NORTHEAST NOW (Assamese)

ধাৰত ডুব যোৱাৰ অজুহাত দেখুৱাই কেইবাখনো চাহ বাগিচা বেচিব খুজিছে মেকলয়েড ৰাছেলে

June 16, 2018 11:12 pm · হিতোজ্বল চেতিয়া
প্ৰতিনিধিত্বমূলক চিত্ৰ

ধাৰৰ বোজাত ডুব যোৱাৰ অজুহাত দেখুৱাই মেকলয়েড ৰাছেল কোম্পানীয়ে তেওঁলোকৰ অধীনত থকা উজনি অসমৰ লগতে ডিমৌৰ কেইবাখনো চাহ বাগিচা বিক্ৰী কৰিবলৈ লোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চাহ শ্ৰমিকসকল।

উল্লেখযোগ্য যে, মেকলয়েড ৰাছেল কোম্পানীয়ে তেওঁলোকৰ অধীনত থকা কেইবাখনো চাহ বাগিচা ধাৰত ডুব গৈ আছে বুলি উল্লেখ কৰি উজনিৰ কেইবাখনো চাহ বাগিচাৰ লগতে ডিমৌৰ আঠাবাৰী চাহ বাগিচাৰ অন্তৰ্গত অাঠাবাৰী, লাওজান, কলিয়াপানী আৰু দিৰৈ শাখাকেইটা বিক্ৰী কৰিবলৈ মন মেলিছে।

উক্ত চাৰিটা শাখা বিক্ৰী কৰিবলৈ লোৱা বুলি জানিব পাৰি শাখাকেইটাত কৰ্মৰত চাহ শ্ৰমিক ৰাইজৰ মাজত এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ফলত বৃহস্পতিবাৰে কেইবাশ চাহ শ্ৰমিক ৰাইজে আঠাবাৰী চাহ বাগিচা পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে।

শ্ৰমিক ৰাইজৰ দাবী অনুসৰি আঠাবাৰী শাখা কেইটাৰ পৰা কোম্পানীয়ে আজি কেইবাবছৰ ধৰি অতি উৎসাহজনক ভাৱে উন্নতমানৰ চাহপাত উৎপাদন কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত আঠাবাৰী চাহ বাগিচা চাহ উৎপাদনৰ বাবে কেইবাবাৰো পুৰস্কৃত হৈছে।

এনে প্ৰেক্ষাপটত কোম্পানীয়ে শ্ৰমিকলোকসকলক এক প্ৰকাৰ অন্ধকাৰত ৰাখি ধাৰৰ বোজা থকা দেখুৱাই শাখাকেইটা বিক্ৰী কৰিবলৈ লোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শ্ৰমিক সকলে।

শ্ৰমিক সকলে কোনো কাৰণতে শাখাকেইটা আন কোম্পানীক বিক্ৰী কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে। লগতে বাগিচাৰ খালি হৈ থকা শ্ৰমিক আৰু উপ কৰ্মচাৰীৰ পদত শীঘ্ৰে নিযুক্তি দিয়া, অৱসৰপ্ৰাপ্ত, নামকৰ্তন আৰু মৃত্যু হোৱা শ্ৰমিকসকলৰ পেন্সনৰ ধন শীঘ্ৰে আদায় দিয়া আদি দাবী জনাই এখন স্মাৰকপত্ৰ বাগিচাৰ জ্যেষ্ঠ পৰিচালকৰ হাতত ৰাইজে অৰ্পণ কৰে।

Related News