ত্রিপুৰাত আইপিএফটিৰ সৈতে মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বিজেপিয়ে

আগৰতলাত অনুষ্ঠিত বিজেপিৰ অভিৱৰ্তনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো : পিনাকি দাস

আগৰতলাত অনুষ্ঠিত বিজেপিৰ অভিৱৰ্তনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো : পিনাকি দাস

ত্ৰিপুৰাত বিজেপিয়ে ইণ্ডিজেনিয়াছ পীপুলছ ফ্ৰন্ট অফ ত্ৰিপুৰা (আইপিএফটি)ৰ সৈতে  ইয়াৰ নিৰ্বাচনী মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। অহা ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত আইপিএফটিয়ে ৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

অসমৰ বিত্তমন্ত্ৰী তথা উত্তৰ পূব গণতান্ত্ৰিক মৰ্চাৰ (নেডা) আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে আইপিএফটিৰ সৈতে বিজেপিৰ মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

আগৰতলাৰ টাউন হলত অনুষ্ঠিত বিজেপিৰ বৈঠকৰ মাজতে সাংবাদিকৰ আগত তেওঁ কয় যে ‘’বিজেপি আৰু আইপিএফটিয়ে আসন্ন নিৰ্বাচনত মিত্ৰতা কৰাৰ তথা আসন ভগাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনজাতিৰ বাবে সংৰক্ষিত ২০ খন আসনৰ ভিতৰত ৯ খন আসনত আইপিএফটিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। বিজেপিয়ে বাকী ৫১ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।‘’

শৰ্মাই বিজেপিৰ ৰাজ্যিক সভাপতি বিপ্লৱ কুমাৰ দে আৰু কেন্দ্ৰীয় পৰ্যবেক্ষক সুনীল দেওধৰৰ উপস্থিতিত জনায় যে বিজেপিয়ে জনজাতিসকলৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে দিয়া প্ৰতিশ্ৰুতিৰ ভিত্তিত মিত্ৰতা সম্পন্ন হৈছে আৰু আইপিএফটিৰ সৈতে হোৱা উমৈহতীয়া কাৰ্যসূচীৰ বিষয়ে শীঘ্ৰেই প্ৰকাশ কৰা হ’ব।

‘’বিজেপিয়ে আন দলৰ বাবে দুৱাৰ বন্ধ কৰি দিছে যদিও বিজয়ৰ সম্ভাৱনা থকা ব্যক্তিয়ে দলত যোগ দিব পাৰে তথা বিজেপিৰ প্ৰতীকত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে কিয়নো বহু প্ৰতীকে ভোটাৰৰ মনত খেলিমেলিৰ সৃষ্টি কৰিব পাৰে,’’-তেওঁ কয়।

পৃথক জনজাতি ৰাজ্য তিপ্ৰালেণ্ড সম্পৰ্কত ত্ৰিপুৰাৰ নিৰ্বাচনৰো দায়িত্বত থকা অসমৰ মন্ত্ৰী গৰাকীয়ে কয়,’’ আমি এবাৰ শাসনত অহাৰ পিছত পৃথক তিপ্ৰালেণ্ডৰ কোনো দাবী নাথাকে।এই দাবীটো চিপিআই-এম দলে উত্থাপন কৰিছে কিয়নো বিকাশৰ সম্পৰ্কত তেওঁলোকৰ কোনো কাৰ্যসূচী নাই আৰু এইবাৰ জনসাধাৰণক উগ্ৰবাদৰ দৰে বিষয়েৰে দৃষ্টি আকৰ্ষণৰ কোনো সম্ভাৱনা নাই বুলি উপলব্ধি কৰি নিৰাশ হৈ পৰিছে।‘’

চিপিআই-এমে আইপিএফটি আৰু বিজেপিৰ মিত্ৰতাক ‘অপৱিত্ৰ আৰু বিদ্ৰোহীৰ মুখা’ বুলি সমালোচনা কৰিছে।

আনহাতে ত্ৰিপুৰা নিৰ্বাচনৰ দায়িত্বত থকা কংগ্ৰেছ নেতা ভূপেন বৰাই কয়  যে তেওঁ দলে গোটেই ৬০ আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব কিয়নো তৃণমূল কংগ্ৰেছ আৰু আন জনজাতীয় দলসমূহে অধিক আসন বিচাৰিছে যিটো গ্ৰহণযোগ্য নহয়।