ধুবুৰীত আটক ভুৱা পৰিচয়েৰে বিয়া পাতিবলৈ অহা বহিৰ্ৰাজ্যৰ দৰা

Bride-and-groom-570x320

দৰা আৰু কইনা। ফটো : নৰ্থইষ্ট নাও

ফেচবুকৰ জৰিয়তে বহিঃৰাজ্যৰ এজন যুৱকেৰে চিনাকি হৈ  ধুবুৰীৰ এগৰাকী যুৱতীয়ে বিবাহপাশত আবদ্ধ হৈ সুখৰ সংসাৰ গঢ়াৰ সপোন ৰচিছিল। কিন্তু  বৃহস্পতিবাৰে বিয়াৰ দিনা বহিঃৰাজ্যৰ দৰাসহ তিনিজনকৈ যুৱকক ধুবুৰী আৰক্ষীয়ে আটক কৰাৰ পিছত বিবাহৰ সপোনৰ তাতেই সমাপ্তি ঘটিল।

ঘটনা অনুসৰি ধুবুৰী চহৰৰ যুৱতী তথা জিলা উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী শোভা বাচফোৰৰ মধ্যপ্ৰদেশৰ ফোৰহানপুৰ জিলাৰ মহম্মদ পুৰাৰ গজেন্দ্ৰ মুৰুলীধৰণ (৩২) নামৰ যুৱকজনৰ সৈতে প্ৰায় দহ মাহমান পূৰ্বে ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল। তাৰ পিছতে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্কই গঢ় লৈ উঠে।

ইয়াৰ পিছতেই কিছুদিন পূৰ্বে যুৱতীগৰাকীৰ সৈতে যোগাযোগ কৰি বহিৰ্ৰাজ্যৰ যুৱকজন ধুবুৰীত উপস্থিত হৈ যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে মিলি থাকি ঘৰ-জোঁৱাই হৈ থাকিব বুলি প্ৰলোভন দেখুৱাই যুৱতীগৰাকীক বিয়াৰ প্ৰস্তাৱ দিয়ে। যুৱকজনৰ এই প্ৰস্তাৱত যুৱতীগৰাকীৰ লগতে পৰিয়ালৰ লোকে সন্মতি প্ৰকাশ কৰে।

সেই অনুসৰি বৃহস্পতিবাৰে বিয়াৰ দিন ঠিক কৰি গজেন্দ্ৰই ৰাজস্থানৰ অশোক কুমাৰ (৪০) আৰু মহাৰাষ্ট্ৰৰ অমিত আনন্দ (৩০) নামৰ দুই বন্ধুক লগত লৈ বিয়া কৰাবলৈ ধুবুৰীৰ যোগমায়া মন্দিৰৰ বিবাহ মণ্ডপত উপস্থিত হয়। একে সময়তে উপস্থিত হয় কইনা পক্ষৰ লোকো। কিন্তু তেনে সময়তে উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত একাংশ কৰ্মচাৰীৰ সন্দেহ ওপজাত বিয়াৰ কিছু মুহূৰ্তৰ পূৰ্বে যোগমায়া মন্দিৰত উপস্থিত হৈ দৰাৰ লগতে দুই বন্ধুৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণপত্ৰ বিচাৰে যদিও কোনোধৰণৰ প্ৰমাণপত্ৰ দেখুৱাবলৈ সক্ষম নহ’ল।

তেওঁলোকে দুই-এখন প্ৰমাণপত্ৰ দেখুৱায় যদিও সেয়া নকল হিচাপে বিবেচিত হয়। পিছত ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীক অৱগত কৰি দৰাসহ তিনি যুৱকক  আৰক্ষীক গতাই দিয়া হয়।

ইপিনে ঘটনা সন্দৰ্ভত কইনাৰ মাতৃয়ে যুৱক তিনিজনৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪১৭/ ৪১৯/৩৬৬/৩৭২/৫১১ ধাৰাৰ অধীনত ৯৪৫/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে বিয়া উপলক্ষে কইনাপক্ষই ধুবুৰী সাহিত্য সভা ভৱনত ভোজভাতৰ আয়োজন কৰিছিল যদিও সেয়া স্থগিত ৰাখিবলগীয়া হয়।

ইফালে আৰক্ষীয়ে সোধ-পোছৰ পাছত বিয়াৰ গইনা লৈ যুৱককেইজনে  যুৱতীগৰাকীক নাৰী সৰবৰাহকাৰীৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ ৰচাৰ সন্দেহ সম্পৰ্কত ধুবুৰী আৰক্ষীয়ে অনুসন্ধান চলাই আছে।