দৰঙৰ জিলা সদৰত সপ্তাহজোৰা গামোচা মেলা-২০১৮ আৰম্ভ

MLA, Mangaldai Gurujyoti Das in a stall at the Gamosa Mela

দেওবাৰে দৰং জিলাৰ সদৰ মঙলদৈত জিলা হস্ততাঁত আৰু বয়ন বিভাগে জিলা প্ৰশাসনৰ সহযোগত মুকলি কৰা গামোচা মেলা-২০১৮ নামৰ  বিহুৱানৰ মেলাখনে উঠি অহা হস্ততাঁত শিল্পীসকলৰ বাবে এটা আশাৰ বতৰ কঢ়িয়াই আনিছে। এসপ্তাহ ধৰি চলিবলগীয়া এই মেলাখনত মঙলদৈ চহৰৰ স্থানীয় শিপিনীৰ দ্বাৰা বোৱা গামোচা প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰি কৰা হ’ব।

জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত মঙলদৈৰ বিধায়ক গুণুজ্যোতি দাসে এই মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল শিপিনী, ক্ৰেতা, বিভিন্ন আত্মসহায়ক গোট আৰু সংগঠনৰ সদস্যসকল দৰঙৰ হস্ততাঁত আৰু বয়ন বিভাগৰ সহকাৰী আয়ুক্ত হেমাশ্ৰী খনিকৰ আৰু সহকাৰী সঞ্চালক বিপুলজ্যোতি কলিতা, পি কে গোস্বামী, মঙলদৈ পৌৰসভাৰ সভাৰ সভাপতি প্ৰতাপ বৰদলৈ, মহিলা উদ্যোগী উপাসনা ডেকা আৰু শেৱালী কলিতা গোস্বামী বিখ্যাত ব্যক্তি উপস্থিত আছিল।

ভাষণত মঙলদৈৰ বিধায়ক দাসে মঙলদৈৰ উঠি অহা সিপিনীসকলক এই বৃত্তিটো এটা পেছা হিচাপে গ্ৰহণ কৰি বজাৰৰ ব্যাপক চাহিদা পূৰণ কৰাৰ বাবে আহ্বান জনায়। শিপিনীৰ এই উদ্যোগে অসমৰ বাহিৰৰ আৰু চুবুৰীয়া বাংলাদেশৰ যান্ত্ৰিক তাঁতত বোৱা গামোচাৰ আমদানি বন্ধ কৰিব বুলি তেওঁ মন্তব্য কৰিছে।