দুৰ্নীতি নিবাৰক শাখাৰ জেৰা ৰকিবুল হুছেইনৰ ব্যক্তিগত দেহৰক্ষী অশ্বিনী দাসক

Rakibul-Hussain-570x320

কংগ্ৰেছ চৰকাৰৰ শাসন কালত ক্ষমতাৰ অপব্যৱহাৰ কৰি বিশাল সম্পত্তি আহৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ ব্যক্তিগত দেহৰক্ষীক বৃহস্পতিবাৰে তীব্র জেৰা কৰে অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই৷

উল্লেখ্য যে দীর্ঘদিন ধৰি প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ ব্যক্তিগত দেহৰক্ষীৰ দায়িত্ব পালন কৰি অহা অশ্বিনী দাসক কালি দুর্নীতি নিবাৰক শাখাই কেইবা ঘণ্টা ধৰি জেৰা কৰে৷ প্রাক্তন মন্ত্রীজনৰ সম্পত্তি সন্দর্ভত তথ্য সংগ্ৰহৰ বাবেই তেওঁক দুর্নীতি নিবাৰকৰ মুখ্য কার্যালয়লৈ তলব কৰি জেৰা কৰা হয় বুলি জানিব পৰা গৈছে৷

মনকৰিবলগীয়া যে বিগত প্রায় ডেৰ দশক ধৰি ৰকিবুল হুছেইনৰ ব্যক্তিগত দেহৰক্ষী হিচাপে নিয়োজিত হৈ থকা অশ্বিনী দাসক অৱশ্যে পাছত যাবলৈ দিয়া হয়।

ইফালে দুর্নীতি নিবাৰক শাখাই ৰাজ্যৰ জিলাই জিলাই ৰাজহ বিভাগলৈ পত্র প্রেৰণ কৰি ৰকিবুল হুছেইনৰ সম্পত্তিৰ তালিকাৰ সঠিক তথ্য বিচৰা বুলি জানিব পৰা গৈছে। জ্যেষ্ঠ কংগ্রেছী নেতা অনিল ৰাজাই প্রাক্তন মন্ত্রীজনৰ সম্পত্তিৰ একাধিক তালিকা দি দুর্নীতি নিবাৰকত গোচৰ দিয়াৰ পাছত অসম চৰকাৰে বর্তমানৰ বিধায়কজনৰ বিৰুদ্ধে নিয়মীয়া তদন্তৰ অনুমতি প্রদান কৰিছিল৷

লক্ষণীয় যে ইয়াৰ পূর্বেও দুর্নীতি নিবাৰকে ৰকিবুল হুছেইনৰ সম্পত্তি সন্দর্ভত তেওঁৰ পত্নীকে ধৰি দেৱাশিস গোস্বামী, মনচুৰ আলী হাজৰিকা, অভিনৱ বৰা আৰু অৱতাৰ আগৰৱালাকে ধৰি বহুকেইজন লোকক জেৰা কৰিছিল।

বিধায়কজনৰ উপৰি তেওঁৰ পত্নী আৰু সন্তানৰ নামতো যদি সম্পত্তি আছে তাৰো হিচাপ দিয়াৰ নির্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে৷