তিনিচুকীয়াত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ ৬ গৰাকী আলফা (স্বাধীন) সদস্যৰ

ulfa (I)

সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)ৰ শীৰ্ষ পৰ্যায়ৰ ছজন কেডাৰে তিনিচুকীয়াত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই গুৱাহাটীৰ কাহিলিপাৰাস্থিত দশম অসম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয়ত এক সংবাদমেলত আজি ২১ জুনত এই কথা সদৰী কৰে।

অসম আৰক্ষীৰ দাবী অনুসৰি আলফা (স্বাধীন)ৰ আত্মসমৰ্পণকাৰী সদস্য কেইজন হ’ল নামৰূপৰ ঘিলাগুৰিৰ প্ৰণৱ গগৈ (৩৫ বছৰীয়া) ওৰফে চাৰ্জেন্ট চুকলেং অসম, তিনিচুকীয়াৰ পিঠাগুৰি পথৰগাঁৱৰ অপূৰ্ব মৰাণ(২৪ বছৰীয়া) ওৰফে লেন্স কৰ্পৰেল মৃদু অসম, কাকপথাৰৰ সত্যজিৎ মৰাণ (৩০ বছৰীয়া) ওৰফে চাৰ্জেন্ট মানৱ অসম, শদিয়াৰ অমৰপুৰৰ যিচু দলৈ (২৮ বছৰীয়া) ওৰফে চাৰ্জেন্ট মে’জৰ চিয়াং অসম, হাতীগড় টঙনাৰ ঋতুৰাজ মৰাণ (৩১ বছৰীয়া) ওৰফে লেন্স কৰ্পৰেল দুৰ্লভ অসম, চাবুৱা ৰজাবাৰীৰ অভিজিৎ গোঁহাই (২৭ বছৰীয়া) ওৰফে চাৰ্জেন্ট মে’জৰ অনুজ অসম।

আৰক্ষী সঞ্চালক প্ৰধানে দাবী কৰা অনুসৰি আলফা(স্বাধীন)ৰ আত্মসমৰ্পণকাৰী দলটো অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্ত্তী ম্যানমাৰৰ আৰাকান শিবিৰত আছিল। তেওঁলোকৰ পদসমূহৰ পৰা তেওঁলোক আলফা(স্বাধীন)ৰ নতুন সদস্য নহয় বুলি অনুমান কৰিব পাৰি বুলি আৰক্ষী সঞ্চালক প্ৰধান শইকীয়াই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।

আত্মসমৰ্পনৰ সময়ত আলফা (স্বাঃ)ৰ সদস্য কেইজনে এটাকৈ AK 56, MQ 81 আৰু HK 33 ৰাইফল, প্ৰায় তিনিশ ৰাউণ্ড সক্ৰিয় গুলী, গ্ৰেনেড, ভালেসংখ্যক বিস্ফোৰক, সামৰিক পোচাক, সংগঠনৰ প্ৰতীক আৰু শিবিৰত ব্যৱহৃত ভালেমান সামগ্ৰী আৰক্ষীৰ ওচৰত দাখিল কৰে বুলি দাবী কৰা হৈছে।

আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই জানিবলৈ দিয়ামতে আত্মসমৰ্পণ কৰা আলফা(স্বাধীন)ৰ কেডাৰকেইজনে নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত লোৱা বুলি আৰক্ষীক অৱগত কৰিছে। তেওঁলোকে লগতে সাধাৰণ থলুৱা লোক আৰু চাহ বাগিচাৰ শ্ৰমিক আদিক আলফা (স্বাঃ)এ অপহৰণ আৰু ধন দাবী কৰাক সহজভাৱে ল’ব পৰা নাছিল বুলি শইকীয়াই জানিবলৈ দিয়ে।

আৰক্ষী সঞ্চালকপ্ৰধানে লগতে কয় যে আলফা (স্বাধীন) কেডাৰকেইজনক তেওঁলোকৰ শীৰ্ষ নেতৃত্বই অসমত প্ৰৱেশ কৰি কূটাঘাত চলোৱাৰ বাবে নিৰ্দেশ দিছিল। কিন্তু এই সময়ত উজনি অসমত আৰক্ষী আৰু নিৰাপত্তা বাহিনী অধিক সক্ৰিয় হৈ থকাৰ বাবেই তেওঁলোক অসমত প্ৰৱেশ কৰিব পৰা নাছিল। পাছত উপায়হীন হৈ তেওঁলোকে আত্মসমৰ্পণৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি তেওঁ জানিবলৈ দিয়ে।

অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্যই জনোৱা মতে ভাৰত চৰকাৰৰ নতুন আত্মসমৰ্পণ নীতি অনুসৰি যদিও তেওঁলোকে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে তথাপিতো আৰক্ষীৰ বিশেষ শাখালৈ আনি তেওঁলোকক পৰীক্ষা আৰু প্ৰয়োজনীয় সোধা-পোছা কৰিব লাগে। সেয়ে তেওঁলোকক আত্মসমৰ্পণৰ লগে লগে গুৱাহাটীলৈ অনা বুলি ভট্টাচাৰ্যই জানিবলৈ দিয়ে।

আনহাতে, আলফা(স্বাধীন)ৰ ফেইচবুক প্ৰফাইলটো আৰক্ষীয়ে তীক্ষ্ণ নজৰত ৰখা বুলি আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই সংবাদমেলত প্ৰকাশ কৰে।