NORTHEAST NOW (Assamese)

তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠনৰ সৈতে এক মত-বিনিময় মুখ্য মন্ত্ৰীৰ

May 6, 2018 10:37 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰীৰ ফাইল ফটো

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠনৰ সৈতে এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

জিলা প্ৰশাসনৰ উদ্যোগত হোটেল ৰেছিডেঞ্চিত অনুষ্ঠিত উক্ত সভাত জিলাখনৰ জ্যেষ্ঠ নাগৰীক, সংবাদ মাধ্যমৰ প্ৰতিনিধিকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে ভাগ লয়।

উক্ত সভাত মুখ্য মন্ত্ৰীয়ে তিনিচুকীয়া চহৰত থকা বিভিন্ন সমস্যাসমূহৰ সমাধানৰ কাৰণে সকলোৱে একেলগে মিলি প্ৰয়াস কৰিব লাগিব বুলি মন্তব্য কৰে।

মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিৰ মতে, মুখ্য মন্ত্ৰীয়ে কয়, ‘বৰ্তমানৰ চৰকাৰ ৰাইজৰ চৰকাৰ, সেইবাবে চৰকাৰৰ কাম-কাজৰ ওপৰত জনসাধাৰণে চোকা দৃষ্টি ৰাখিব লাগিব।‘

ইয়াৰ উপৰি তেওঁ অহা বৰ্ষত দেশজুৰি পালন কৰিবলগীয়া মহাত্মা গান্ধীৰ ১৫০ তম জন্ম জয়ন্তীৰ পূৰ্বেই যাতে সমগ্ৰ ৰাজ্যখন যাতে মুকলি ঠাইত মলত্যাগ মুক্ত অঞ্চল হিচাপে গঢ়ি তুলিব পৰা যায় তাৰ বাবে চৰকাৰ আৰু জনসাধাৰণে একেলগে কাম কৰিব লাগিব বুলি কয়।

তেওঁ চহৰখনক এখন উন্নত চহৰ হিচাপে গঢ় দিয়াৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰে। মত-বিনিময় অনুষ্ঠানত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে চহৰখনৰ সমস্যাসমূহ মুখ্য মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰোৱায়।

উক্ত অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগতে কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ ৰামেশ্বৰ তেলী, কেইবাগৰাকী বিধায়ক, জিলাখনৰ উপায়ুক্ত আৰু বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

Related News