NORTHEAST NOW (Assamese)

তিনিচুকীয়াৰ জাগুনত বাছৰ পৰা বিস্ফোৰক জব্দ

November 22, 2017 10:57 am · এন ই নাও নিউজ ব্যুৰো, তিনিচুকীয়া :

তিনিচুকীয়া জিলাৰ জাগুনত আজি সেনা আৰু অসম আৰক্ষীৰ এটা দলে যুটীয়া অভিযানত অৰুণাচল প্ৰদেশৰ মেওৰ পৰা অসমৰ জাগুনলৈ অহা এখন বাছৰ পৰা বৃহৎ সংখ্যক বিস্ফোৰক জব্দ কৰে। বাছখন চাংলাঙলৈ যোৱাৰ পথ আছিল বুলি জানিব পৰা গৈছে। বিস্ফোৰকখিনি আলফা-স্বাধীনৰ বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত টিটপং চাংমিং নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।

Related News