দৰং জিলাত চাৰিদিনীয়া গুণোৎসৱ কাৰ্য্যসূচীৰ সফল সামৰণি

Gunotsav

জিলাখনৰ ১২৮০ খন প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় এক লাখ ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা দৰং জিলাৰ গুণোৎসৱ কাৰ্য্যসূচীৰ যোৱা শনিবাৰে সফলতাৰে সামৰণি পৰে। অসমত নতুনকৈ আৰম্ভ হোৱা এই কাৰ্য্যসূচীটোত জিলাখনৰ সকলো ঠাইৰ সমাজৰ সৰ্বস্তৰৰ লোকে পূৰ্ণ সহযোগিতা আগ বঢ়োৱা বুলি শিক্ষা বিভাগৰ পৰা জানিবলৈ দিছে। জিলাখনত সৰ্বশিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই এন ই নাওক জনোৱা মতে এই মূল্যায়ন প্ৰক্ৰিয়াত ৫১৭ জন বহিঃপৰীক্ষকে বহুকেইজন জ্যেষ্ঠ চৰকাৰী বিষয়ায়ো বহিঃপৰীক্ষক হিচাপে অংশগ্ৰহণ কৰিছিল। এইসকলৰ মাজত জ্যেষ্ঠ আই এ এছ বিষয়া ৰাজেশ প্ৰসাদ আৰু প্ৰতীম শইকীয়াই ক্ৰমে ছিপাঝাৰ শিক্ষা খণ্ডৰ অধীনৰ নাৰিকলী প্ৰাথমিক বিদ্যালয় আৰু বি জে বালিকা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে। তেওঁলোকৰ উপৰি আই এফ এছ বিষয়া হৃদেশ মিশ্ৰ আৰু অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ কমাণ্ডেণ্ট নিতুল গগৈ, দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু আৰক্ষী অধীক্ষক শ্ৰীজিথ থিৰাভিয়ামে ক্ৰমে মীনাপাৰৰ মাজগাওঁ প্ৰাথমিক বিদ্যালয় আৰু আউলাচুকাৰ বিয়না-ওজা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে। গুণোৎসৱৰ মাজতে বিধায়ক বিনন্দ কুমাৰ শইকীয়া, গুৰুজ্যোতি দাস আৰু ইলিয়াছ আলীয়ে সংশ্লিষ্ট বিধানসভা সমষ্টিৰ অধীনৰ বিদ্যালয় পৰিদৰ্শন কৰে।

গুণোৎসৱৰ অন্তিম দিনটোত কামৰূপ মহানগৰ জিলাৰ মিৰ্জাস্থিত ডায়েটৰ জ্যেষ্ঠ অনুষদী (ফেকাল্টি) বৰ্ণালী দাস পালে শোণিতপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত মূল্যায়ন সম্পন্ন কৰে। তেওঁ মূল্যায়ন সম্পন্ন কৰাৰ লগতে স্থানীয় লোকসকলৰ সৈতেও মত বিনিময় কৰে। মত বিনিময়ৰ সময়ত তেওঁ সমাজৰ পিছপৰা অংশটোৰ ছোৱালীসকলক আগ বঢ়াই নিয়াৰ বাবে অধিক চেষ্টা কৰা উচিত বুলি কয়।