তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰিলে ‘এখনি নীলা চাদৰ’

drama

তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কলা আৰু সাহিত্য মহোৎসৱ ‘অৰ্ণস্বাত’ৰ সামৰণিৰ দিনা দেওবাৰে এখন সামাজিক নাট ‘এখনি নীলা চাদৰ’ মঞ্চস্থ কৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ দলে।

বিশ্ববিদ্যালয়খনৰ ৰূপালী জয়ন্তী উদযাপনৰ অংশ হিচাপে কলা আৰু সাহিত্য মহোৎসৱ ‘অৰ্ণস্বাত’ৰ আয়োজন কৰা হৈছিল।

মুক্তিস্মান হাজৰিকা আৰু ত্ৰিদিশা পৰাশৰে যুটীয়াভাৱে ‘এখনি নীলা চাদৰ’ নাটখনৰ ৰচনা আৰু পৰিচালনা কৰিছে।

ত্ৰিদিশা পৰাশৰে নৰ্থইষ্ট নাওক জনায়, ‘’ আমি নাটকখন ৰচনা কৰোতে মেঘনা গুলজাৰৰ চুটি ছবি ‘পূৰাণমাশি’ৰ দ্বাৰা অনুপ্ৰাণিত হৈছো।

চূড়ামনি দত্তই ‘এখনি নীলা চাদৰ’ নাটখনৰ সংগীত পৰিচালনা কৰিছে।

নাটখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী বৰ্ষাপ্ৰিয়া দত্ত, নিবিড়জ্যোতি মৃদুতা, অম্বৰীশ বৰদলৈ আৰু অভিষেক পলে।

এটি উপহাৰে এগৰাকী মাক আৰু তেওঁৰ কন্যাৰ জীৱন কেনেকৈ পৰিৱৰ্ন কৰিছিল তাক লৈয়েই নাটখনৰ কাহিনী ৰচনা কৰা হৈছে। হ’বলগীয়া জোঁৱায়েকে দিয়া এখন নীলা চাদৰে তেওঁলোকৰ জীৱনলৈ লাহ লাহে পৰিৱৰ্তন কঢ়িয়াই আনিছিল।

‘অৰ্ণস্বাত’ মহোৎসৱ যোৱা ৪ মে’ত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছিল।

অসমত ডাইনী কাণ্ডৰ বিৰুদ্ধে যুঁজ দি পৰিচিত হৈ পৰা ড০ বীৰুবালা ৰাভা মহোৎসৱখনৰ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল।

ত্ৰিদিশা পৰাশৰ আৰু মুক্তিস্মান হাজৰিকা বিশ্ববিদ্যালয়খনৰ ক্ৰমে সাংস্কৃতিক অধ্যয়ন বিভাগ আৰু গণ সংযোগ বিভাগৰ শিক্ষাৰ্থী।