ত্ৰিপুৰাত বাংলাদেশীয়ে চৰকাৰ চলাই আছে : ত্ৰিপুৰা পীপ’লছ ফ্ৰণ্ট

Khilanjia

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে খিলঞ্জীয়া মঞ্চ, অসম আৰু উত্তৰ-পূব খিলঞ্জীয়া মঞ্চৰ ৰাজভৱনত সন্মুখত অৱস্থান ধৰ্মঘট, ১৮ মে'ত।

“যিসকল লোক বাংলাদেশৰ পৰা আহিছে, সেইসকল লোকেই ত্ৰিপুৰাত চৰকাৰ চলাই আহিছে। গতিকে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিলখনৰ কেতিয়াও বিৰোধিতা নকৰে।” আজি সংবাদ মাধ্যমৰ আগত এইদৰে কয় ত্ৰিপুৰাৰ পৰা এটা প্ৰতিবাদী কাৰ্য্যসূচীত ভাগ ল’বলৈ গুৱাহাটীলৈ অহা ত্ৰিপুৰা পীপ’লছ ফ্ৰণ্টৰ অধ্যক্ষা পাতাল কন্যা জামাতীয়াই। এইদৰে তেওঁ অসমৰ ৰাইজক সকীয়াই দি কয় যে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেব বাংলাদেশী।

‘’কেৱল তেৱেঁই নহয়, কংগ্ৰেছ, চি পি আই এমৰ যিকেইগৰাকী মুখ্য মন্ত্ৰী আছিল, আটাইকেইগৰাকীয়েই বাংলাদেশী। নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত নোহোৱাৰ পূৰ্বেই ত্ৰিপুৰাৰ খিলঞ্জীয়াসকল সংখ্যালঘুত পৰিণত হ’ল। যদি এই বিলখন গৃহীত হয় আমি আমাৰ সকলো অধিকাৰ হেৰুৱাই পেলোৱাৰ লগতে বহু ক্ষতি হ’ব।” জামাতীয়াই কয়।

আন এটা গুৰুতৰ অভিযোগ আনি তেওঁ কয়, “ত্ৰিপুৰা মাতৃভাষা ককবৰকৰ ঠাইত হিন্দী অনাৰ চেষ্টা কৰি আছে কেন্দ্ৰীয় চৰকাৰে।”

তেওঁ লগতে কয়, “১৯৭১ চনটো অসমৰ বাবে ধাৰ্য্য কৰা হ’ল, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আছুৰ সৈতে যি অসম চুক্তি হৈছিল সেয়া কেন্দ্ৰীয় চৰকাৰৰে এক চক্ৰান্ত। ত্ৰিপুৰাত ১৯৭১ চনৰ পূৰ্বেই খিলঞ্জীয়া লোকসকলৰ পৰিমাণ ২৮ শতাংশ হ’লগৈ। গতিকে ১৯৭১ চন ভিত্তিবৰ্ষ লাগে বুলি চিঞৰি থকা অসমীয়াসকলৰ বাবে এইটো মহা বিপদ হিচাপে দেখা দিব।‘’

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ, ধৰ্ণা, গণস্বাক্ষৰ অভিযান অব্যাহত থকাৰ সময়তে শুকুৰবাৰে খিলঞ্জীয়া মঞ্চ, অসম আৰু উত্তৰ-পূব খিলঞ্জীয়া ফ’ৰামৰ উদ্যোগত ৰাজভৱনৰ সন্মুখত কেইবাটাও সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। উক্ত ধৰ্মঘট কাৰ্য্যসূচীত আজি উপস্থিত আছিল ত্ৰিপুৰা পীপ’লছ ফ্ৰণ্টৰ অধ্যক্ষা পাতাল কন্যা জামাতীয়া।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে খিলঞ্জীয়া মঞ্চ, অসম আৰু উত্তৰ-পূব খিলঞ্জীয়া মঞ্চৰ ৰাজভৱনত সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত ভাগ লোৱা ত্ৰিপুৰা পীপলছ ফ্ৰণ্টৰ কৰ্মকৰ্তাসকল, ১৮ মে’ত।

আজিৰ ধৰ্মঘটৰ অন্তত সংগঠনকেইটাই বিধেয়কখনৰ বিৰোধিতা কৰি ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

খিলঞ্জীয়া মঞ্চ, অসম আৰু উত্তৰ-পূব খিলঞ্জীয়া মঞ্চৰ উদ্যোগত হোৱা এই প্ৰতিবাদী কাৰ্য্যসূচীত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, অস্ত্ৰবিৰতিত থকা আলফা নেতা মৃণাল হাজৰিকা, জিতেন দত্তকে ধৰি তাই আহোম যুৱ পৰিষদৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে।

আনহাতে, উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীতে অংশগ্ৰহণ কৰা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কেন্দ্ৰীয় চৰকাৰৰ অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ প্ৰতি কোনো শ্ৰদ্ধাৰ ভাব নাই বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে।

তেওঁ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভ বুদ্ধিৰ উদয় হওক বুলি কামনা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ খিলঞ্জীয়াৰ প্ৰতি শ্ৰদ্ধা নথকাৰ বাবেই অসম আগতে জ্বলিছিল আৰু পুনৰ অসম জ্বলিব। যদি তেওঁৰ শুভ বুদ্ধিৰ উদয় নহয়, তেন্তে ৭০-৮০ দশকতৰ তুলনাত বেছিকৈ অসম জ্বলিব।

ইফালে, উক্ত অৱস্থান ধৰ্মঘটত উপস্থিত থকা আলফাৰ নেতা জিতেন দত্তই সংবাদ মাধ্যমৰ আগত কয়, “খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰাৰ আমি প্ৰয়াস কৰি আছো। উত্তৰ-পূবৰ খিলঞ্জীয়া লোকসকলৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰিবৰ বাবে আমি দল-সংগঠন নিৰ্বিশেষে একত্ৰিত হ’ব লাগিব।‘’

প্ৰায় ২ ঘণ্টা সময় অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচীৰ শেষত প্ৰতিবাদকাৰীসকলে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।