জাতিটোৰ প্ৰতি অপৰিসীম এই ভালপোৱাই সমকালীন বাস্তৱতালৈ লক্ষ্য কৰিলে চকুৰ পানীৰে পাৰ ভঙা কান্দোনে বুকুখন হাহাকাৰ কৰি তোলে।
সেইবাবেই অলপ উভতি চাওঁ-
(ক) ১৭২৫ শক মানত ‘কমলেশ্বৰ সিংহ স্বৰ্গদেৱে পূৰ্ণানন্দ বুঢ়াগোঁহাই ডাঙ্গৰীয়া আৰু ভদৰি (ভদ্ৰকান্ত) বৰবৰুৱা আদি মন্ত্ৰীসকলেৰে পৰামৰ্শ কৰি ভগা দেশ পাতিবলৈ (মোৱামৰীয়া বিদ্ৰোহৰ ফলত ভাগি যোৱা দেশ ) বিশেষ যত্নবান হ’ল । যিবিলাক মানুহ ভাগি গৈছিল, বুঢ়াগোঁহাই ডাঙ্গৰীয়াই সিবিলাকক বিচাৰি গোটাই আনি পুনৰ সেই ঠাই আৰু খেলত পাতিলেহি; আৰু বিদেশলৈ যোৱাবোৰকো যত্নকৈ পুনৰ দেশলৈ অনালে। অনেক বিদেশত থাকিও আহিল। বিশেষকৈ চট্টগ্ৰাম অঞ্চলত ভালেখিনি আহোমৰ উচ্চ বংশজাত মানুহৰ সন্ততি থাকিল, সিবিলাকৰ অনেকেই এই দেশীয় বৰুৱা-ফুকনৰ সতি-সন্ততি। সিবিলাক আজিকালি যদিও বা “বৰুৱা” বুলি পৰিচিত, তেখেতসকলে কিন্তু বঙ্গালি বুলিহে নিজক পৰিচয় দিয়ে, বাস্তৱতে ই বৰ দুখৰ বিষয়। ‘ ( উৎস : গ্ৰন্থ –আহোমৰ দিন , গ্ৰন্থকাৰ- হিতেশ্বৰ বৰবৰুৱা, পৃষ্ঠা ২৫৬, প্ৰকাশক : অসম প্ৰকাশন পৰিষদ)
(খ) বদন বৰফুকনে মান আনি অসমত সুমুওৱাৰ আগতেই ‘… তিনিবাৰ তিনিখন দেশৰ মানুহ ব্ৰহ্মদেশলৈ যায়। প্ৰথমতে, মগধ দেশৰ মানুহবোৰ আৰাকানৰ ফালে গৈ বসতি কৰিলে …. দ্বিতীয়তঃ, “শাকীয়” বা “শাক্য” নামে ভাৰতৰ কেতবোৰ মানুহো সেই ব্ৰহ্মদেশলৈকে যায়। …তৃতীয়তঃ, “কপিলাবস্তু” নামে কেতবোৰ বৌদ্ধধৰ্মী মানুহো ভাৰতৰ পৰা ব্ৰহ্মদেশলৈ যায় ।’ (উৎস : গ্ৰন্থ – আহোমৰ দিন, গ্ৰন্থকাৰ – হিতেশ্বৰ বৰবৰুৱা, পৃষ্ঠা ২৭৪, প্ৰকাশক : অসম প্ৰকাশন পৰিষদ )
(গ) মানে অসম এৰি নিজ দেশ ব্ৰহ্মদেশলৈ উভটি যোৱাৰ চৰ্ত হিচাপে ‘ মানহঁতে চন্দ্ৰকান্ত সিংহক ৰাজ্য লৈ দিয়াৰ বাবে ৰজাৰ আইদেও এজনা আৰু অপৰিমিত ধন পুৰস্কাৰ খুজিলে। ….. চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে বদন বৰফুকনৰ লগত মন্ত্ৰণা কৰি মানৰ ৰজাৰ সৈতে মিত্ৰতা কৰিবৰ মনেৰে তুঙ্গখুঙ্গীয়া ফৈদৰ জাম্বৰ চাৰিং ৰজাৰ ডালৰ বগা কোঁৱৰৰ গাভৰু এজনক ৰজাৰ নিজৰ জীয়েক বুলি সালংকৃতাকৈ মানৰজা বডোফাইলৈ দি পঠাই মিত্ৰতা সংস্থাপন কৰিলে। এইজনা আইদেওৰ নামে হেমো আছিল; কিন্তু ঘৰত সকলোৱে ভামো বুলিহে মাতিছিল; গতিকেই সাধাৰণতে তেওঁক ভামো আইদেও নামেহে জনা যায়। …. অৱশেষত হেমো আইদেওক অনেক প্ৰকাৰে বুজনি দি, ককাইদেৱক বিহুৰাম তিপাম ৰজাই সৈতে অনেক মিতিৰ কুটুম্ব আৰু ভালেমান তেওঁৰ সমনীয়া ছোৱালী লগত দি মান দেশলৈ পঠাই দিলে। এইবিলাক মানুহৰ বাহিৰেও, আইদেওৰ লগত অনেক বন্দী বেটী গৈছিল; আৰু মান (বা ব্ৰহ্ম) দেশৰ ভৱিষ্যত ৰাজৰাণী বুলি আইদেওৰ সন্মানৰ অৰ্থে পাঁচ শ অসমীয়া ৰণুৱাক সপৰিবাৰে তেওঁৰ লগত পঠোৱা হৈছিল। ‘ (উৎস: গ্ৰন্থ — আহোমৰ দিন, গ্ৰন্থকাৰ–হিতেশ্বৰ বৰবৰুৱা, পৃষ্ঠা – ২৭৬–২৭৭, প্ৰকাশক — অসম প্ৰকাশন পৰিষদ)
(ঘ) ‘ইংৰাজ গ্ৰন্থকাৰে লিখা “The Silken East” নামেৰে পুথিত লিখিছে যে ব্ৰহ্মদেশৰ ভামো নগৰৰ ওচৰত চাম্পি নগৰ নামেৰে এখন পুৰণি এৰা নগৰ আছে; সেই এৰা নগৰৰ কাষেদি যিটো বাট আছে, সেই বাটেদি অলপ দূৰ গ’লেই উইথালী নামেৰে এখন ডাঙ্গৰ গাঁও পোৱা যায় । ব্ৰহ্মদেশৰ বডৌফাই ৰজাৰ দিনত … ভাগি অহা পাঁচ শ অসমীয়া সৈন্যৰ বংশ-পৰিয়াল উক্ত উইথালী গাঁৱত আছে। …বৰ্তমানত মগং নগৰত, আৰু তাৰ ওচৰৰ মহং, ইয়াথিৎ, কিয়াইংগালি, লাইচূন্, আৰু নংকাইকটু গাঁৱত অসমীয়া মানুহ আছে। টবঙ্গাচা-ই (তিপাম ৰজা-ই) বৰ্ত্তমান ভামো নগৰৰ উত্তৰে এখন গাঁৱ পাতিছিল, সেই গাঁৱতো অসমীয়া মানুহ আছে; “ভামোমেপায়া” (ৰাজমহিষী ভামো আইদেও) কুঁৱৰীৰ লগত অসমৰ পৰা যিবিলাক দাস-দাসী, মিতিৰ-কুটুম্ব ব্ৰহ্মদেশলৈ গৈছিল, সেইবিলাক