দেওবাৰে মণিপুৰ কমলা উৎসৱৰ সফল সামৰণি

মণিপুৰৰ টামেংলঙত ৫ দিনীয়া কাৰ্যসূচীৰে চলা ১৪ সংখ্যক ৰাজ্যিক কমলা উৎসৱৰ দেওবাৰে সফল পৰি সমাপ্তি ঘটে। উৎসৱৰ শেষ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক আংবৌ নিউমাই। এই অনুষ্ঠানতে নিউমাই আয়োজক কমিটিক পি ডব্লিউ ডি আৰু গ্ৰাম্যাঞ্চল উন্নয়ন মন্ত্ৰী বিশ্বজিৎ সিঙৰ হৈ ৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়। লগতে টামেংলঙ অঞ্চলত শীতল পন্যাগাৰ তথা বাট-পথ, বিজুলী- বাতিৰ সমস্যা সমূহ বিভাগীয় মন্ত্ৰী গৰাকীয়ে সমাধান কৰি দিব বুলি স্থানীয় বিধায়ক গৰাকীয়ে আশ্বাস প্ৰদান কৰে। এই উৎসৱৰ সফল পৰিসমাপ্তিৰ বাবে আয়োজক তথা কমলা উৎপাদনকাৰী সকলক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও ভৱিষ্যতত এই কমলা উৎসৱ ৰাষ্ট্ৰীয় উৎসৱলৈ পৰিগণিত হোৱাৰ আশা ব্যক্ত কৰে মুখ্য অতিথি গৰাকীয়ে। উল্লেখযোগ্য যে আয়োজক কমিটিৰ অধ্যক্ষ তথা টামেংলঙৰ এ ডি চি নামছিনৰেই পানমিয়ে আয়োজক কমিটিক ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়াই আৰু উৎসৱটিৰ সফলতাৰ বাবে কমলা উৎপাদনকাৰী সকলক ধন্যবাদ জনায়।

এই উৎসৱৰ শেষ কাৰ্যসূচীতে শ্ৰেষ্ঠ কমলা উৎপাদনকাৰী হিচাপে গাইগুপিলুক প্ৰথম, ডেভিদ গাঙমেই দ্বিতীয় আৰু টাৱাংকাম নিউমি আৰু গুইংমিলিউ যুটীয়াভাবে তৃতীয় স্থান লাভ কৰে।  প্ৰথম স্থান প্ৰাপ্ত উৎপাদনকাৰী জনক ২ লাখ নগদ টকাৰ লগতে মানপত্ৰ এখন, দ্বিতীয় আৰু তৃতীয় উৎপাদনকাৰী কেইজনক ক্ৰমে ১ লাখ আৰু ৭৫ হাজাৰ টকাৰে পুৰস্কৃত কৰে। লগতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীলৈ ৭ হাজাৰ টকাকৈ আগবঢ়ায়। বেয়া বতৰকো নেওচি হাজাৰ হাজাৰ লোকে গীত-মাত-নৃত্যৰে মুখৰিত কৰি ১৪ সংখ্যক কমলা উৎসৱৰ সামৰণি পেলায় ।