ধৰ্মনগৰত বিৰল প্ৰজাতিৰ বনৰীয়া মেকুৰী উদ্ধাৰ

wild cat

ধৰ্মনগৰত ন কৰ্মীসকলে পিঞ্জৰাবদ্ধ কৰা বনৰীয়া মেকুৰীটো

ধৰ্মনগৰৰ জয়হিন্দ পথৰ বাসিন্দা দুলাল ভট্টাচাৰ্যি নামৰ লোকজনৰ ঘৰত এটা দুস্পাপ্য প্ৰজাতিৰ বনৰীয়া মেকুৰী উদ্ধাৰ হৈছে। কাহানিও চকুত নপৰা এই বনৰীয়া মেকুৰীটোৰ সন্দৰ্ভত স্থানীয় লোকসকলৰ মাজত যথেষ্ট কৌতুহল দেখা পোৱা হৈছে।

উল্লেখ্য যে দুলাল ৰয়ে প্ৰথমে তেওঁৰ ঘৰৰ চালৰ ওপৰত এই দুষ্প্ৰাপ্য বনৰীয়া মেকুৰীটো দেখা পায়। তাৰ পাছত প্ৰাণীটোৱে তেওঁৰ ঘৰৰ ভিতৰলৈ সোমাই যায়। পিছে অন্য দহজন সাধাৰণ লোকৰ দৰে প্ৰাণীটোৰ প্ৰাণ হৰণ কৰাৰ কথা নাভাবি তাক উদ্ধাৰ কৰাৰ বাবে বন বিভাগৰ লোকক খবৰ দিয়ে। তাৰ আগতে তেওঁ প্ৰাণীটো পলাব নোৱাৰাকৈ ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখে।

খবৰ পাই বন বিভাগৰ লোক আহি উপস্থিত হৈ বনৰীয়া মেকুৰীটো তেওঁলোকৰ জিম্মাত লয়।পৰৱৰ্তী সময়ত বন বিষয়াসকলে বনৰীয়া মেকুৰীটো ৰোহুৰা অৰণ্যত এৰি দিয়ে।

বনৰীয়া মেকুৰিটোৰ সন্দৰ্ভত প্ৰাথমিক প্ৰাণী বিজ্ঞানভিত্তিক তথ্য যেনে নাম, বাসস্থান, খাদ্যাভ্যাস, চলন-ফুৰণ আদিৰ বিষয়ে জানিব পৰা হোৱা নাই। উল্লেখ্য যে মেকুৰী পৰিয়ালৰ সকলো প্ৰজাতিয়েই মাংসাহাৰী।