অমৰাপুৰ ৰাজধানীৰ ওচৰত জিংগালিন্ নামেৰে গাঁৱত বাস কৰিছিল। আজিকালি সেই গাঁৱৰ নাম সম্ভৱতঃ চিংগাইং হৈছে। ব্ৰহ্মদেশলৈ যোৱা অসমীয়া মানুহবিলাকে ভালেমান দিনলৈকে নিজৰ জাতিৰ ভিতৰতেহে বিয়া বাৰু কৰাইছিল; কিন্তু এতিয়া অনেকেই শ্যান্ জাতিৰ লগত বিবাহাদি কৰিবলৈ লৈছে। যেতিয়া ব্ৰহ্মদেশৰ ৰাজধানী অমৰাপুৰৰ পৰা মাণ্ডালয় নগৰলৈ নিয়া হয়, তেতিয়া তাত অসমীয়াবিলাকৰ তিনিখন কোৰ্ট বা “মেলৰ ঠাই” আছিল : ১ম “ভামো মেপায়া” ৰাণীৰ মেল, ২য় টবঙ্গাচা মন্ত্ৰীৰ মেল (তিপাম ৰজাৰ) আৰু ৩য় মলোমিনৰ মেল (ধনীৰাম গোঁহাইৰ)। ….. বৰ্তমান মাণ্ডালয় নগৰৰ উত্তৰে “মাদৈ মেপায়া” কুঁৱৰীৰ নামেৰে নগৰ আছে (মাদৈ মেপায়া আছিল টবঙ্গাচা ওৰফে তিপামৰ ৰজাৰ ডাঙৰ কন্যা), সেই নগৰখনক আজিকালিও Madaya বা “মাদৈ” বোলে। … মাণ্ডালয় নগৰৰ উত্তৰ পশ্চিমে “আইদেও” নামে যিখন ঠাই আছে, তাত হেনো ভালেমান অতি সুন্দৰী অসমীয়া কুঁৱৰী আছিল । ….শেহৰবাৰ মানৰ আক্ৰমণত দুহেজাৰমান মানসেনাই প্ৰায় ন-হেজাৰমান আমাৰ দেশী ধুনীয়া তিৰুতা লৈ ব্ৰহ্মদেশলৈ উলটি যায়। এইবিলাকৰ সতি-সন্ততিক এতিয়া অসমীয়াৰ সন্তান বুলি চিনিব নোৱাৰি। ‘ (উৎস : গ্ৰন্থ- আহোমৰ দিন, গ্ৰন্থকাৰ- হিতেশ্বৰ বৰবৰুৱা, পৃষ্ঠা- ২৭৯-২৮০, প্ৰকাশক- অসম প্ৰকাশন পৰিষদ)
(ঙ) ‘এইবাৰ মানহঁত দেশলৈ উলটি যাওঁতে ( ১৭৪০ শকৰ ২য় বাৰৰ আক্ৰমণৰ পাছত) আমাৰ দেশৰ পৰা ভালেখিনি মতা মানুহ, আৰু বহুত সুন্দৰী সুন্দৰী গাভৰু তিৰোতা লগত লৈ গ’ল । ‘ ( উৎস : গ্ৰন্থ- আহোমৰ দিন, গ্ৰন্থকাৰ- হিতেশ্বৰ বৰবৰুৱা, পৃষ্ঠা ২৮৮ )
(চ) ‘… এই সময়ত (মানৰ আক্ৰমণৰ সময়ত) আমাৰ দেশৰ পৰা ভাগি পলাই যোৱা অনেক লোকৰ সন্তান-সন্ততি এতিয়াও বঙ্গালদেশৰ নানা ঠাইত পোৱা যায়।’ (উৎস: গ্ৰন্থ- আহোমৰ দিন, গ্ৰন্থকাৰ- হিতেশ্বৰ বৰবৰুৱা, পৃষ্ঠা ২৯৮)
ওপৰৰ তথ্যখিনিৰ পৰা এয়া সহজে অনুমেয় যে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আৰু মানৰ আক্ৰমণৰ সময়ত বাংলাদেশ আৰু ম্যানমাৰলৈ বহু অসমীয়া মূলৰ লোক প্ৰব্ৰজিত হৈছিল আৰু পৰৱৰ্তী সময়ত এইসকল লোকৰ অধিকাংশই এই চুবুৰীয়া ৰাষ্ট্ৰ দুখনত স্থায়ীভাৱে থাকিবলৈ লৈছিল। উল্লেখৰ নিষ্প্ৰয়োজন, কালক্ৰমত এইসকল লোকে অসম মূলৰ বা অসমীয়া মূলৰ হৈয়ো অসমীয়া জাতিৰ স্বকীয় পৰিচিতি হেৰুৱাইছে, যিটো অত্যন্তই স্বাভাৱিক। ওপৰৰ তথ্যখিনিতেই এইটোও স্পষ্ট, অকলে অসম নহয় ভাৰতৰ অন্য ঠাইৰ পৰা বহু বৌদ্ধধৰ্মী লোকৰো প্ৰব্ৰজন সেই দেশসমূহলৈ ঘটিছিল। বৌদ্ধধৰ্মী লোকৰ প্ৰব্ৰজন যে ওপৰত কৈ অহা ঠাইসমূহৰ পৰাই ঘটিছিল তেনে নহয়, অসমৰ গোৱালপাৰা জিলাৰ মুখ্যতঃ সূৰ্য পাহাৰ এলেকাৰ লগতে পাগলাটেক, যোগীঘোপা, পঞ্চৰত্ন তথা হাজো, গৰমৌ, মদন-কামদেৱ, অভয়াপুৰী, প্ৰতাপগড়, দ-পৰ্বতীয়া, গোলাঘাট আৰু গুৱাহাটীৰ কামাখ্যা, শুক্ৰেশ্বৰ, ওদালবাক্ৰা আদি বিভিন্ন অঞ্চলৰ পৰাও তেৰ শতিকামানলৈ তিব্বত, ভূটান আৰু ম্যানমাৰলৈ হিন্দু বা বৈদিক ধৰ্মৰ উত্থানৰ পৰিণতিতেই বৌদ্ধধৰ্মী লোকৰ সাংঘাতিক প্ৰব্ৰজন ঘটিছিল। যদিও ৰাজনৈতিকভাৱে অসমখন অশোক আৰু কনিষ্কৰ সাম্ৰাজ্যৰ অন্তৰ্গত নাছিল ওপৰত উল্লিখিত অসমৰ স্থানসমূহে বৌদ্ধধৰ্মীয় সাম্ৰাজ্যৰ অলেখ চানেকি বহন কৰে। গোৱালপাৰাৰ সূৰ্য পাহাৰতেই কেৱল বিভিন্ন আকাৰ আৰু আকৃতিৰ ২৫টা বৌদ্ধ-স্তূপ আছে । এইবোৰ বিষয় সম্পৰ্কত গৱেষণা খুব কম হৈছে। নেহু (North East Hills University) ৰ অধীনত এগৰাকী অধ্যাপিকাই ইতিমধ্যে অসমত বৌদ্ধধৰ্মীৰ ইতিহাস সম্পৰ্কে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে যদিও এইবিষয়ে যথেষ্ট গৱেষণাৰ থল এতিয়াও আছে। অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীয়ে