তিনি ডিগ্ৰীলৈ নামিল ইম্ফল চহৰৰ পাৰাস্তম্ভ : প্ৰচণ্ড শীতে গ্ৰাস কৰিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক

ইম্ফল

ঠেঁটুৱৈ ধৰা ঠাণ্ডাই গ্ৰাস কৰিছে উত্তৰ-পূৰ্বাঞ্চলক। ব্যতিক্ৰম নহয় শ্বিলঙৰ লগতে বাকী ৰাজ্যকেইখনৰ চহৰকেইখনো। শুভ্ৰ চাদৰেৰে আৱৰি পেলোৱা শ্বিলঙৰ পাৰাস্তম্ভ নামিছে মাইনাছ শূন্য দশমিক সাত ডিগ্ৰীলৈ। ঠিক শ্বিলঙৰ দৰে মণিপুৰৰ ইম্ফল চহৰৰো পাৰাস্তম্ভ অৱনমিত হৈছে তিনি ডিগ্ৰী ছেলছিয়াছলৈ। উত্তৰ-পূবৰ বাকী ৰাজ্যকেইখনৰ ক্ৰমে কহিমা ৫ডিগ্ৰী ছেলছিয়াছ, আইজল ৪.৪, আগৰতলা ৭.৯, দিছপুৰ ৬.৯ আৰু ইটানগৰ ৯.৬ ডিগ্ৰী ছেলছিয়াছ বুলি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সদৰী কৰে।

যোৱা তিনি দিনত ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি অহাৰ লগে লগে ইম্ফলবাসীৰ স্বাভাৱিক জীৱনযাত্ৰাত প্ৰভাৱ পৰিছে। জানুৱাৰি ৪ তাৰিখলৈ ইম্ফলৰ তাপমাত্ৰা আছিল ৮-৭ ডিগ্ৰী । কিন্তু যোৱা শুকুৰবাৰৰ পৰা অভাৱনীয়ভাৱে ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পায় আৰু পাৰাস্তম্ভ নামিল ৩ ডিগ্ৰীলৈ।

চহৰখনৰ উপৰি ৰাজ্যখনৰ জিলাসদৰ সমূহতো জাৰৰ প্ৰকোপে বাসিন্দাসকলৰ মাজত নেতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। যোৱা চাৰিদিনত সেনাপতি, টামেংলঙ আৰু উখৰুল জিলাতো শীতৰ প্ৰকোপে ঠেঁটুৱৈ লগাইছে অঞ্চলবাসীক। আনহাতে জানিব পৰা অনুসৰি উখৰুল জিলাৰ বিভিন্ন প্ৰান্ত বৰফৰ দলিচাৰে আৱৰি ৰাখিছে। ইয়াৰ উপৰি টামেংলঙৰ ডাইলঙ অঞ্চলত সোমবাৰে অঞ্চলবাসীয়ে উপভোগ কৰিলে তুষাৰপাতৰ নৈসৰ্গিক দৃশ্য।

টামেংলঙৰ বাসিন্দা সকলে দাবী কৰা অনুসৰি বিগত কিছুবছৰৰ ভিতৰত এইবছৰৰ জানুৱাৰিৰ ৬ আৰু ৭ তাৰিখে সবাতোকৈ ঠাণ্ডা বুলি অভিহিত কৰে যদিও এয়া কোনো চৰকাৰী তথ্য নহয়। আনহাতে উখৰুল চহৰৰল বাসিন্দাই উষ্ণতা এক ডিগ্ৰী ছেলছিয়াছলৈ অৱনমিত হোৱা বুলি দাবী কৰে।

সাধাৰণতে বতৰ বিজ্ঞান বিভাগে বতৰৰ সৰ্বোচ্চ উষ্ণতা আৰু সৰ্বনিম্ন উষ্ণতা ঘোষণা কৰে যদিও মণিপুৰৰ বেছিভাগ কেন্দ্ৰই বিকল বুলি জানিব পৰা গৈছে। যাৰ ফলত সোমবাৰৰ দিনটোৰ উষ্ণতা জানিব পৰা নগ’ল।

হঠাতে অৱনমিত হোৱা উষ্ণতাৰ ফলত মণিপুৰৰ ৰাজধানীৰ লগতে অন্য অঞ্চলসমূহত কাঠকয়লাৰ ব্যাপক হাৰত চাহিদা বৃদ্ধি পোৱাও পৰিলক্ষিত হৈছে।