ৰাজ্যখনত শেহতীয়াকৈ বৃদ্ধি পোৱা ধৰ্ষণৰ নিচিনা জঘন্য কাণ্ডৰ প্ৰতিবাদত, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰৱৰ্তন আৰু নাৰীৰ সুৰক্ষা প্ৰদানৰ দাবীত আজি বৰপেটা জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত বৰপেটাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।
দুপৰীয়া দিনৰ বাৰ বজাৰ পৰা ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত মহিলা কংগ্ৰেছ কৰ্মী সকলে ধৰ্ষণকাৰীক ফাঁচি দিয়ক, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰনয়ন কৰক, নাৰীৰ সুৰক্ষা নিশ্চিত কৰক আদি বিভিন্ন শ্লোগান দিয়ে ৷
প্ৰতিবাদী কাৰ্যসূচীত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জুৱাৰা বেগমৰ লগতে আঠটা ব্লক কংগ্ৰেছৰ মহিলা কৰ্মীসকল উপস্থিত থাকে ৷
ৰাজ্যখনত শেহতীয়াকৈ নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধসমূহ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সংগঠনটোৰ নেতৃত্বই দাবী তোলে।
আজিৰ প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰা মহিলা কংগ্ৰেছৰ কৰ্মীসকলে ধৰ্ষণৰ দৰে জঘন্য কাৰ্য সংঘটিত কৰা অপৰাধীসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক লগতে দাবী জনায়।