তেখেতৰ ‘Hidden Traces of Buddhism in Assam’ শীৰ্ষক গৱেষণামূলক ৰচনাখনত প্ৰাচীন কামৰূপত খৃষ্টাব্দ ৫০০ৰ পৰা খৃষ্টাব্দ ৭০০লৈ বৌদ্ধ ধৰ্মৰ সমৃদ্ধিৰ যুগ চলিছিল বুলি কৈছে। ৰচনাখনতেই তেওঁ লিখিছে- ‘…one is the Janardana image at Guwahati, just on the Brahmaputra, below the Sukreswar Hills. It is regarded as an image of a ‘Dhyani Buddha’ by many….Sir Edward Gait cites Dr. Bloch as the authority who thinks the ‘Murti” as that of the ‘Man-Lions”, Narasimha. But the characteristic posture of lower hand is that of a ‘Dhyani Buddha’ … and at Hajo there is a family who keeps this secret, and is known on that accounts as ‘Visvasi” … but it is known that the inner rock image is covered by a layer of plaster of special preparation; and repairs to this layer are to be occasionally done by the members of this visvasi family. It is not improbable that under a layer of plaster which depict the ‘Haya-griva” (or the man-lion, as has been thought) there shine the beautifully composed features of a Dhyani Buddha …..
Near Sorbhog railway station on the E. B. Railway in Barpeta sub-division , there is a ‘Than’ or sacred place called ‘Gorakhiya Gosai Than’, the abode of the God of common people. Here the priest belongs to the Koch caste though the God is held in high reverence by all castes, including Brahmanas. Similar thans are common all over Kamrupa, though without a priest. The word ‘Gorakhiya” literally means cowkeeper; but by transference it signifies common people.
Other tradition about Hindu shrines having built over Buddhist ones ascribe the Kamakhya and many other temple of Buddhism …. Major Hannay, who made extensive tour of the Sadiya consnty is opinion that he found many Buddhilic ruins in that parts.
All these do show clear and distinct Buddhistic influence in Assam, even to a over critical mind.’
উল্লেখৰ প্ৰয়োজন, ১৯৩২-৩৩ চন মানত পূৰ্ণকান্ত বুঢ়াগোহাঁই নামৰ ব্যক্তি এগৰাকীয়ে ব্ৰহ্মদেশৰ অসমীয়া গাঁৱৰ সন্ধানত ব্ৰহ্মদেশ বা ম্যানমাৰলৈ গৈছিল। পিছলৈ তেওঁ ‘আৱাহন’ৰ পাতত ‘ব্ৰহ্মদেশত অসমীয়া গাঁও আৰু অসমীয়া পুথি’ শীৰ্ষক এটা লেখাও লিখিছিল। ১৮৮৫ শকৰ আহাৰ মাহৰ ‘আৱাহন’ৰ সংখ্যাত এই লেখাটো প্ৰকাশ পাইছিল। তেওঁ ব্ৰহ্মদেশলৈ গৈ স্বচক্ষে দেখা অভিজ্ঞতাৰ পৰা লিখা লেখাটোত লিখিছে- ব্ৰহ্মদেশত তিনিখন অসমীয়া গাঁও আছে। এই গাঁও তিনিখন হ’ল- ব্ৰহ্মদেশৰ মগং মহকুমাত থকা ইয়োয়ি নেদি, নংমৌ আৰু মহং। ইয়াৰে ইয়োয়ি নেদি গাঁৱত আহোম, চুতীয়া, কছাৰী আদি সম্প্ৰদায়ৰ লোক আছে। নংমৌ গাঁৱত আছে আহোম, চুতীয়া, কছাৰী, মটক, কোঁচ, বামুণ আদি সম্প্ৰদায়ৰ লোক। আনহাতে মহং গাঁৱত আছে মটক, কছাৰী আৰু মহং সম্প্ৰদায়ৰ লোক। পূৰ্ণকান্ত বুঢ়াগোহাঁইৰ ব্ৰহ্মদেশ ভ্ৰমণৰ সেই সময়ত এই তিনিখন গাঁৱৰ প্ৰায় কুৰিগৰাকী লোকে অসমীয়া ভাষা আংশিকভাৱে জানিছিল বুলি তেওঁ উল্লেখ কৰিছে, যিসকলৰ বয়স সেই সময়তে আশীৰ পৰা নব্বৈ বছৰ আছিল। বুঢ়াগোহাঁইয়ে নংমৌ গাঁৱৰ নামঘৰত একাদশ স্কন্ধ ভাগৱত, অষ্টাদশ স্কন্ধ ভাগৱত আৰু ত্ৰয়োদশ স্কন্ধ ভাগৱত দেখিবলৈ পাইছিল। সেইসমূহ শ্যাম কাকত আৰু সাঁচিপাতত লিখা আছিল। একাদশ স্কন্ধ ভাগৱতখন শ্যাম কাকতত স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনত