তৰ্জাবেৰৰ কোঠাই চৰকাৰী আৱাস গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ

এই তৰ্জাবেৰৰ কোঠাটো গুৱাহাটী চিকিৎসালয়ৰ কৰ্মচাৰী এজনৰ আৱাস

নতুন নতুন চিকিৎসালয় স্থাপনেৰে অসমৰ স্বাস্থ্য খণ্ডলৈ উন্নয়নৰ নতুন দিগন্ত অনা বুলি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দাবীৰ বিপৰীত ছবি দাঙি ধৰি তৰ্জাবেৰৰ কোঠা হৈছেগৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ চৰকাৰী আৱাসগৃহ।

আনহাতে জৰুৰীকালীন সেৱাৰ লগত জৰিত অথচ আৱাসগৃহত নথকা কৰ্মচাৰীসকলৰ যাতায়াতৰ বাবে চিকিৎসা মহাবিদ্যালয়খনত নাই পৰ্য্যাপ্ত ষ্টাফ বাছ।

ইতিমধ্যে থকা আৱাসসমূহৰ বহুবিলাকত পানীৰ সুবিধা নথকাৰ বাবে কৰ্মচাৰীসকলে প্ৰায় আধা কিল’মিটাৰ দূৰৰ পৰা পানী সংগ্ৰহ কৰিব লগা হোৱাৰ বিপৰীতে ৰাজ্যৰ গড়কাপ্তানী বিভাগে নৰকাসুৰ পাহাৰত চিকিৎসালয়ৰ কৰ্মীৰ বাবে নিৰ্মাণ কৰা কেইবাটাও আৱাস কেইবাবছৰ ধৰি অসম্পূৰ্ণ অৱস্থাতেই পৰি আছে।

থাকিবলৈ ঠাই নোহোৱা বাবে কিছুসংখ্যক কৰ্মচাৰীয়ে আকৌ আবন্টন নোহোৱাকৈয়ে সেই অসম্পূৰ্ণ আৱাসতেই তৰ্জাৰ বেৰ লগাই থাকিবলৈ লৈছে।

‘ঘৰকেইটা হোৱা নাই বাবে আমি তৰ্জাৰ বেৰা লগাই থাকিব পৰা কৰি লৈছো। আধা কি.মি.মান দূৰত পানীৰ টেংকি এটা আছে তাৰ পৰা আমি পানী আনিবলৈ যাওঁ,’ এগৰাকী আৱাসীয়ে নৰ্থ ইষ্ট নাও-ক জনায়।

জৰুৰী সেৱাত নিয়োজিত কৰ্মচাৰীসকলে বিশেষ চৰকাৰী সুবিধা পাব লাগে যদিও এতিয়াও এই বৃহৎ চিকিৎসালয়খনৰ ৩য় বৰ্গৰ কৰ্মচাৰী আৰু নাৰ্ছৰ বাবে আৱাসগৃহ নাই বুলি জানিব পৰা গৈছে।

‘যি কেইটা আৱাস বৰ্তমান আছে সেয়া কৰ্মচাৰী অনুপাতে পৰ্যাপ্ত নহয়,’ কৰ্মচাৰীসকলৰ অভিযোগ।

অসমৰ বিভিন্ন ঠাইৰ পৰা চাকৰি কৰিবলৈ অহা কৰ্মচাৰীসকলৰ একাংশই এতিয়া গুৱাহাটীত ভাৰাঘৰ লৈ থাকে। ‘আমি ভাৰা ঘৰৰ পৰা অহা-যোৱা কৰো,’ এগৰাকী কৰ্মচাৰীয়ে জনায়।

জৰুৰীকালীন সেৱাত নিয়োজিত অথচ নিজা ঘৰ বা ভাৰা ঘৰৰ পৰা অহা-যোৱা কৰা কৰ্মচাৰীসকলৰ বাবে নাই প্ৰয়োজনীয় সংখ্যক ষ্টাফ বাছ।

‘আগতে কেইবাখনো ‘ষ্টাফ বাছ’ আছিল, কিন্তু এতিয়া সেইবোৰ বিকল হৈ গ’ল। বৰ্তমান অসম ৰাজ্যিক পৰিবহণ নিগমৰ দুখন বাছ ভাড়ালৈ লৈ ‘ষ্টাফ বাছ’ হিচাপে ব্যৱহাৰ কৰি আছে যদিও সেয়া পৰ্যাপ্ত নহয়,’ কৰ্মচাৰীসকলে জানিবলৈ দিয়ে।

এই বাছ দুখনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা আদাবাৰীলৈ দিনটোত তিনিবাৰ অহা-যোৱা কৰে। কিন্তু গুৱাহাটীৰ আন আন ঠাইসমূহৰ পৰা কৰ্মচাৰী আহিবলৈ নাই কোনো ‘ষ্টাফ বাছ’ৰ ব্যৱস্থা।

আনহাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্কাৰ ভাৰতৰ কথা কৈ আহিলেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বহু কৰ্মচাৰীৰে নাই স্থায়ী শৌচালয়।

‘আমি নিজাকৈ অস্থায়ী শৌচাগাৰ বনাই লৈছো,’ এগৰাকী কৰ্মচাৰীৰ মন্তব্য।

খোদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ এই দুৰৱস্থাৰ অৱসান কেতিয়া ঘটিব জনাবনে স্বাস্থ্য মন্ত্ৰী শৰ্মাই?

স্বাস্থ্যৰ লগতে বৰ্তমান ড০ শৰ্মাৰে দায়িত্বত থকা গড়কাপ্তানী বিভাগে কেতিয়াকে সম্পূৰ্ণ কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ আৱাস গৃহৰ সমস্যা?