নংপোত হকী ষ্টেডিয়াম নিৰ্মাণৰ প্ৰস্তাব ৰি-ভই জিলা হকী সংস্থাৰ
মেঘালয়ৰ ৰি-ভই জিলা হকী সংস্থাই (Ri-Bhoi District Hockey Association, চমুকৈ RBDHA))শুকুৰবাৰে নংপোত এখন হকী ষ্টেডিয়ামৰ দাবী তুলিছে।
হকী সংস্থাটোৰ এটা সঁজাতী দলে শুকুৰবাৰে মেঘালয়ৰ ক্ৰীড়া মন্ত্ৰী বান্তেইডোৰ লিংডোক সাক্ষাৎ কৰি নংপোত এখন হকী ষ্টেডিয়াম নিৰ্মাণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
তাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা এটা বাৰ্তালাপত ৰি-ভই জিলা হকী সংস্থাৰ সভাপতি ডি এছ মালায়ে কৈছিল যে মেঘালয় ৰাজ্যত খেলিবলৈ এখন খেলপথাৰ নাই, এখন সুকীয়া হকী ষ্টেডিয়াম দুৰৰ কথা।
হকী সংস্থাটোৱে ৰাজ্যিক ক্ৰীড়া মন্ত্ৰীগৰাকীক এখন হকী ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথাটো বিৱেচনা কৰাৰ বাবে অনুৰোধ কৰে।
হকী সংস্থাটোৰ সভাপতিগৰাকীয়ে আৰু জনায় যে এখন ষ্টেডিয়াম নিৰ্মিত হ’লে এই এলেকাৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যখনৰো উঠি অহা হকী খেলুৱৈসকলে তেওঁলোকৰ প্ৰতিভা বিকশাই তোলাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব।
হকী সংস্থাটোৰ সভাপতিগৰাকীয়ে আৰু জনায় যে জিলাখনৰ বাসিন্দাসকলে ষ্টেডিয়ামৰ বাবে প্ৰয়োজনীয় ৬ একৰ ভূমি দান কৰিছে।
ক্ৰীড়া মন্ত্ৰী লিংডোৱে ৰি-ভই জিলা হকী সংস্থাৰ সঁজাতী দলটোক আশ্বাস প্ৰদান কৰিছে যে তেওঁ বিষয়ে ভাবি চাব এই সম্পৰ্কে আলোচনা কৰিবলৈ যিমান পাৰি সোনকালে বিষয়াসকলৰ এখন সভা আহ্বান কৰিব।