NORTHEAST NOW (Assamese)

তুৰাত গজযাত্ৰা ফ্লেগ অফ অনুষ্ঠানত উপস্থিত ভাৰতীয় বন্যপ্ৰাণী ন্যাসৰ ব্ৰেণ্ড এম্বেছেডৰ দীয়া মিৰ্জা

May 28, 2018 10:06 pm · এন ই নাও নিউজ

হাতী অহা-যোৱা কৰা পথ নিৰাপদ কৰাৰ সম্পৰ্কত জনসাধাৰণক সচেতন কৰাৰ উদ্দেশ্যে তুৰাত আৰম্ভ হৈছে গজ যাত্ৰা অভিযান। এই অভিযানত ক্ৰমে সংকুচিত হৈ অহা হাতীৰ বিচৰণ-ভূমিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ বাবে  বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

মে’ৰ ২৮ তাৰিখ সোমবাৰে মেঘালয় চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ সহযোগিতাত তুৰাৰ ছ’চিয়েল মবিলাইজেশ্যন এক্সপেৰিমেণ্টেশ্যন এণ্ড লাৰ্নিং চেণ্টাৰত অভিযানটো আৰম্ভ কৰা হয়।

মেঘালয় চৰকাৰৰ গৃহ, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জেমছ পি কে চাংমা আৰু দক্ষিণ তুৰাৰ বিধায়িকা আগাথা চাংমা, কাৰ্যবাহী সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া মি: বিবেক মেনন আৰু ভাৰতীয় বন্যজীৱ ন্যাসৰ (WTI) ব্ৰেণ্ড এম্বেছেডৰ দীয়া মিৰ্জাৰ উপস্থিতিত উপস্থিতিত তুৰাত এই অভিযানৰ ফ্লেগ অফ কৰা হয়।

আজি আবেলি ৩-৩০ বজাত ভাৰতীয় বন্যপ্ৰাণী ন্যাসৰ ব্ৰেণ্ড এম্বেছেডৰ বলীউড অভিনেত্ৰী দীয়া মিৰ্জা উপস্থিত থাকে। গজযাত্ৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত ব্যক্তিসকলৰ আগত ভাষণ ৰাখে মেঘালয়ৰ বন বিভাগৰ পি চি চি এফ আৰু এইচ্ছ অ’ এফ এফ চি পি মাৰাকে।

উদ্বোধনী অনুষ্ঠানত ছেইণ্ট জেভিয়াৰ স্কুলৰ শিক্ষাৰ্থীসকলে পৃথিৱীৰ ৰক্ষা কেনেকৈ কৰিব লাগিব উক্ত বিষয়বস্তুৰ ওপৰত যুগুতোৱা এটা গীত পৰিৱেশন কৰে।

১৮ মাহ ধৰি চলা এই অভিযানটো ২০১৭ চনৰ আগষ্ট মাহত আৰম্ভ কৰা হৈছিল।১৮ মাহজোৰা এই অভিযানটোত ভাৰতৰ ১৩খন ৰাজ্যক সামৰি লোৱা হৈছে। এই অভিযানত সংশ্লিষ্ট ৰাজ্যসমূহৰ স্থানীয় সংস্কৃতি, কলা আদি প্ৰদৰ্শনৰ মাজেৰে হাতীৰ বাসভূমিৰ সুৰক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে গণমত গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে।

প্ৰাণীৰ কল্যাণৰ হ’কে আন্তঃজাতিক নিধি (IFAW) আৰু ভাৰতীয় বন্যপ্ৰাণী ন্যাসে যুটীয়াকৈ ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ এই বনৰীয়া হাতী সচেতনতা কাৰ্যসূচীটো ৰূপায়ণ কৰিছে।

Related News