NORTHEAST NOW (Assamese)

নকল সোণ-ৰূপৰ ব্যৱসায় কৰা প্ৰৱঞ্চকক খাৰুপেটীয়াত গ্ৰেপ্তাৰ

March 10, 2018 12:31 pm · ময়ূখ গোস্বামী

দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী থানাৰ আৰক্ষীয়ে শুকুৰবাৰে তালাচী চলাই নকল সোণ-ৰূপৰ ব্যৱসায় কৰা এটা প্ৰৱঞ্চক চক্ৰ উৎখাত কৰে।

আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত খগজানি গাঁৱৰ এজন বাসিন্দা গোলাপ আলীক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা গোলাপ আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে নকল সোণ আৰু নকল ৰূপেৰে তৈয়াৰী পদক আৰু পাত্ৰকে ধৰি বৃহৎ পৰিমানৰ সামগ্ৰী উদ্ধাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত গৰাকীক কৰা জেৰাত দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে প্ৰৱঞ্চক চক্ৰটোৰ আন সদস্যসকলক বিচাৰি অভিযান আৰম্ভ কৰিছে।

তদুপৰি, দৰং জিলাৰ বিভিন্ন প্ৰান্তত ব্যৱসায় চলাই থকা প্ৰৱঞ্চক চক্ৰটোৰ বিষয়ে বিশদ তথ্য উদ্ধাৰৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

নকল সোণ-ৰূপৰ জৰিয়তে মানুহক প্ৰলোভন দি ঠগ-প্ৰৱঞ্চনা কৰি অহা প্ৰৱঞ্চকৰ চক্ৰ গোটেই ৰাজ্যখনতে বিয়পি থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

 

 

Related News