শ্ৰীনৰোত্তম দেৱৰ বৰ ভাৰ্যায়ে লিখিছিল (শ্ৰীনৰোত্তম দেৱৰ বৰভাৰ্য্যায়ে লিখিতং) । বুঢ়াগোহাঁয়ে অনুমান কৰা মতে শ্যাম কাকতত লিখা একাদশ স্কন্ধৰ ভাগৱতখন শ্ৰীৰাম আতাৰ শিষ্য নক্তেৰ নৰোত্তমৰ ভাৰ্যায়ে লিখি উলিয়াইছিল। কাৰণ, এই ভাগৱতখন বন্ধা সূতাডাল নগা মাঁকোৰে বোৱাৰ দৰে আছিল। বুঢ়াগোহাঁয়ে হেনো গাঁওসমূহত মাধৱদেৱৰ ‘নামঘোষা’ আৰু ‘হনুমন্তি টীকা’ৰে গীতা পুথিখনো দেখা পাইছিল। একেটা লেখাতে ব্ৰহ্মদেশৰ মাণ্ডালয়ৰ বৃহৎ ডনাজান গাঁও আৰু ভানুৰ ওচৰত এখন অসমীয়া গাঁও আছে যদিও তালৈ বুঢ়াগোহাঁয়ে যাব পৰা নাছিল বুলিও উল্লেখ কৰিছে।
১৭৮০ চন মানত কাছাৰৰ ৰজা কৃষ্ণচন্দ্ৰৰ ৰাজত্বৰ সময়ত অবিভক্ত লখিমপুৰ জিলাৰ মায়ামৰা সত্ৰৰ কিছু প্ৰজাই আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি কছাৰী ৰাজ্যত আশ্ৰয় লৈছিল। বিদ্ৰোহত আহোম ৰজা গৌৰীনাথ সিংহ পৰাজিত হয় যদিও মায়ামৰীয়া (মোৱামৰীয়া) বিদ্ৰোহীৰ এটা অংশই তেতিয়াৰ বংগৰ নামকটা চিপাহী আৰু লুণ্ঠনকাৰী এদল বিদ্ৰোহীৰ লগ লাগিছিল। সেই নামকটা চিপাহীৰ সহযোগতেই অবিভক্ত লখিমপুৰ জিলাৰ চুতীয়াসকলৰ বসতি তেতিয়াৰ অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ববংগত (বৰ্তমানৰ বাংলাদেশত) গঢ় লৈ উঠে। ওপৰৰ তথ্যতো এয়া স্পষ্ট যে মোৱামৰীয়া বিদ্ৰোহৰ বাদেও মানৰ আক্ৰমণৰ ফলতো আজিৰ বাংলাদেশলৈ অসমীয়া মূলৰ লোকৰ প্ৰব্ৰজন ঘটিছিল। এই দুইটা কাৰণতে প্ৰব্ৰজন ঘটা অসমীয়া মূলৰ লোকসকল বৰ্তমানৰ বাংলাদেশৰ সুৰমা উপত্যকাৰ বগাইতুৰুং, বিজয়পৰোৱা, ঘুনিৰবান, বৰিগাঁও, লাকৰপাৰ, জাপলুং, বাউৰভাগ, চৈলাচল, জীৱনপুৰ, কলাইআগ, ইছামতি, বৰহম, হিজপুৰ আদি গাঁওসমূহত দেশ বিভাজনৰ ফলত (১৯৪৭ চনৰ) ৰৈ যায়। এওঁলোক মূলতঃ চুতীয়া সম্প্ৰদায়ৰ লোক। পিছলৈ বাংলাদেশ জন্মৰ পিছত এই গাঁওসমূহৰ অনেক অসমীয়া মূলৰ লোক ঢাকাৰ পিনে গুচি যায় বুলি জনা যায়। ঢাকাৰ ওচৰে-পাঁজৰে সংস্থাপিত হোৱাত তেওঁলোকক মূলতঃ ভাৰতীয় মূলৰ ব্ৰাহ্মণ আৰু কায়স্থ লোকসকলে সহযোগিতা কৰে বুলিও জানিব পৰা যায়।
প্ৰাচীন কামৰূপৰ সৈতে জয়ন্তীয়া ৰাজ্যৰ জৰিয়তে অন্য এক সংযোগো বৰ্তমানৰ বাংলাদেশৰ চিটাগঙৰ আছে, যাৰ বাবে চিটাগং অঞ্চলত বসবাস কৰা জনজাতীয় ঠাঁচৰ (অসমীয়া মূলৰ) লোকখিনিক জয়ন্তীয়া-চুতীয়া বা পাটৰ-চুতীয়া বুলি ভবা হয়। সেই সংযোগৰ চমু বিৱৰণো ইয়াত অতি চমুকৈ দাঙি ধৰাৰ প্ৰয়াস কৰিলোঁ। প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথৰ ‘Background of Assamese Culture’ গ্ৰন্থখনৰ মতে ৬০৭ চন মানৰ পৰা ১৩০৪ চনলৈকে জয়ন্তীয়া ৰাজ্যত পাটৰ-চুতীয়াসকলে শাসন কৰিছিল। জয়ন্তীয়াৰ পাটৰ-চুতীয়া বংশৰ প্ৰথম ৰজা আছিল হটক। জয়ন্তীয়াত কামৰূপৰ অধিপতিৰ ৰাজপ্ৰতিনিধিৰূপে ৰাজত্ব কৰা কৃশকৰ সন্তান আছিল এই হটক। হটকে কামৰূপৰ কামাখ্যা মন্দিৰৰ আৰ্হিত তেওঁৰ ৰাজ্যত গ্ৰীভ কামাখ্যা মন্দিৰ আৰু হটকেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। চুতীয়াসকলৰ কেঁচাইখাতীৰ আৰ্হিত জয়ন্তীয়াসকলে জয়ন্তী দেৱীৰ পূজা কৰিছিল। হটকে বিয়া কৰাইছিল কামৰূপৰ ৰাজকুমাৰীক। হটকৰ পুত্ৰৰ নাম আছিল গুহক। গুহকেও কামৰূপৰ ৰাজকুমাৰীক বিয়া পাতিছিল। গুহকৰ তিনিজন পুত্ৰ আৰু দুগৰাকী জীয়ৰী আছিল। প্ৰথমা জীয়াৰী শেলা (ছেলা) অবিবাহিতা আছিল। এই শেলাৰ নামৰ পৰাই শেলাহাট (ছেলাহাট) আৰু পিছলৈ ছিলেট নামৰ উৎপত্তি হয় বুলি কথিত আছে। গুহকে তেওঁৰ ৰাজ্যখন তিনিজন পুত্ৰৰ মাজত ভগাই দিছিল । বৰপুত্ৰ জয়ন্তৰ ভাগত পৰিছিল পাহাৰীয়া অঞ্চল। মাজুপুত্ৰ গুৰকে লাভ কৰিছিল বন্দৰসহ দক্ষিণৰ সমভূমি অঞ্চল। সৰু পুত্ৰ লাৰকে লাভ কৰিছিল দক্ষিণ-পশ্চিম অঞ্চলটো। এই দক্ষিণ-পশ্চিম অঞ্চলৰ (বৰ্তমানৰ বাংলাদেশৰ) দক্ষিণ অঞ্চলটোতে বিভিন্ন সময়ত সেই অঞ্চললৈ প্ৰব্ৰজন ঘটা চুতীয়াসকলে বাস কৰিছিল। পিছলৈ চুতীয়াসকলৰ বসবাস ক্ৰমেই চুতীয়া শব্দটোৰ অপভ্ৰংশ হৈ সেই ঠাইৰ নাম চিটাগং হয় বুলি কোৱা হয়।
