NORTHEAST NOW (Assamese)

দক্ষিণ ত্ৰিপুৰাত হঠাতে উন্মত্ত হৈ উঠা পোহনীয়া হাতীৰ গছকত প্ৰাণ গ’ল মাউতৰ

June 20, 2018 6:38 pm · পিনাকী দাস

আজি পুৱা এটা দুৰ্ভাগ্যজনক ঘটনাত এটা পোহনীয়া হাতীৰ  আক্ৰমণত এজন মাউতৰ মৃত্যু ঘটিছে। আৰক্ষী উপ পৰিদৰ্শক শংকৰ সাহাই জনাইছে যে দক্ষিণ ত্ৰিপুৰাৰ উদয়পুৰ মহকুমাৰ অন্তৰ্গত মহাৰাণী এলেকাত বৰজসাধন জামাতিয়া নামৰ মাউতজনক হঠাতে উন্মত্ত ৰূপ ধাৰণ কৰা পোহনীয়া হাতী এটাই গছকি হত্যা কৰে।

ঘটনাৰ প্ৰত্যক্ষদৰ্শী এগৰাকী স্থানীয় কৃষকে জনাইছে যে জামাতিয়ে পৰিত্ৰাণ পোৱাৰ বাবে প্ৰাণপণে চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়।

ইতিমধ্যে মাউতক হত্যা কৰি উঠি হাতীটো জংঘললৈ পলাই যায়। বৰ্তমান আৰক্ষী আৰু বন বিভাগৰ লোকে হাতীটোক কৰায়ত্ব কৰাৰ বাবে চেষ্টা কৰি আছে।

আন এটা পৃথক ঘটনাত খোৱাই আৰক্ষীয়ে জৱাহৰ নবোদয় বিদ্যালয়ৰ কাটিটিলাৰ কাষত থকা জংঘলৰ পৰা এটা গলিত মৃতদেহ উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে নিহত ব্যক্তিজন খোৱাইৰ কানু দেব বুলি চিনাক্ত কৰিছে। নিহত কানু দেব বিগত এসপ্তাহ ধৰি নিখোঁজ হৈ আছিল।

আৰক্ষীয়ে ঘটনাটোৰ এটা তদন্ত আৰম্ভ কৰিছে আৰু অস্বাভাৱিক মৃত্যুৰ এটা গোচৰল ৰুজু কৰিছে।

Related News