দিনযোৰা কাৰ্যসূচীৰে সামৰণি পৰিল দৰং জিলা কাৰাটে ডো চেম্পিয়নশ্বীপৰ

A young winner seen receiving certificates from a guest

দেওবাৰে চিপাঝাৰ একাডেমি খেলপথাৰত দিনযোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা একাদশ সংখ্যক দৰং জিলা কাৰাটে ডো চেম্পিয়নশ্বীপৰ আজি সফল পৰিসমাপ্তি ঘটে। উল্লেখযোগ্য যে অইন বছৰৰ দৰে এইবছৰো প্ৰতিযোগিতাখনৰ আয়োজন কৰিছিল চিপাঝাৰ কাৰাটে ডো একাডেমিয়ে।

আজিৰ এই কাৰাটে প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় ১৫০গৰাকী ল’ৰা আৰু ছোৱালী কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে ছিনিয়ৰ ল’ৰা শাখাৰ ‘কাটা’ ইভেণ্টত লৱ চৌধুৰীয়ে উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰি চেম্পিয়নৰ খিতাপ দখল কৰে। এই শাখাতে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল কৰে ক্ৰমে নয়নমণি ডেকা আৰু জ্যোতিপ্ৰশাদ ডেকাই।

আনহাতে ছোৱালীৰ জুনিয়ৰ শাখাত অভিশিপা ডেকাই শ্ৰেষ্ঠত্ব আজুৰি আনিবলৈ সক্ষম হোৱাৰ লগতে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ হয় ক্ৰমে মধুস্মিতা বৰদলৈ আৰু মমী শৰ্মা।

ইফালে ছোৱালীৰ অনুৰ্ধ ১৫ বছৰীয়া জুনিয়ৰ শাখাত কৰবী দুৱৰা আৰু হাছিনা বেগমে যৌথভাবে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। আনহাতে এই শাখাত প্ৰথম ৰানাৰ্ছ আপ হিচাপে বিবেচিত হয় ছাবনা নেচ্ছা।

স্মৰ্তব্য যে আজি ৰাতিপুৱা চেম্পিয়নশ্বীপ খন উদ্বোধন কৰে সদৌ অসম কাৰাটে ডো এছোছিয়েশ্যনৰ প্ৰধান সীমান্ত বৰ্মনে। ইয়াৰ উপৰি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ ভাৰতীয় কাৰাটে ফেডাৰেশ্যনৰ অধ্যক্ষ গুৰু গোবিন্দ ৰাজখোৱা আৰু সদৌ অসম কাৰাটে ডো এছোছিয়েশ্যনৰ বিষয়ববীয়া সকল।