এই গোটাচেৰেক বিৱৰণৰ পৰা নিশ্চয়কৈ পতিয়ন যাব পাৰি- হাতত গীতা, একাদশ স্কন্ধৰ ভাগৱত বা নামঘোষাখন লৈ নিশ্চয়কৈ এইসকল অসম আৰু অসমীয়া মূলৰ লোক আজি সেই ৰাষ্ট্ৰবোৰত একমাত্ৰ ধৰ্মটোৰ বাবেই নিৰ্যাতিত হোৱাৰ সময়ত তেওঁলোকে শিপালৈ, ভাৰতলৈ, নিজৰ অসমখনলৈকেই উভটি চাব আৰু নিৰাপত্তাৰ খাতিৰতে ইয়ালৈ আহিবলৈ বিচাৰিব বা ইতিমধ্যেই আহিছে। একেদৰে অসমকে ধৰি ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা কে’বাযুগো আগতে প্ৰব্ৰজিত বৌদ্ধধৰ্মীসকলৰ ক্ষেত্ৰতো একেই কথা। অসম আৰু অসমীয়া মূলৰ, গৌতম বুদ্ধৰ মূলৰ ভাৰতীয়সকলৰ সমুখত ইয়াৰ বাহিৰে কোনো বিকল্পও নাই। গতিকে মানৱতাৰ খাতিৰত চাবলৈ গ’লে লগতে এই মূল-সংযোগৰ বিবেচনাৰে ভাৰতে (কাজেই অসমে) এইসকল লোকক সংস্থাপিত কৰিব লাগে আৰু ভাৰতীয় নাগৰিকত্বও পাৰিলে দিব লাগে। কিন্তু আমাৰ সেই সক্ষমতা আছেনে সেয়াও চাব লাগিব। চৰুত চাউলেই যদি নাই দুপৰীয়াৰ অতিথিক মিছাতে ভকতি দেখুৱালে হ’ব জানো! অসম আৰু অসমীয়া মূলৰ, ভাৰতীয় মূলৰ এই লোকসকলৰ সৈতে আজিৰ অসমীয়া আৰু ভাৰতীয়ৰ তেজৰ সম্পৰ্ক আছে, আৱেগিক সম্পৰ্ক আছে- এয়া অস্বীকাৰ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। ইতিমধ্যেই এইসকল লোকৰ পূৰ্বপুৰুষে অশেষ জীয়াতু ভুগি কিছুমান ৰাজনৈতিক দুৰ্ঘটনাক্ৰমে নিজৰ দেশ, নিজৰ জাতিৰ পৰা ছিন্নমূল প্ৰায় হৈ থৈছে। তাৰপিছত আজি আকৌ নতুন যুগৰ নতুন প্ৰজন্মসকলে সেই ৰাষ্ট্ৰবোৰত ধৰ্মীয় উৎপীড়নৰ সন্মুখীন হৈছে। এয়া এক অত্যন্ত হৃদয় বিদাৰক কথা। এই মুহূর্তত ভাৰতে, অসমে তেওঁলোকলৈ সহমৰ্মিতাৰ দৃষ্টিভংগিৰে চাব লাগিব। এইখিনিতেই থলুৱা অসমীয়া লোকসকলৰ প্ৰতি ভাৰত চৰকাৰৰ দায়িত্বৰ প্ৰসংগটো আহিব। এয়া অস্বীকাৰ কৰি লাভ নাই যে ভাৰত ৰাষ্ট্ৰই যিখিনি মানুহক সংশোধনী বিধেয়কখনৰ আওতাৰে আঁকোৱালি ল’ব বিচাৰিছে, এমুঠিমান অতি অসমীয়াই তাৰ প্ৰতিবাদ বা বিৰোধ কৰিব পাৰিব, কিন্তু ভাৰত ৰাষ্ট্ৰৰ সেই কামক প্ৰতিহত বা বন্ধ কৰিব নোৱাৰে। এয়া দিনৰ পোহৰৰ দৰে সত্য। উচ্চতম ন্যায়ালয়ত আইন হ’লে প্ৰত্যাহ্বান জনাব পৰা যাব আৰু উচ্চতম ন্যায়ালয়ে সাংবিধানিক বহুত্ববাদ আৰু সহাৱস্থান নীতিৰ স্বাৰ্থতে আইনখন নাকচ কৰিব বুলি বিশ্বাস আছে। কিন্তু এই গোটেই সময়ছোৱাত লুইতৰ বুকুৱেদি বহু পানী বাগৰি যাব। তেতিয়ালৈ অসমত থলুৱা অসমীয়াৰ জ্বলাকলাৰ শেষ নহ’বগৈ। সেয়েহে এইদৰে ভবাৰ গত্যন্তৰ নাই যে সকলোকে একেলগে লৈ আমি আগ বাঢ়িব লাগিব। তাৰ মাজেৰেই জাতিও সুৰক্ষিত কৰিব লাগিব, ভাষা-সংস্কৃতিও সুৰক্ষিত কৰিব লাগিব, সুৰক্ষিত কৰি ৰাখিব লাগিব খিলঞ্জীয়াৰ স্বাৰ্থও। নিশ্চিতভাৱে ইয়াৰ বাবে লাগিব কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে চৰকাৰী পক্ষৰ ৰাজনৈতিক সদিচ্ছা, আৰু জাতিটোৰ প্ৰতি, ভাষাটোৰ প্ৰতি, থলুৱা লোকৰ প্ৰতি প্ৰচণ্ড দায়িত্ববোধ। আৰু এই দায়িত্ববোধৰ প্ৰমাণ দিব লাগিব অচিৰেই আইনী নিয়ম-কানুনৰ মাজেৰে চৰকাৰী পক্ষই জাতি-মাটি-ভাষা-সংস্কৃতি সুৰক্ষিত কৰি। প্ৰতিজন থলুৱাই এই সুৰক্ষিত অনুভৱ কৰাটো নিশ্চিত কৰাৰ দায়িত্ব আজিৰ তাৰিখত সম্পূৰ্ণৰূপে সোণোৱাল চৰকাৰৰ। লগতে দায়িত্ব থাকিব প্ৰতিজন অসমীয়াৰ আৰু অসমবাসীৰো। বাস্তৱতাক স্বীকাৰ কৰি আমি ভাবিব লাগে- যিকোনো পৰিপ্ৰেক্ষিততে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ, জাতি-মাটি-ভাষা-সংস্কৃতি সুৰক্ষিত কৰিবলৈ সময়ৰ এই কেঁকুৰিটোতে চৰকাৰৰ পৰা চৰ্তসমূহ কেনেকৈ আদায় কৰিব পাৰি।
