‘দ্য বিজ এৱাৰ্ড’ৰ বাবে হংকঙলৈ আমন্ত্রিত ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বনিয়া

উৎপল বনিয়া

আধুনিক সভ্যতাই স্পৰ্শ কৰা অসমীয়া জাতিৰ অতিকৈ মৰমৰ সম্পদ হিচাপে পৰিচিত অসমীয়া গহনাৰ প্রতি ভাবুকি আনিছে পশ্চিমীয়া সংস্কৃতিয়ে। অসমীয়া জাতীয় সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতিৰ লগতে থলুৱা আ-অলংকাৰৰ প্রতি অশনি সংকেত কঢ়িয়াই আনিছে।

একেদৰে যিটো সময়ত অসমৰ পৰম্পৰাগত পুৰণি সম্পদ তথা অলংকাৰসমূহ বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াস কৰিব লাগিছিল তেনে স্থলত নিজ ৰাজ্যতে বিদেশী অলংকাৰে গ্ৰাস কৰি পেলাইছে।

ইয়াৰ মাজতে উচ্চ শিক্ষিত অসমীয়া যুৱক তথা ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বনিয়াই বিভিন্ন গ্ৰন্থ লিখাকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু আলোচনা চক্ৰত অসমীয়া গহনাৰ বিশ্বজনীনতা আৰু সাৰ্বজনীনতা সুন্দৰভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে।

সম্প্ৰতি বনিয়াই তেওঁৰ অহোপুৰুষাৰ্থৰ বাবে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।  অহা ১৩ আৰু ১৪ নবেম্বৰত হংকঙত হ’ব লগা দ্য বিজ এৱাৰ্ডত ডুগডুগী অসমীয়া গহনাৰ স্বত্বাধিকাৰী উৎপল বনিয়ালৈ আগবঢ়াইছে শ্ৰেষ্ঠ বৱসায়ীৰ এৱাৰ্ড।

উল্লেখযোগ্য যে ‘ৱৰ্ল্ড কনফেডাৰেশ্যন অৱ বিজনেছ’ নামৰ আমেৰিকাৰ টেক্সাছৰ হাউছটনৰ সংগঠনটোৱে প্ৰতিবছৰে বাণিজ্যৰ ক্ষেত্ৰখনত নিজৰ প্ৰতিভাৰে উজলি উঠা ব্যৱসায়ীসকলক বাণিজ্যৰ শ্ৰেষ্ঠ বঁটা দ্য বিজ এৱাৰ্ড প্ৰদান কৰি আহিছে।

সংবাদ মাধ্যমক উৎপল বনিয়াই জানিবলৈ দিয়ে যে গ্ৰাম উদোগী হিচাপে অহা ১৬ জুলাইত দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হব লগা নিউ ইণ্ডিয়া কনক্লেভ এৱাৰ্ড উৎসৱত তেওঁ অংশ গ্ৰহণ কৰিব য’ত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰীৰ গতে বলীউদৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰ।