NORTHEAST NOW (Assamese)

তামুলপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্য

April 8, 2018 12:05 pm · দীপক কুমাৰ পাঠক
Updated: April 8, 2018 5:18 pm
প্ৰতিনিধিত্বমূলক ফটো

১২৭ (ডি) ৰঙিয়া-ভূটান সংযোগী পথৰ দ্বাৰকুচিত শনিবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰৰ ঘটনাকলৈ বাক্সা জিলাৰ তামুলপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্থানীয় লোকে প্ৰথমতে দ্বাৰকুচিৰ ৰাস্তাৰ কাষত পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি তামুলপুৰ আৰক্ষীক অৱগত কৰে।

তথ্য লাভ কৰাৰ পিছতে গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত এটা দলে ঘটনাস্থালীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে।

মৃতদেহটোৰ মুখমণ্ডল আৰু মূৰত আঘাতৰ চিন দেখা পোৱা গৈছে।

আৰক্ষীয়ে সন্দেহ কৰিছে যে কোনো দুৰ্বৃত্তৰ দলে তেওঁক আন ঠাইত হত্যা কৰিছে আৰু এই অঞ্চলত মৃতদেহটো পেলাই থৈ গৈছে।

ইয়াৰ মাজতে তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন শৰ্মাইয়ো ঘটনাস্থলী পৰিদৰ্শন কৰিছে আৰু অনুসন্ধান আৰম্ভ কৰিছে।

অৱশ্যে, মৃতদেহটো চিনাক্ত কৰিব পৰাকৈ বা কিহৰ কাৰণে হত্যা কৰা হৈছে তাৰ    কোনো সূত্ৰ আৰক্ষীয়ে বিচাৰি পোৱা নাই ।

প্ৰাথমিক তদন্ত অনুসৰি মৃত ব্যক্তিগৰাকী প্ৰায় ৪০-৪২ বয়সৰ লোক হ’ব বুলি অনুমান কৰা হৈছে।

আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

 

Related News