দিল্লীত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমাৰ

conradsangma

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই আজি  নতুন দিল্লীত কেইগৰাকীমান কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি তেওঁলোকক ৰাজ্যখনৰ বিভিন্ন বিষয়ৰ ওপৰত এটা আভাস দিয়ে। কনৰাড চাংমাই বিভিন্ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰি তেওঁলোকক ৰাজ্যখনৰ সম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে অৱগত কৰায়।

মুখ্য মন্ত্ৰীয়ে বহিঃপৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজক সাক্ষাৎ কৰি মেঘালয় আৰু বাংলাদেশৰ মাজত স্থলপথ যোগাযোগৰ সন্দৰ্ভত তেওংৰ হস্তক্ষেপ বিচাৰে। তেওঁ চিলং-ঢাকা আৰু তুৰা-ঢাকা পথৰো কথা উল্লেখ কৰে।

বহিঃ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্য মন্ত্ৰীগৰাকীৰ অনুৰোধ ৰক্ষা কৰাৰ আশ্বাস প্ৰদান কৰে। তেওঁ কয় যে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে মেআলয় আৰু  উত্তৰ-পূৰ্বাঞ্চলৰ অন্যন্য ৰাজ্যলৈকে কেন্দ্ৰই সকলো প্ৰকাৰৰ সহায়তা আগবঢ়াব।

অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে বাংলাদেশী নাগৰিকক কৰ্ম অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ বাবে প্ৰস্তাৱ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বিষয়টো পৰীক্ষা কৰা আৰু আলোচনা কৰাৰ আশ্বাস দিয়ে।

 

মুখ্য মন্ত্ৰী চাংমাই  নীতীন গাডকাৰীক সাক্ষাৎ কৰি তুৰা-বাঘমাৰা, বাঘমাৰা-ৰানিকাৰ, এ এম পি টি ৰোড, নংষ্টইন-মাৱিট ইত্যাদিক সংযোগ কৰা জৰাজীৰ্ণ পথসমূহৰ ওপৰত বিশেষ মনোযোগ দি মেঘালয়ত চলি থকা পথ নিৰ্মাণ প্ৰকল্পসমূহৰ কাম খৰতকীয়াকৈ আগবঢ়াই নিবলৈ আহ্বান জনায়।

মুখ্য মন্ত্ৰী চাংমাই গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজেজুক সাক্ষাৎ কৰি ৰাজখনৰ আইন-শৃখলাজনিত অৱস্থাৰ বিষয়ে অৱগত কৰাৰ উপৰিও বিকাশ সম্পৰ্কীয় বিষয়সমূহৰ বিষয়ে অৱগত কৰায়।

মুখ্য মন্ত্ৰী চাংমা আৰু ৰাজ্যিক শক্তি মন্ত্ৰী জেমছ কে চাংমাই শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ কৰি ৰাজ্যখনৰ শক্তিখণ্ডৰ এটা আভাস দিয়ে। শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শক্তিখণ্ডটো শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী সিঙে কয় যে  ভাৰত চৰকাৰে ২০১৯ৰ ১ এপ্ৰিলৰ ভিতৰত ভাৰতৰ সকলো ঠাইতে সকলো সময়তে বিদ্যুত যোগান অব্যাহত ৰখাৰ লক্ষ্যত উপনীত হ’ব। তেওঁ কয় যে মেঘালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যুতৰ সংযোগ উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

মুখ্য মন্ত্ৰীৰ সৌৰ, জল আৰু বতাহ আদি মিশ্ৰ-পুনৰ্নবীকৰণযোগ্য শক্তিৰ উৎসৰ বাবে কৰা অনুৰোধৰ উত্তৰত সিঙে কয় যে ৰাজ’খনৰ পৰা প্ৰস্তাৱ লাভ কৰাৰ পাছত ইয়াক যোগান ধৰাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰা হ’ব।