তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱত প্ৰাথমিক বিদ্যালয়সমূহৰ হৈছে নাটকীয় উন্নতি : হিমন্ত বিশ্ব শৰ্মা

Assam-Education-Minister-Himanta-Biswa-Sarma-during-a-press-conference-on-Gunotsav

ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহৰ তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱত ২০ শতাংশ বিদ্যালয়ে পাইছে এ’+ গ্ৰে’ড। গুৱাহাটীত আজি সংবাদমেলযোগে এই ফলাফল ঘোষণা কৰি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱক নাটকীয় সফলতা বুলি অভিহিত কৰে।

অসমৰ তেৰখন জিলাত যোৱা জানুৱাৰি মাহত এই গুণোৎসৱ অনুষ্ঠিত হৈছিল। গোৱালপাৰা আৰু নলবাৰী জিলাই এই গুণোৎসৱত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিছে।

শৰ্মাই কয়, ‘তৃতীয় পৰ্য্যায়ত বিদ্যালয়সমূহৰ প্ৰদৰ্শনত আমি নাটকীয় উন্নতি লক্ষ্য কৰিছো। প্ৰথম পৰ্য্যায়ত ৭৭৭ খন বিদ্যালয়ে এ’+ গ্ৰে’ড পাইছিল যিটো আছিল মুঠ বিদ্যালয়ৰ ৬ শতাংশ। দ্বিতীয় পৰ্য্যায়ত ১৬৭২ খন বিদ্যালয় অৰ্থাৎ ৯ শতাংশই এ’+ গ্ৰে’ড পালে। কিন্তু তৃতীয় পৰ্য্যায়ত ৩৫৭৫ খন অৰ্থাৎ ২০ শতাংশ বিদ্যালয়ৰ এ’+ গ্ৰে’ডৰ জৰিয়তে বৃ্হৎ অগ্ৰগতি লাভ কৰা হৈছে।’

মুঠ ১১,৭৬,৯৯৫ গৰাকী ছাত্ৰ-ছাত্ৰী থকা ১৭৮৬৯ খন বিদ্যালয়ে এই গুণোৎসৱত ভাগ লৈছিল। তাৰে ৭০৬৩ খনে এ’, ৪৯০৩ খনে বি, ১৮০৮ খনে চি আৰু ৫২০ খন বিদ্যালয়ে দি গ্ৰে’ড পাইছে।

শৰ্মাই কয় যে গুণোৎসৱৰ জৰিয়তে ৪ লাখ ভুৱা ছাত্ৰ-ছাত্ৰী ধৰা পৰিল।

তেওঁ কয়, ‘আগতে অসমত ৪১ লাখ ছাত্ৰ-ছাত্ৰী থকা বুলি আমাৰ হাতত তথ্য আছিল। কিন্তু গূণোৎসৱৰ পিছত আমি পালো যে এই সংখ্যা ৩৭ লাখ। অৰ্থাৎ ৪ লাখ ছাত্ৰ-ছাত্ৰী বাস্তৱত নাই।’

বিদ্যালয়সমূহৰ গুণোৎসৱত ধৰা পৰা সমস্যাসমূহ সন্দৰ্ভত শিক্ষা মন্ত্ৰীজনে কয়, ‘মুঠ ১০ হাজাৰ খন বিদ্যালয়ত বেলেগ বেলেগ শ্ৰেণীকোঠাৰ মাজত বেৰা নাই। বেৰা নোহোৱাৰ বাবে বহু বিলাক শ্ৰেণীৰ পাঠদান একেটা কোঠাতে হয়। ১৩৭৯ খনত নাই শৌচাগাৰ, ৩৪১৬৫ খন বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ। পৰৱৰ্তী গুণোৎসৱৰ আগতে এই সমস্যাসমূহ ঠিক কৰিবৰ কাৰণে বিত্ত বিভাগক ১৯৬২ কোটি টকাৰ এক প্ৰস্তাৱ দিয়া হ’ব।’

শৰ্মাই লগতে ২৮ হাজাৰ নতুন ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰা বুলি সদৰী কৰে।

বহুবিলাক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় এৰি বেচৰকাৰী বিদ্যালয়লৈ যোৱা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয়, ‘আমি বেচৰকাৰী বিদ্যালয়্সমূহক লৈ সদনত এখন বিধেয়ক উত্থাপন কৰিম। ৭ মাৰ্চত কেবিনে’ট বৈঠকত এই বিধেয়কখন সম্পৰ্কে আলোচনা কৰা হ’ব। বিধেয়কখন সম্পৰ্কে তাৰ আগতে মই একো ক’ব খোজা নাই।’