NORTHEAST NOW (Assamese)

ধুবুৰীত চি আৰ পি এফৰ জোৱানৰ আত্মহত্যা

November 23, 2017 7:32 am · এন ই নাও নিউজ ব্যুৰো, ধুবুৰী :

কালিৰ এটা ঘটনাত মানকাচৰত থকা শিবিৰত চি আৰ পি এফৰ এজন জোৱানে তেওঁৰ সহকৰ্মীৰ ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰে। চি আৰ পি এফৰ সূত্ৰই কয় যে ৪৮ বেটেলিয়নৰ জোৱান দ্বিজেন কুমাৰে পুৱা ৭.১৫ বজাত এই চৰম সিদ্ধান্তটো লয়। সহকৰ্মীসকলে তেওঁৰ বেৰেকৰ পৰা গুলীৰ শব্দ শুনি দৌৰি যায় আৰু তেওঁক তেজৰ ডোঙাত পৰি থকা দেখে। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত জোৱানজনৰ ঘৰ অসমৰ কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অধীনৰ গোঁসাই ঘাট গাৱঁত বুলি জানিব পৰা গৈছে। দ্বিজেন কুমাৰে কিয় আত্মহত্যা কৰিলে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। চি আৰ পি এফৰ তৰফৰ পৰা ঘটনাটোৰ তদন্ত ঘোষণা কৰা হৈছে বুলি অৱগত কৰে। ইতিপূৰ্বে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু মৃতদেহ তেওঁৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছে।

Related News