দুবিধ বিদেশী উদ্যান শস্যৰ খেতিয়ে পৰিৱৰ্তন আনিব পাৰে মণিপুৰৰ ঝুম খেতিৰ সমস্যালৈ

Quinoa_Cultivation

পৰীক্ষামূলকভাৱে কৰা দক্ষিণ আমেৰিকা মূলৰ দুবিধ শস্যৰ খেতিয়ে সলনি কৰি দিব পাৰে মণিপুৰৰ কৃষি, অৰ্থনীতি, বনাঞ্চল হ্ৰাসৰ দৰে কেইবাটাও সমস্যাৰ সাম্প্ৰতিক অৱস্থান।

‘কুইন’ৱা’ (Quinoa) আৰু ‘চিয়া’ (Chia) নামৰ এই দুবিধ শস্যৰ খেতি কৰা হৈছে ৰাজ্যখনৰ মুঠ ১৫টা স্থানত। ৰাজ্যখনৰ উদ্যান শস্য (horticulture) বিভাগৰ বিষয়াৰ মতে এই শস্য দুবিধে ঝুম খেতিৰ (shifting cultivation) লগতে অবৈধ আফিং খেতিয়ে ৰাজ্যখনত সৃষ্টি কৰা সমস্যাত এটা সমাধানৰ উপায় দিব পাৰে, যদিহে এই পৰীক্ষামূলক খেতি সফল হয়।

জানিব পৰা মতে ‘কুইন’ৱা’ (Quinoa) নামৰ এই সপুষ্পক উদ্ভিদৰ গুটিবোৰ খাব পাৰি। ই ৰাজ্যখনত খাদ্যৰ সুৰক্ষা, পৰিপুষ্টি আৰু দৰিদ্ৰতা নিৰ্মূলত ডাঙৰ ভূমিকা ল’ব পাৰে। বিষয়াসকলে জনোৱা মতে ভাৰতৰ বজাৰত ইয়াৰ প্ৰতি কেজিৰ মূল্য ৫০০ টকাৰ পৰা ১০০০ টকাৰ ভিতৰত।

আনহাতে চিয়াত আছে অ’মেগা-থ্ৰী ফেটি এচিড। বজাৰত ইয়াৰ প্ৰতি কেজিৰ মূল্য প্ৰায় ১০০০ ৰ পৰা ২০০০ টকা।

বিষয়াকেইজনে জনোৱা মতে কুইন’ৱাৰ পৰীক্ষামূলক খেতিৰ পৰা প্ৰতি হেক্টৰত ১৫ লাখ টকা মূল্যৰ শস্য আশা কৰা গৈছে। আনহাতে চিয়াৰ খেতিৰ পৰা প্ৰতি হেক্টৰত ১০ লাখ টকাৰ শস্য উৎপাদন আশা কৰা গৈছে।

বিষয়াসকলে জনোৱা মতে এই শস্যকেইবিধ পাহাৰৰ হেলনীয়া ঠাইতো আৰু মাটিডোখৰৰ বিশেষ চহ নকৰাকৈয়ে খেতি কৰিব পাৰি। ইয়াৰ ফলত ঝুম খেতিৰ সমস্যাটোও কিছু পৰিমাণে সমাধা হোৱাৰ সম্ভাৱনা আছে।

এই আটাইবোৰ দিশ বিবেচনা কৰি ৰাজ্যখনৰ পাহাৰীয়া জিলাকেইখনৰ ১৫টা স্থানত  শস্য দুবিধৰ খেতি বৰ্তমান পৰীক্ষামূলকভাৱে কৰা হৈছে। জানিব পৰামতে এই খেতি উত্তৰ-পূব পৰিষদৰ পুঁজিৰে আৰম্ভ কৰা প্ৰমোশ্যন অব ইনট্ৰিগেটেড হৰ্টিকালচাৰ ফাৰ্মিং ছিষ্টেম ইন শ্বিফটিং কালটিভেইশ্যন এৰিয়াজ অব মণিপুৰ নামৰ প্ৰকল্পৰ অধীনত কৰা হৈছে।

বিষয়াকেইজনে জনোৱা মতে ঝুম পদ্ধতিৰ খেতি আৰু অবৈধ আফিং খেতি হ’ল ৰাজ্যখনৰ দুটা প্ৰধান সমস্যা। বন, পৰিৱেশ, উদ্যান শস্য, কৃষি আৰু গৃহ বিভাগকে ধৰি চৰকাৰী বিভাগসমূহে এই সমস্যা দুটা সমাধান কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈছে। কিন্তু সমাধা কৰাৰ ক্ষেত্ৰত এতিয়াও দূৰতে ৰৈ গৈছে।

উল্লেখযোগ্য যে অলপতে চৰকাৰী সূত্ৰত প্ৰকাশ পাইছিল যে ঝুম খেতিৰ বাবে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ বনাঞ্চল হ্ৰাস পাইছে। জানিব পৰামতে মণিপুৰত প্ৰায় ৭০ হাজাৰটা পৰিয়াল (ইয়াৰে ৮০ শতাংশ জনজাতীয় লোক) ঝুমখেতিৰ সৈতে জড়িত হৈ আছে।