উগ্ৰপন্থীৰ বৰ্ধিত কাৰ্যকলাপৰ সময়তে দুটা পৃথক অভিযানত দুজনকৈ এন এছ চি এনৰ কেডাৰ আটক কৰা হৈছে। প্ৰাপ্ত তথ্য মতে অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পংচাও বস্তিত সেনাই চলোৱা এক অভিযানত এজন দুৰ্ধৰ্ষ এন এছ চি এন (ইউ)ৰ কেদাৰ গ্ৰেপ্তাৰ কৰা হয়। সেনাৰ অভিযানত আটক কৰা লোকজনক অৰুণাচলৰ লংডিং অঞ্চলৰ কানু বস্তিৰ পুমান কুংগাম পাংছা বুলি চিনাক্ত কৰা হৈছে। ধৃত কেডাৰজনৰ পৰা এটা ৯ এম এম পিষ্টল, এটা মেগজিন, এক ৰাউণ্ড সজীৱ গুলী, এটা মোবাইল আৰু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰা হয়। আনহাতে অসম নাগালেণ্ড সীমান্তৰ চৰাইদেউৰ নিমনাগড়ৰৰ পৰা আন এক অভিযানত আন এজন এন এছ চি এন (কে) সদস্যক আটক কৰা হয়। ধৃত কেদাৰজনৰ নাম নামৱাং কন্যাক বুলি জানিব পৰা গৈছে। নাগালেণ্ডৰ মন জিলাৰ বাসিন্দা নামৱাং কন্যাকৰ পৰা এটা .৩২ পিষ্টল, সক্ৰিয় গুলী, এটা মোবাইল আৰু কিছু আপত্তিজনক নথি পত্ৰও জব্দ কৰা হয়। সম্প্ৰতি ধৃত কেদাৰজনক আৰক্ষীৰ জিন্মাত ৰখা হৈছে বুলি জানিব পৰা গৈছে।