কিন্তু দুৰ্ভাগ্যজনক কথা, ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪-ৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বে ১৬ মে’ত বাংলাদেশীয়ে অসমৰ পৰা টোপোলা বান্ধিব লাগিব বুলি কৈছিল। কাৰ্যক্ষেত্ৰত তাৰ প্ৰতিফলন হ’লে আজিলৈ দেখা নগ’ল। এনেকি বাংলাদেশ ভ্ৰমণৰ সময়তো মোদী ডাঙৰীয়াই বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰে কে’বাখনো চুক্তি স্বাক্ষৰ কৰিলে, অথচ অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰী সমস্যাটোৰ বিষয়ে চুক্তিৰ কথাটো বাদ, প্ৰসংগটোকেই ঘূণাক্ষৰেও নুলিয়ালে। তাতোকৈ তাৎপৰ্যপূৰ্ণ এয়া যে ভাৰতস্থিত বাংলাদেশৰ চৰকাৰী কৰ্তৃপক্ষই সংবাদ মাধ্যমযোগে বাৰম্বাৰ অসমলৈ বা ভাৰতলৈ বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশক মুকলিকৈয়ে অস্বীকাৰ কৰি আহিছে। কেৱল অস্বীকাৰেই নহয়, এখোজ আগুৱাই তেওঁলোকে এয়াও কৈছে যে ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে অবৈধ অনুপ্ৰৱেশকাৰী বা বিদেশীৰ প্ৰসংগটো বাংলাদেশ চৰকাৰক কেতিয়াও অৱগত কৰা নাই। কিন্তু ইয়াৰ বিপৰীত ছবিখন চাওক- মাত্ৰ কেইদিনমান পূৰ্বে বাংলাদেশ চৰকাৰৰ মন্ত্ৰী-আমোলাই ভাৰতলৈ আহি দিল্লীত আনুষ্ঠানিকভাৱেই ভাৰতৰ প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াক লগ কৰি অসমত চলি থকা এন আৰ চিৰ উন্নীতকৰণক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। বাংলাদেশ চৰকাৰৰ এই উদ্বিগ্নতাৰ কাৰণ বুজিবলৈ কাৰোৰে আৰু বাকী নাই। অত্যন্ত দুখজনক কথা এয়েই যে নিজৰ ভূখণ্ড আৰু নাগৰিকক লৈ নিৰ্বাচনী চমকৰ বাদে এইখিনি সহানুভূতি আৰু দায়বদ্ধতাৰ প্ৰমাণ দিয়াত ভাৰতৰ নতুন নায়ক নৰেন্দ্ৰ মোদী ব্যৰ্থ হ’ল।
আমি যদি বৃহত্তৰ অসমীয়া জাতি গঠনৰ উপাদান, জাতীয় উদাৰতা আৰু জাতীয় বিকাশৰ দিশটোলৈ লক্ষ্য কৰোঁ, দেখিম- অতীজৰে পৰা বিভিন্ন সময়ত বাহিৰৰ পৰা বিভিন্ন সম্প্ৰদায়ৰ লোক অসমলৈ আহি ইয়াত থিতাপি লৈ ইয়াৰ ভাষা-সংস্কৃতিক আঁকোৱালি লৈ অসমীয়া জাতিক সমৃদ্ধিশালী কৰিছে। অসমীয়া জাতি গঠন প্ৰণালী সম্পৰ্কত অসমীয়া সাহিত্য সভাৰ সপ্তম অধিৱেশনৰ (গুৱাহাটী, ১৯২৪) সভাপতিৰ অভিভাষণত লক্ষ্মীনাথ বেজবৰুৱাই কৈছে- “…আৰু এইদৰে পিছৰ কালডোখৰতো, আনকি আজিলৈকে অসমীয়া জাতিৰ বৰজালখন গোঁঠা হৈ আহিব লাগিছে। কনৌজীয়া, হিন্দুস্থানী, পঞ্জাৱী, বঙালী, উৰিয়া, নেপালী, গুজৰাটী আদিৰ পাছ ধৰি অসমীয়া জাতিৰ কলেৱৰ বৃদ্ধি হোৱাটো কোনে নাজানে? কত বিজয়ী আহোম বংশৰ মানুহ, কত চিংফৌ, মৰাণ, নগা, মিকিৰ, মিৰি, দফলা, গাৰো লাহে লাহে হিন্দু ধৰ্ম আৰু হিন্দুৰ প্ৰভাৱৰ ভিতৰলৈ আহি কোঁচ-কেওট আদি জাতিৰ ভিতৰত সোমাই চিন নাইকিয়া হৈ একেবাৰেই অসমীয়া হিন্দু হৈ অসমীয়া জাতি পৰিপুষ্ট, বলিষ্ঠ কৰিছে- তাৰ সীমা-সংখ্যা নাই।”
বেজবৰুৱাৰ এই সংমিশ্ৰিত আৰু সমন্বিত জাতি গঠন প্ৰক্ৰিয়াৰ ব্যাখ্যাৰ আধাৰতেই জ্যোতিপ্রসাদ আগৰৱালায়ো কৈছে-“অসমৰ বুৰঞ্জীয়ে দেখুৱাইছে যে অসমীয়া জাতিটো ভাৰতৰ আন আন প্ৰদেশৰ পৰা অহা নানা ভাৰতবাসী মানুহৰ সোঁত আৰু অসমৰ থলুৱা মানুহৰ নানা উপজাতি লগ খাইহে বৰ্তমানৰ এই অসমীয়া জাতি হৈছে। অসমীয়া জাতি এটা সংমিশ্ৰণৰ পৰা হোৱা জাতি। সেইকাৰণে আমি চেষ্টা কৰি সেই সংমিশ্ৰিত অসমীয়া জাতিটোৰ কলেৱৰ- বৰ্তমান অহা আন আন জাতিৰ মানুহক জীণ নিয়াই বঢ়াব পাৰোঁ। ই বুৰঞ্জীসিদ্ধ। সেইকাৰণে নিঃসন্দেহে আমি কামত লাগিব পাৰোঁ।” (উৎস : নতুন দিনৰ কৃষ্টি, জ্যোতিপ্ৰসাদ ৰচনাৱলী, পৃষ্ঠা ৪৬২)। বেজবৰুৱা আৰু জ্যোতিপ্ৰসাদৰ বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণ, সমন্বয় আৰু সংহতিৰ মাজেৰে বৃহত্তৰ অসমীয়া জাতি গঠনৰ এই সুদূৰপ্ৰসাৰী ধাৰণা-বিশ্লেষণ গণতান্ত্ৰিক আৰু প্ৰগতিশীল চিন্তাৰ পৰিচায়ক। একৈশ শতিকাৰ এই দূৰন্ত সময়ত তথা প্ৰতিদিনৰ নিত্য নতুন ভাবুকিবোৰৰ সন্মুখীন হৈ পৃথিৱীৰ যিকোনো এমুঠি মানুহে ক্ষুদ্ৰ পৰিসৰত সকলোৰে পৰা আঁতৰত একাষৰীয়াকৈ টিকি থকা আৰু সম্ভৱ নহয়। এটা বিশ্বমুখী মন লৈ আজিৰ অসমীয়াই বৃহত্তৰ অসমীয়া জাতি গঠনৰ ভেটি সবল কৰি আৰু অদ্যাৱধি অসমাপ্ত জাতি গঠনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি ভাৰতীয় ঐক্যৰ পটভূমি ৰচনা আৰু ভাৰতীয় মহাজাতিৰ সমবায় সম্ভৱ কৰি তোলাটোহে প্ৰকৃততে জাতিটোৰ উত্তৰণত সহায়ক হ’ব। একেসময়তে আমি হাড়ে-হিমজুৱে উপলব্ধি কৰিব লাগিব-
‘বিশ্ববৈচিত্ৰ্য ৰক্ষা কৰিবলৈ আমি আমাৰ অসমীয়া সভ্যতা-সংস্কৃতি ৰক্ষা কৰিবলৈ যি চিন্তা বা কৰ্ম কৰিম সি সংকীৰ্ণ প্ৰাদেশিকতা হ’ব নোৱাৰে। কিন্তু আমি যদি আমাৰ সভ্যতা-সংস্কৃতি এই সাৰ্বভৌম আদৰ্শৰ পৰা আঁতৰাই আমাৰ মনটোক কেৱল লুইতৰ বৰচাপৰিতেই এৰাল দি থওঁ, তেন্তে আমাৰ মনটো অসমৰ গৰুৰ দৰেই টিলিঙা হৈ থাকিব। আমাৰ সংস্কৃতি, সাহিত্য, কলা সকলোৱেই থাকিব অসমৰ নামঘৰতে পৰি।” (উৎস : অসমীয়া স্থাপত্যৰ নৱৰূপ, জ্যোতিপ্ৰসাদ ৰচনাৱলী, পৃষ্ঠা ৪৯৭)
“আজি আমি অসমীয়া বা বঙালী যদিও- আকৌ একে উশাহতেই ভাৰতীয়ও। মোৰ এতিয়া ভাৰত মাতৃৰ সন্তান হিচাপে অসমীয়া, বঙালী, মহাৰাষ্ট্ৰী, মাদ্ৰাজী আটাইবোৰেই মাতৃভাষা। আমাৰ মাতৃভাষা বহুভাষিণী। এতিয়া আমি প্ৰত্যেক প্ৰাদেশিক গোটেই আন প্ৰাদেশিক গোটৰ ভাষা-সংস্কৃতিক আগৰ চকুৰে চালে নহ’ব- ভাৰতীয় মহাসংস্কৃতিৰ এয়ে মাথোন বৈচিত্ৰ্য আৰু ভাষাগত, সংস্কৃতিগত বৈচিত্ৰ্য থাকিলেহে ভাৰতীয় মহাসংস্কৃতি ধুনীয়া হ’ব আমি তাক বুজিব লাগিব।” (উৎস : আইদেউৰ জোনাকী বাট, জ্যোতিপ্ৰসাদ ৰচনাৱলী, পৃষ্ঠা ৫৫১)
“আজি অসমলৈ যিসকল আহিছে, তেওঁলোকৰ সৈতে দ্বেষমূলক, অভিমানমূলক কোনো চিন্তা বা কৰ্মৰেই আমি তেওঁলোকক আমাৰ সংস্কৃতি দিব বা লোৱাব নোৱাৰোঁ। তেওঁলোকক আমি আমাৰ সংস্কৃতিৰে মুগ্ধ কৰিব পাৰিলেহে তেওঁলোক আমাৰ আপোন হ’ব।” (উৎস : আইদেউৰ জোনাকী বাট, জ্যোতিপ্ৰসাদ ৰচনাৱলী, পৃষ্ঠা ৫৫২)
মহা মহা মনীষাৰ এই মহান কথাবোৰ সাৰোগত কৰিও সত্যক অপঘাত নকৰিবলৈয়ে এই কথাও কৈ থ’ব লাগিব- অসমৰ জাতীয় উৎসৱ বিহু আৰ্যমূলীয় নহয় বাবে ভাৰতৰ অন্য প্ৰান্তৰ লগত অসমৰ সাংস্কৃতিক পৰিচিতিৰ ক্ষেত্ৰত বৃহৎ পাৰ্থক্য এটা আছেই। এই পাৰ্থক্যক সবল যুক্তিৰে নৰ্থ-ইষ্ট নাওতেই আমি আঙুলিয়াই দিয়াৰ পাছতে দেখিছোঁ বিহুক চাৰ্কাচ জাতীয় কাৰচাজিৰে সনাপিটিকা কৰি উদ্দেশ্যপ্ৰণোদিতভাৱে কোনোৱে বহিঃৰাজ্যৰ মেলা জাতীয় সংস্কৃতিৰ ৰূপ দিব বিচাৰিছে বা বিহুমঞ্চত বিহাৰী-ভোজপুৰী গীত-নৃত্যৰ পয়োভৰ ঘটাইছে। এনেকি গৰুবিহুক গো-পূজাৰ ৰূপ দি গেৰুৱাকৰণৰ চেষ্টা এটাও আছেই। সংস্কৃতিৰ ৰূপান্তৰ স্বতঃস্ফূৰ্ত আৰু ই সম্ভৱপৰ কথা। কিন্তু বিষয়-বিষয়ান্তৰৰ গুৰুত্ব বুজি আমি সিদ্ধান্ত ল’ব লাগিব- কেনে ৰূপান্তৰে আচলতে আমাক সবল আৰু সমৃদ্ধ কৰিব, তাৰ বিপৰীতে কেনে ৰূপান্তৰে আমাৰ পৰা আমাৰ স্বকীয় পৰিচিতিকেই থানবান কৰি পেলাব (নোৱাৰে, কিন্তু খেলিমেলি এটা সৃষ্টিৰ অপচেষ্টা চলাব পাৰে)। সেয়েহে ভাৰতীয় মহাজাতিৰ সমবায় খোলো বুলিয়েইতো খুলিবলৈ দিলেও চাব লাগিব সমবায়খন টিকিবনে নাই, বা টিকিবনো কেনেকৈ! টিকিলে ভাল কথা। নিটিকিলেনো গুৰু দুজনাক কেনেকৈ শ্ৰীচৈতন্যত জীণ নিয়াব পাৰি বা সত্ৰ-শংকৰী কলা-কৃষ্টি-পৰম্পৰাক ইস্কনত জাহ যাবলৈ দিব পাৰি! এয়াতো ইভিএম টেম্পাৰিং বা ৰিগিং কৰি ভোট লোৱাৰ কথা নহয়!
