বিভিন্ন বিতৰ্ক, চৰ্চা আৰু সমালোচনাৰ মাজতে শনিবাৰে ঘোষণা কৰা হয় ২০১৭ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা বিজয়ীৰ নাম। এইবাৰ এই বঁটা পূৰ্বৰ পৰম্পৰা ভংগ কৰি তিনিজনলৈ আগবঢ়োৱা হৈছে।
উল্লেখযোগ্য যে উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে সৃজনীমূলক অসমীয়া সাহিত্য আৰু সাহিত্যিকক উদগনি সন্মান প্ৰদানৰ উদ্দেশ্যে ১৯৯০ চনৰ পৰাই ‘অসম উপত্যকা সাহিত্য বঁটা’ আগবঢ়াই আহিছে। ২০১৭ বৰ্ষৰ এই বঁটাৰ বাবে ন্যাসে অসমৰ প্ৰখ্যাত লেখিকা ড০ ৰীতা চৌধুৰী, অসমৰ প্ৰখ্যাত কবি, লেখক সনন্ত তাঁতী আৰু অৰুণাচল প্ৰদেশৰ সুযোগ্য সন্তান তথা অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী অগ্ৰণী ব্যক্তি য়েছে দৰজে ঠংচিৰ নাম ঘোষণা কৰিছে।
১৯৬০ চনত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ নামপাঙত ৰীতা চোধুৰীয়ে জন্ম গ্ৰহণ কৰিছিল। ১৯৮৯ চনত ডিফু চৰকাৰী কলেজত ৰাজনীতি বিজ্ঞান বিষয়ত অধ্যাপিকাৰূপে কৰ্মজীৱন আৰম্ভ কৰা চৌধুৰী বৰ্তমান ‘নেছনেল বুক ট্ৰাষ্ট’ৰ সঞ্চালকৰূপে কৰ্মৰত। চৌধুৰীক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন ধৰণৰ বঁটা যেনে ‘অসম সাহিত্য সভা বঁটা’, ‘সাহিত্য অকাডেমী বঁটা’ লেখিকা সমাৰোহ বঁটা, জি এ কুলকাৰ্ণি বঁটাৰ আদিৰ উপৰি ২০১১ চনত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘এক্সেলেঞ্চ ইন বেষ্ট এডিটিং’ বঁটাৰেও সন্মানীত কৰা হয়।
আনহাতে ১৯৫২ চনত কৰিমগঞ্জৰ কালিনগৰ চাহ বাগানত জন্ম গ্ৰহণ কৰা সনন্ত তাঁতীয়ে ৭০-৮০ দশকত বিপ্লৱী কবি ৰূপে আত্মপ্ৰকাশ কৰিছিল। পাঠক আৰু সমালোচকৰ সমাদৃত তাঁতীৰ ১৩ খনকৈ কবিতা সংগ্ৰহ প্ৰাকশ পাইছে। তেওঁৰ এই কবিতা সংগ্ৰহৰ বাবে কবি সমাজে তেওঁক ‘মৃণালিনী দেৱী গোস্বামী বঁটা’, বীৰ বীৰছা মুণ্ডা বঁটা, শৈলধৰ ৰাজখোৱাকে ধৰি বিভিন্ন ধৰণৰ বঁটাৰে সন্মানীত কৰিছে।
আন এজন বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে ১৯৫২ চনত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ জিগাও নামৰ এখন গাঁৱত জন্ম গ্ৰহণ কৰে। ঠংচিয়ে অসমীয়া ভাষাত লিখা প্ৰথমটো কবিতা আছিল ‘জোনবাই’। তাৰোপৰি ঠংচিয়ে নাটক, চুটিগল্প, উপন্যাস আদি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যলৈ বহু অৱদান আগবঢ়াইছে। ‘মৌন ওঠ মুখৰ হৃদয়’ নামৰ উপন্যাসখনৰ বাবে তেওঁ ২০০৫ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে।
এই তিনিগৰাকী স্বনামধন্য সাহিতিক্যক মাৰ্চ মাহত গুৱাহাটী এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ‘অসম উপত্যকা বঁটা’ প্ৰদান কৰা হ’ব।