দৰিদ্ৰতাক নেওচি মেট্ৰিকত ডিষ্টিংশ্যন লাভ বেবেজীয়াৰ কৃষ্ণাশ্ৰী ডেকাৰ

শিক্ষাৰ আহৰণৰ ক্ষেত্ৰত আৰ্থিক দৈন্য যে কোনো কাৰণতে হেঙাৰ হ’ব নোৱাৰে এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰিলে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ খালৈগাঁ‌ৱৰ এই পৰিয়ালটোত। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ খালৈগাঁ‌ৱৰ দৰিদ্ৰ পৰিয়ালটোৰ কন্যা তথা কৃতী ছাত্ৰী কৃষ্ণাশ্ৰী ডেকাই বৃহত্তৰ হাতীচোং অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে খালৈগাঁৱৰ লাচিত বৰফুকন উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ অসমীয়াত ৮৫, ইংৰাজীত ৯০, সাধাৰণ গণিতত ৯১, বিজ্ঞানত ৮৮, সমাজ বিজ্ঞানত ৮৯ আৰু উচ্চ গণিতত ৮৭ নম্বৰ লাভ কৰি ডিষ্টিংশ্যনসহ সৰ্ববমুঠ ৫৩০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় কৃষ্ণাশ্ৰী ডেকা।

প্ৰাপ্ত তথ্য মতে খালৈগাঁও নিবাসী তুলেন ডেকা আৰু কুঞ্জলতা ডেকাৰ কনিষ্ঠ সন্তান কৃষ্ণাশ্ৰী ডেকা। কৃতী ছাত্ৰী গৰাকীৰ দেউতাকে হোমগাৰ্ড ৰূপে উপাৰ্জন কৰা কেইটিমান টকাৰে পোহপাল দি আহিছে চাৰিজনীয়া পৰিয়ালটো।

কিন্তু সৰুৰেপৰা ঘৰৰ সকলো ধৰণৰ কাম-কাজৰ সমানে সমানে অধ্যয়নকাৰ্য চলাই নিছিল যদিও কৃষ্ণাশ্ৰীয়ে পঢ়াৰ বাবে পোৱা নাছিল প্ৰয়োজনীয় সা-সুবিধা। তাৰোপৰি ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ কৃতী ছাত্ৰী গৰাকীয়ে অঞ্চলটোলৈ সাফল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ইফালে উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নাৰ্মভৰ্তি কৰি ভৱিষ্যতে এগৰাকী সফল অভিযন্তা হোৱাৰ সপোন পুহি ৰাখিছে কৃষ্ণাশ্ৰীয়ে।