কথা হ’ল- অসমৰ কাষ্ট’ডিয়ান হিমন্ত নহয়। অসম কিয়, তেওঁৰ নিজৰ সমষ্টিতো বিদেশীক নাগৰিকত্ব দিওঁ বুলিয়েই দিব নোৱাৰে। ভোট বেংকৰ ৰাজনীতি এটাৰ স্বাৰ্থত তেওঁ ডেৰ কোটি বিদেশী হিন্দুৰ হকে ওকালতি কৰিছে, সেয়া ভিন্ন কথা। আগন্তুক দিনত অসমৰ ৰাজনৈতিক ইতিহাসে এই অনুসাৰে ইতিহাসৰ পৃষ্ঠাত তেওঁৰ স্থানো নিৰূপিত কৰিব।
পৰিশেষত ইয়াকেই কওঁ- এনে ওভোতগোৰে নচা কামকাজৰ পৰিৱৰ্তে ভাৰত চৰকাৰে প্ৰথমতে ‘এক ৰাষ্ট্ৰ এক নীতি’ মতে অসমতো নাগৰিকত্ব নিৰূপনৰ তাৰিখ ভাৰতৰ অন্য ৰাজ্যৰ সৈতে একেই কৰক। দ্বিতীয়তে , ১৮২৬-ৰ ২৪ ফেব্ৰুৱাৰিলৈ অসমৰ ভূমিত বসতি কৰা খিলঞ্জীয়াৰ স্বাৰ্থ, অধিকাৰ সুৰক্ষিত কৰক। তৃতীয়তে, অসম সমন্বিতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বাবে পৃথকে পৃথকে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নিশ্চিত কৰক। নাগৰিকত্ব বিদেশীৰ লগত ভগাই ল’ব পৰা বিষয় নহয়। সুবোধ বিশ্বাসক নাগৰিকত্ব দিবৰ বাবে ঘৰৰ মানুহৰ সমুখত ওকালতি কৰা বা ঘৰৰ মানুহৰ লগত ৰাজনীতি কৰা মানুহক অসমৰ ইতিহাসে বদন বুলিয়েই ক’ব। এইকথা হিমন্ত বিশ্বই নুবুজিলেও মুখ্য মন্ত্ৰী সোণোৱালে ভালকৈয়ে বুজে।
নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ কেইদিনমান পূৰ্বে নৰ্থ-ইষ্ট নাওতেই আমি ভাৰত যে 1951 UN Refugee Convention -ৰ স্বাক্ষৰকাৰী দেশ নহয় সেই প্ৰসংগ আনিছিলো। তাত এই কথাও লিখিছিলো যে ভিন্ন দেশৰ শৰণাৰ্থী ভাৰতত প্ৰৱেশ কৰিছে যদিও ভাৰতৰ এতিয়ালৈ কোনো স্পষ্ট শৰণাৰ্থী নীতি (Refugee Policy) নাই। পুনৰবাৰ কওঁ- ভাৰতত প্ৰৱেশ কৰা ভিন্ন ৰাষ্ট্ৰৰ সকলো লোকেই শৰণাৰ্থী নহয়, বহুতেই অবৈধ অনুপ্ৰৱেশকাৰী। এনেকি বিতৰ্কিত সংশোধনী বিধেয়কখনেও নাগৰিকত্ব দিব খোজা হিন্দু বিদেশীখিনিক অবৈধ অনুপ্ৰৱেশকাৰী বুলিছে, শৰণাৰ্থী নহয়। আমি ভাৰতৰ এক সুনিৰ্দিষ্ট শৰণাৰ্থী নীতি বিচাৰোঁ আৰু ভাৰত ৰাষ্ট্ৰসংঘৰ উল্লিখিত কনভেনচনৰ স্বাক্ষৰকাৰী দেশ হোৱাটোও বিচাৰোঁ। নৰ্থ-ইষ্ট নাওত এই প্ৰসংগ উত্থাপনৰ পিছতে আজি দুদিনমান পূৰ্বে অসমলৈ আহি ত্ৰিপুৰাৰ ৰাজ্যপাল তথাগত ৰয়ে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতে ৰাষ্ট্ৰসংঘৰ উক্ত কনভেনশ্যনৰ স্বাক্ষৰকাৰী দেশ হ’ব লাগে বুলি মত প্ৰকাশ কৰি কয় যে হিন্দু শৰণাৰ্থীসকলক ভাৰতে নাগৰিকত্ব দিব লাগে। তাৎপৰ্যপূৰ্ণ কথা এয়েই যে বিধেয়কখনে এই লোকসকলক অবৈধ অনুপ্ৰৱেশকাৰী বুলিছে। গতিকে একেখিনি লোকক লৈ দুটা কথা হ’ব নোৱাৰে- ভাৰত চৰকাৰে খচৰাখনত প্ৰথমতে নিশ্চিত কৰক নাগৰিকত্ব দিব খোজা লোকসকল অবৈধ অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী। পৰৱৰ্তী কথাবোৰ সেইমতে পিছত আগ বাঢ়িব বা গেঁঠেলা মাৰিব। নক’লেও হয়- শৰণাৰ্থীক আশ্ৰয় দিয়াৰ আমি বিৰোধী নহওঁ। ধৰ্মৰ ভিত্তিত অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ অভিপ্ৰায়ৰ আমি বিৰোধিতা কৰিছোঁ। সেই প্ৰসংগতে আমি ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ বিচাৰিবৰ প্ৰয়োজনীয়তাৰ কথা কৈছোঁ। উচ্চতম ন্যায়ালয়ত আইন হিচাপে গৃহীত হোৱাৰ পাছত প্ৰত্যাহ্বান জনোৱাৰ কথা কৈছোঁ। বিদেশীৰ প্ৰসংগত অসম স্পষ্ট- অসমে বিদেশীৰ বোজা নলয়, সি হিন্দুৱেই হওক বা মুছলমানেই হওক।
আমাৰ আশা- অসমৰ ৰাইজে সবলভাৱে এই সংশোধনী আইনৰ খচৰা, এক অৰ্থত কাগজৰ বাঘটোৰ বিৰুদ্ধে জনমত গঢ়ি তোলক। এই জনমতৰ বাৰ্তা কেৱল এয়াই নহ’ব যে অসমে বিদেশীক কোনো কাৰণতেই গ্ৰহণ নকৰে, বাৰ্তা এয়াও হ’ব- এই খচৰাক মানিবলৈ হ’লে অসমে খিলঞ্জীয়া মূলৰ লোকক অসমৰ মুখ্য মন্ত্ৰী হোৱাৰ পথ ৰুদ্ধ কৰি বংগীয় মূলৰ লোকক অসমৰ ভাগ্য নিয়ন্তা মুখ্য মন্ত্ৰী হ’বলৈ এৰি দিয়াও হ’ব। গতিকে জনমতটো অধিক শক্তিশালী হোৱা উচিত, বাৰ্তাটো যাতে সকলোৰে কামিহাড় ভেদি আমঠু চুবগৈ পাৰে।
ধ্ৰুৱাৰ্ক চৌধুৰী, গুৱাহাটীস্থিত এজন লেখক।
ই-মেইল : [email protected]