দুবছৰৰ বাবে গোৱা এফ চিত চুক্তিবদ্ধ হ’ল মিজোৰামৰ গ’লকীপাৰ লাথুৱাম্মায়ুয়া ৰাল্টে

Lalthuammawia Ralte

আই এছ এলৰ অন্যতম শক্তিশালী ক্লাব এফ চি গোৱাৰ সৈতে অৱশেষত দুবছৰৰ বাবে চুক্তিবদ্ধ হ’ল মিজোৰামৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ লাথুৱাম্মায়ুয়া ৰাল্টে ।

আনহাতে সদ্যসমাপ্ত টুৰ্ণামেণ্টত এফ চি গোৱাৰ গ’লকীপাৰ লক্ষ্মীকান্ত কাট্টিমনীয়ে যথেষ্ট পৰিমানে দুৰ্বল প্ৰদৰ্শন দাঙি ধৰিছিল। যাৰ পৰিণতিত দলটোৱে বিভিন্ন সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। আৰু সেয়ে ক্লাবটোৱে অৱশেষত ৰাল্টেক চুক্তিবদ্ধ কৰিলে।

লাথুৱাম্মায়ুয়া ৰাল্টে বেংগালুৰুৰ এফ চিৰ হৈ সদ্যসমাপ্ত চিজনটোত দুখন খেলত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰি এছিয়ান ফুটবল কনফাদেৰেশ্যন কেম্পেইনত বেংগালুৰু দলৰ হৈ অধিনায়কৰ দায়িত্বও পালন কৰিছিল।

‘বেংগালুৰু এফ চিৰ সৈতে মোৰ চুক্তিৰ ম্যাদ উকলিল, মোৰ বাবে সিদ্ধান্ত লোৱা অতিশয় কঠিন হৈছিল কিয়নো দিল্লী আৰু গোৱা দুয়োটা দলৰ পৰাই মই প্ৰস্তাব পাইছিলো। কিন্তু কিছু কাৰণৰ বাবে মই এফ চি গোৱাত চুক্তি হ’লো আৰু সেই কাৰণবোৰ মই ৰাজহুৱা কৰিব নোৱাৰো’ বুলি ৰাল্টেই প্ৰকাশ কৰে।

আনহাতে তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়, ‘কেতিয়াও কোনো খেলুৱৈয়ে এক নম্বৰ হিচাপে ক্লাবত চুক্তিবদ্ধ নহয়, এক নম্বৰ হ’বলৈ খেলৰ মাজেৰে আহৰণ কৰিব লাগিব’।

উল্লেখ্য যে সদ্যসমাপ্ত আই এছ এলত দিল্লী ডায়নামোজ আৰু এফ চি গোৱাৰ দুৰ্বল গ’লকীপাৰৰ বাবে দল দুটাই বহুবাৰ মুখ থেকেচা খাবলগীয়া হৈছিল। আৰু সেয়ে দুয়োটা ক্লাবে ২০১৮-১৯ বৰ্ষৰ বাবে বেংগালুৰু এফ চিৰ গ’লকীপাৰ লাথুৱাম্মায়ুয়া ৰাল্টেক চুক্তিবদ্ধ কৰাৰ বাবে প্ৰয়াস কৰিছিল।

‘মই আই এছ এলৰ অহা বৰ্ষত গোৱাৰ হৈ অংশগ্ৰহণ কৰিম, কিন্তু বৰ্তমান মই বেংগালুৰুৰ হৈ ছুপাৰ কাপ আৰু এছিয়ান ফুটবল কনফাদেৰেশ্যনত অংশগ্ৰহণৰ বাবে ব্যস্ত আছো’, বেংগালুৰু এফ চিৰ প্ৰশিক্ষণ শিবিৰৰ পৰাই ৰাল্টে এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে বেংগালুৰু এফ চিৰ জন্মলগ্নৰে পৰা ৰাল্টে দলটোৰ সৈতে সংলগ্ন হৈ আছে। তেওঁ ২০১৫ চনত আই এছ এলত নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈও চুক্তিবদ্ধ হৈছিল যদিও কোনো মেচতে অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ নকৰিলে।

জানিবপৰা অনুসৰি মুম্বাই চিটি এফ চিৰ অৰিন্দম ভট্টাচাৰ্য আৰু কেৰেলা ব্লাষ্টাৰ্ছৰ সুভাশীষ ৰয় চৌধুৰীৰ সম্পৰ্কতো গোৱা এফ চিয়ে চুক্তিবদ্ধ কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছিল যদিও অৱশেষত দলটোৱে ৰাল্টেক অগ্ৰাধিকাৰ দি আগন্তুক দুটা বছৰৰ বাবে চুক্তিবদ্ধ কৰিলে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে মিজোৰামৰ গ’লকীপাৰ লাথুৱাম্মায়ুয়া ৰাল্টে বেংগালুৰু এফ চিৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পূৰ্বে উত্তৰ-পূবৰ আন এক শক্তিশালী ক্লাব শ্বিলং লাজং এফ চিৰ হৈ খেলিছিল।