• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দাবী পূৰণ নোহোৱালৈকে অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী মিজোৰামৰ শিক্ষকৰ

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
July 2, 2018 3:43 pm
Class_X_20160301_2_15

প্ৰতিনিধিত্বমূলক ফটো

95
VIEWS
Share on FacebookShare on Twitter

মিজোৰাম চৰকাৰৰ সাহায্য মৰ্যাদাৰ অন্তৰ্গত নামমাত্ৰ অনুদানৰ  (lumpsum grant in aid status) অন্তৰ্গত ব্য়ক্তিগত খণ্ডৰ মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহত কৰ্মৰত শিক্ষকসকলে অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। শিক্ষকসকলে তেওঁলোকৰ মৰ্যাদা উন্নীত নকৰা পৰ্যন্ত, অন্ততঃ তেওঁলোকৰ দৰমহা তদৰ্থক (ad hoc ) সাহায্যপ্ৰাপ্ত মৰ্যাদালৈকে উন্নীত নকৰা পৰ্যন্ত শিক্ষাদান নকৰাৰ স্থিতি গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে শিক্ষকসকলে তেওঁলোকৰ ধৰ্মঘটৰ এই কাৰ্যসূচী ”নো’ টিচিং ডে’’ হিচাপে পালন কৰাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

শিক্ষকসকলৰ এই ধৰ্মঘটে ৰাজ্যখনৰ প্ৰায় ৩০০০ ছাত্ৰ-ছাত্ৰীক প্ৰভাৱিত কৰাৰ আশংকাই দেখা দিছে। মিজোৰাম চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় সংস্থা (Mizoram Government Aided School Association) নামৰ এটা সংস্থাৰ অধীনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা শিক্ষকসকলে প্ৰকাশ কৰিছে যে বিগত দিনসমূহত ৰাজ্য চৰকাৰে তেওঁলোকক ভালেমান প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও এতিয়ালৈকে সেইসমূহ পালন কৰা নাই।

মিজোৰাম চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় সংস্থাৰ সভাপতি চি লালগাইজুৱালাই কৈছে যে বিদ্যালয়সমূহে চৰকাৰৰ পৰা অতি নগন্য পৰিমাণৰ- বছৰি মাথোঁ ১.৫ লাখ টকা অনুদান হিচাপে লাভ কৰি আহিছে, যাৰ বাবে তেওঁলোকে অত্যন্ত আৰ্থিক সমস্যাৰ মাজেৰে চলি থাকিবলগীয়া হৈছে। ফলত শিক্ষকসকলে মাহৰ পাছত মাহ পৰ্যন্ত পৰ্যাপ্ত দৰমহা অবিহনেই পাৰ কৰিবলগীয়া হৈ আহিছে। শিক্ষকসকলে গাঁৱবাসীকলৰ কৃপা তথা অনুদানেৰে বৰ্তি থাকিবলগীয়া হৈছে বুলিও তেওঁ কয়।

সংস্থাৰ সভাপতিগৰাকীয়ে কৈছে , ”২০০৮ চনত চৰকাৰে আমাক  সাহায্য মৰ্যাদাৰ অন্তৰ্গত নামমাত্ৰ অনুদান প্ৰদান কৰিছিল আৰু আমি লাভ কৰা সেই যৎসামান্য ধনেৰে বিদ্যালয়সমূহ চলাই আহিছিলোঁ। প্ৰথমতে আমাৰ ৮২ খন বিদ্যালয় আছিল যদিও পুঁজিৰ অভাৱৰ বাবে ভালেমান বিদ্যালয় বন্ধ কৰি দিয়া হয়। এতিয়া আমাৰ ৬১খন বিদ্যালয় ন্যূনতম সা-সুবিধাখিনিঅবিহনেই চলি আছে।”

প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতিফল ৩০০০ শিক্ষাৰ্থীয়ে ভুগিব বুলি অৱগত হোৱাৰ পাছতো প্ৰতিবাদী কাৰ্যসূচী চলাই যাবলৈ মনস্থ কৰাৰ কথা ঘোষণা কৰি মিজোৰাম চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় সংস্থাৰ তৰফৰ পৰা কোৱা হৈছে যে কোনো বিকল্প নথকা বাবেহে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সংস্থাটোৱে।  সংস্থাৰ তৰফৰ পৰা আৰু কোৱা হৈছে যে যদিহে তেওঁলোকৰ দাবী পূৰণ কৰা নহয়, তেতিয়া তেওঁলোকৰ হাতত বিদ্যালয়সমূহ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়াৰ গত্যন্তৰ নাথাকিব।

উল্লেখ্য যে মিজোৰামত ৬০ খন নামমাত্ৰ অনুদানপ্ৰাপ্ত মজলীয়া আৰু উচ্চ মাধ্যমিক বিদ্যালয় আছে। এই বিদ্যালয়সমূহৰ শিক্ষকসকলেও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ধৰ্মঘটত যোগদান কৰি সম মৰ্যাদা দাবী কৰিব।

উল্লেখ্য যে মিজোৰাম চৰকাৰৰ সাহায্য মৰ্যাদাৰ অন্তৰ্গত নামমাত্ৰ অনুদান লাভ কৰা উচ্চতৰ মাধমিক বিদ্যালয় সংস্থাই (Mizoram Government Lumpsum Grant in Aid Higher Secondary School Association) তেওঁলোকৰ মৰ্যাদা আৰু দৰমহা তদৰ্থক সাহায্যপ্ৰাপ্ত মৰ্যাদালৈকে উন্নীত কৰাৰ দাবীৰে  বিগত ২ সপ্তাহ ধৰি ধৰ্মঘট কৰি আহিছে।

Recent News

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd