দক্ষিণত হোৱা বৰষুণৰ বাবে হ্ৰাস পাইছে পিঁয়াজৰ যোগান : কামৰূপৰ (মেট্ৰ’) উপায়ুক্ত

সাধাৰণতে পিঁয়াজ কাটোতে চকু পানী ওলায় কিন্তু বৰ্তমান যি আকাশলংঘী মূল্য হৈছে তাত হয়তো আপোনাৰ পিঁয়াজ কিনোতে ওলাব পাৰে চকুপানী! মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ যোগান বিভাগ সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে। আনহাতে কামৰূপ জিলা (মেট্ৰ’) উপায়ুক্তই পিঁয়াজৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । দক্ষিণত হোৱা প্ৰচুৰ বৰষুণৰ ফলতে পিঁয়াজৰ যোগান কমিছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰশাসনে অতি শীঘ্ৰে পিঁয়াজৰ মূল্য হ্ৰাস কৰিব বুলিও তেওঁ জনায়।

পূৰ্বতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথ কঁপাই তোলা সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে কয় যে  ১০০ টকা নোহোৱা পৰ্যন্ত সাংসদগৰাকীয়ে ডিঙিত নিপিন্ধে পিঁয়াজৰ মালা। বৰ্তমান সময়ত পিঁয়াজৰ মূল্য ৭০-৮০ টকা হোৱাৰ পিছতো সাংসদ গৰাকীৰ এনে মন্তব্যই সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কংগ্ৰেছৰ দিনত মূল্য বৃদ্ধিৰ বিৰুদ্ধে সদায় সৰৱ হৈ থকা সাংসদ গৰাকীয়ে কয় যে বিজেপি চৰকাৰৰ দিনত কেতিয়াও পিঁয়াজৰ মূল্য ১০০ টকা নহয়।