• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাৰ নতুন চৰকাৰৰ প্ৰথম কেবিনে’টৰ সিদ্ধান্ত : সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহাৰ বাবে সমিতি গঠন, সাংবাদিক হত্যাৰ তদন্ত চিবিআইক

পিনাকী দাস by পিনাকী দাস
March 10, 2018 5:52 pm
biplob deb at office as new cm of tripura

কাৰ্য্যভাৰ গ্ৰহণ কৰি মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ত বিপ্লব দেব

137
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে ত্ৰিপুৰাৰ নতুন চৰকাৰৰ দপ্তৰ বিতৰণৰ পাছতে মুখ্যমন্ত্ৰী বিপ্লব দেবৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথমখন কেবিনে’ট বৈঠকত লোৱা হৈছে তিনিটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেবিনেট বৈঠক সামৰি অনুষ্ঠিত কৰা সংবাদ মেলত মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ কৰ্মচাৰীসকলক দেশৰ সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহা দিবৰ বাবে আজিৰ কেবিনে’টত এখন সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে মাণিক চৰকাৰৰ মুখ্য মন্ত্ৰিত্বৰ কালত ত্ৰিপুৰাৰ কৰ্মচাৰীসকলে চতুৰ্থ দৰমহা আয়োগৰ হাৰতহে দৰমহা পাইছিল।

তাৰোপৰি যোৱা বছৰ ত্ৰিপুৰাত হত্যা কৰা দুই সাংবাদিক শান্তনু ভৌমিক আৰু সুদীপ দত্ত ভৌমিকৰ হত্যাৰ তদন্ত চিবিআইক গতোৱাৰ সিদ্ধান্তও লোৱা হয়। সাংবাদিক দুজনৰ হত্যাৰ পিছতে হত্যাৰ তদন্ত চি বি আইক দিয়াৰ বাবে ত্ৰিপুৰাত সাংবাদিকসকলে ব্যাপক ধাৰাৱাহিক দাবী কৰি অহাৰ পিছতো পূৰ্বৰ মুখ্য মন্ত্ৰী চৰকাৰে এই হত্যাকাণ্ডৰ তদন্ত চি বি আইক দিয়া নাছিল।

আগৰতলা বিমান বন্দৰক মহাৰাজ বীৰ বিক্ৰম কিশোৰ মানিক্যৰ নামেৰে নামাংকিত কৰাৰ বাবে কেবিনে’টে সিদ্ধান্ত লয়।

সংবাদ মেলত নতুন মুখ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ চৰকাৰক জনতাৰ চৰকাৰ হিচাপে উল্লেখ কৰি কয় যে চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ দায়িত্ব ঠিকমতে পালন কৰিব লাগিব।

তেওঁ কয় যে ৰাজ্যখনৰ কৰ্ম সংস্কৃতি সলনি হ’ব লাগিব আৰু চৰকাৰী কৰ্মচাৰীসকল সময় মতে কাৰ্য্যালয়লৈ আহিব লাগিব আৰু কোনো কাম পেলাই থ’ব নোৱাৰিব।

মুখ্য মন্ত্ৰীগৰাকীয়ে ধনাত্মক দৃষ্টিভংগীৰে সুশাসন, উন্নত স্বাস্থ্যসেৱা, শিক্ষা, মৌলিক সা-সুবিধা আৰু উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে।

তেওঁ লগতে কয় যে চি পি আই (এম)ৰ দিল্লীৰ একাংশ শীৰ্ষ নেতাই নিৰ্বাচনোত্তৰ হিংসাৰ ভুৱা বাতৰি বিয়পাই ত্ৰিপুৰাক বদনামী কৰাৰ প্ৰচেষ্টা কৰিছে।

সংবাদ মেলখনত মুখ্য মন্ত্ৰীগৰাকীৰ লগত মন্ত্ৰী প্ৰানাজিত সিংহ ৰয় আৰু ৰতন লাল নাথ আৰু কেবিনে’ট সচিব সঞ্জীৱ ৰঞ্জনো উপস্থিত আছিল।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd