দালাই লামাৰ ভাৰত অহাৰ ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ সোৱঁৰণত পথ যাত্ৰাৰ আয়োজন

dalai-das

ফাইল ফটো: নমামী ব্ৰহ্মপুত্ৰৰ সময়ত অসমলৈ অহা দালাই লামাৰ সৈতে নৰেন দাস

বৌদ্ধ ধৰ্মীয় আধ্যাত্মিক নেতা দালাই লামাৰ তিব্বেতৰ পৰা ভাৰতলৈ অহা ৬০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে শনিবাৰে অৰুণাচল প্ৰদেশৰ চুথাংমোৰ পৰা তেজপুৰলৈ এক পথ যাত্ৰা আৰম্ভ কৰা হয়। ১৯৫৯ চনৰ মাৰ্চত তিব্বেত বিদ্ৰোহৰ সময়ত তেওঁ ভাৰতলৈ পলাই আহিছিল।

ভাৰতত তিব্বেতৰ স্বাৰ্থক সমৰ্থন কৰি অহা সংগঠনসমূহৰ শীৰ্ষ গোট ‘ক’ৰ গ্ৰুপ ফৰ তিব্বেতান ক’জ’এ উক্ত পথ যাত্ৰাটো অনুষ্ঠিত কৰিছে।

টাৱাং জিলাৰ চুথাংমোৰ পৰা আৰম্ভ হোৱা যাত্ৰাটো ২৭ মাৰ্চত তেজপুৰত সামৰণি পৰিব।

পথ যাত্ৰাটো আয়োজন কৰাত টাৱাং আৰু পশ্চিম কামেং জিলাৰ লোকসকলৰ লগতে বৌদ্ধ বিহাৰ আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে সহযোগ কৰে। আনহাতে, ২৭ মাৰ্চত পথ যাত্ৰাটো সামৰণি পৰাৰ উপলক্ষে অসম আৰু অৰুণাচলৰ লোক সকলে মিলি এক সামৰণি অনুষ্ঠানৰ আয়োজন কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ১৯৫৯ চনৰ ২৬ মাৰ্চত তিব্বেতৰ পৰা পলাই আহি অৰুণাচলৰ চুথাংমোত প্ৰৱেশ কৰা দালাই লামাক অসম ৰাইফলছৰ প্ৰাক্তন জোৱান নৰেন চন্দ্ৰ দাস নেতৃত্বাধীন অসম ৰাইফলছৰ এটা পাঁচ জনীয়া দলে তেজপুৰলৈ সুৰক্ষা দি লৈ আহিছিল।