দুসপ্তাহে শুংসূত্ৰ নাই ৰেৱতী ফুকনৰ; অগপ-বিজেপিৰ যুগলবন্দী হ’লেই গুপ্তহত্যা হয় : প্ৰদ্যুৎ বৰদলৈ

Guwahati- Pradyut Bordoloi on secret killing during agp-bjp rule

চৰকাৰত অগপ-বিজেপি ( AGP-BJP )ৰ যুগলবন্দী হ’লেই অসমত গুপ্তহত্যা সংঘটিত হয়।  আলফা-চৰকাৰৰ আলোচনাৰ উদ্যোগ লোৱা ৰেৱতী ফুকন গুৱাহাটীৰ মাজমজিয়াৰ পৰা নিৰুদ্দেশ হোৱাৰ প্ৰায় দুসপ্তাহৰ পিছতো  চৰকাৰে আজি পৰ্য্যন্ত একো শুংসূত্ৰ উলিয়াব নোৱৰা প্ৰসংগত কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে আজি ৪ মে’ত এই আশংকা প্ৰকাশ কৰিছে।

‘ইতিহাস সাক্ষী আছে, যেতিয়া অগপ-বিজেপি যুগলবন্দী হয়, তেতিয়াই এটা চক্ৰই গা কৰি উঠে। ১৯৯৬ চনৰ পৰা ২০০১ চনৰ ভিতৰত যেতিয়া অসমত অগপ দলৰ চৰকাৰ আৰু কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ আছিল, তেতিয়াই গুপ্তহত্যা আৰম্ভ হৈছিল‘ শুকুৰবাৰে ৰাজীৱ ভৱনত এক সংবাদ মেলত বৰদলৈয়ে এই মন্তব্য কৰে।

আলফাৰ পৰিয়ালৰ সৈতে সম্পৰ্ক থকা লোকসকলক গুপ্তঘাটকে নি নি হত্যা কৰাৰ কথা উল্লেখ কৰি বৰদলৈয়ে ‘সেই পুৰণা চক্ৰটো গা কৰি উঠা নাইটো?’ বুলি আশংকা প্ৰকাশ কৰে।

২০০১ চনত শাসনলৈ আহি কংগ্ৰেছ চৰকাৰে গুপ্তহত্যাৰ সংস্কৃতি নাইকিয়া কৰাৰ কথা উল্লেখ কৰি তেওঁ দাবী কৰে যে ‘সোণোৱাল চৰকাৰে আইন-শৃংখলা ৰক্ষা হোৱা বুলি লোৱা বাহ বাহটো আচলতে কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসনৰহে ফলশ্ৰুতি।’

ৰাজ্যৰ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে তেওঁ গৃ্হ বিভাগৰো দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায়।

উল্লেখযোগ্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও ৰেৱতী ফুকনৰ নিৰুদ্দেশ অসমত পুনৰ গুপ্তহত্যাৰ আগমণৰ ইংগিত হ’ব পাৰে বুলি আৰু ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি কালি দাবী কৰিছিল।

আনহাতে প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া কৰি বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে ‘বিজেপি দল কেতিয়াও গুপ্ত হত্যাৰ সৈতে জৰিতই হ’ব নোৱাৰে। তেওঁলোকে উন্নয়ন হোৱাটো নিবিচাৰে। কংগ্ৰেছৰ এতিয়া জ্বৰ উঠিছে, গতিকে নেতাবিলাকে এতিয়া ভুল বকিছে। কংগ্ৰেছে হিতেশ্বৰ শইকীয়াৰ কাৰ্য্যকাল পাহৰি গ’ল নেকি? তেওঁলোকে যে অসম আন্দোলনৰ সময়ত ৮৫৫ জন শ্বহীদক যে গুলিয়াই গুলিয়াই হত্যা কৰিছিল সেইটো কি হত্যা আছিল?’