স্ব-গৃহত ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক সম্বৰ্ধনা মন্ত্রী কেশৱ মহন্তৰ; এক লাখ টকাৰ চেক প্ৰদান

8d2f15ca-353f-4f02-9b30-d613b8b0e4ca

অসমীয়াৰ মান বিশ্বৰ বুকুত জিলিকাই তুলিবলৈ সক্ষম হোৱা আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ তথা ‘ধিং এক্সপ্ৰেছ’ৰূপে ইতিমধ্যে পৰিচিত হোৱা হিমা দাসক আজি নগাঁও জিলাৰ ধিং কান্ধুলীমাৰীৰ নিজ গৃহত জলসম্পদ মন্ত্রী কেশৱ মহন্তই অভিনন্দন জনায়।

উল্লেখ্য যে সুদীৰ্ঘ ৯ মাহৰ মূৰত স্ব-গৃহত উপস্থিত হোৱা হিমা দাসক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেই আজি পুৱা মন্ত্রীগৰাকীয়ে নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিসহ হিমাৰ বাসগৃহত উপস্থিত হৈ হিমাক এখনি শৰাই আৰু ফুলাম গামোচাৰে সম্বৰ্ন্ধনা জনোৱাৰ লগতে হিমাৰ প্ৰশিক্ষককো অভিনন্দন জ্ঞাপন কৰে।

ইয়াৰ উপৰি হিমাই প্ৰশিক্ষণত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে মন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ এখন এক লাখ টকাৰ চেক প্ৰদান কৰে।

উল্লেখ্য যে গুৱাহাটী সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক প্ৰতিযোগিতাত হিমাই দুশ মিটাৰ দৌৰত ২৩.১০ ছেকেণ্ড আৰু চাৰিশ মিটাৰত ৫১.১৩ ছেকেণ্ড সময়ৰে দুটাকৈ স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। আনহাতে এই পদক জয়েৰে হিমাই আগন্তুক এছিয়ান গেইমছলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়।

অতি কঠোৰ সংগ্ৰামৰ মাজেৰে এটাৰ পাছত আন এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা হিমাই অহা সাত জুলাইত বিশ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপৰ বাবে উৰা মাৰিব ফিনলেণ্ড অভিমুখে। আৰু তাৰ পিছত এছিয়ান গেইমছৰ প্ৰস্তুতিৰ বাবে ইউক্ৰেইনলৈ যাব আৰু ইউক্ৰেইনৰ পৰাই ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেইমচত ভাৰতর হৈ অংশগ্রহণ কৰিব।