নগাঁও কাগজ কলৰ ২০০ কৰ্মচাৰীক চাকৰিৰ পৰা খেদাৰ ষড়যন্ত্ৰ : নাপালে তিনি মাহৰ দৰমহাও

NagaonPaperMill

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে মাৰ্চ মাহৰ অন্তিম দিনটোত কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰ্যালয়ে হিন্দুস্তান পেপাৰ কৰ্প’ৰেইশ্যনৰ অধীনৰ জাগীৰোডৰ নগাঁও কাগজ কল আৰু পাঁচগ্ৰামস্থিত কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ তিনিমাহৰ দৰমহা মুকলি কৰি দিছিল যদিও সেয়া কেৱল একাংশ কৰ্মচাৰীৰ বাবেহে আছিল।

কাগজ কলটোত যোৱা প্ৰায় ৩০ বছৰে কৰ্মচাৰী হিচাপে কাম কৰি অহা প্ৰায় ২০০ কৰ্মচাৰীয়ে এতিয়াও পোৱা নাই দৰমহা। এই অন্যায়ৰ বলি হোৱা কৰ্মচাৰীসকলে অভিযোগ কৰামতে, তেওঁলোকক কামৰ পৰা খেদাৰ সকলো প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে কলটোৰ ব্যৱস্থাপনাত জড়িতসকলে। এয়া কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশতে কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বঞ্চিত কৰ্মচাৰীসকলে। আজি এই ষড়যন্ত্ৰৰ লগতে দৰমহাৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত কাগজকলটোৰ এই কৰ্মচাৰীসকলে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে হিন্দুস্তান পেপাৰ কৰ্প’ৰেইশ্যনৰ অধীনৰ জাগীৰোডৰ নগাঁও কাগজ কল আৰু পাঁচগ্ৰামস্থিত কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে যোৱা প্ৰায় ১৮-১৯ মাহৰ দৰমহা নোপোৱাকৈ আছিল। বিভিন্ন আৱেদন-নিবেদন আৰু প্ৰতিবাদৰ অন্ততঃ চৰকাৰে তেওঁলোকৰ প্ৰাপ্য ১৮-১৯ মাহৰ দৰমহাৰ ঠাইত মাত্ৰ ৩ মাহৰ মুকলি কৰি দিছিল যোৱা ৩১ মাৰ্চত।

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে এই মুকলি কৰি দিয়া দৰমহাৰ মাজত কেজুৱেল কৰ্মচাৰীসকলৰ দৰমহা অন্তৰ্ভুক্ত হোৱা নাছিল। অথচ তেওঁলোকেও একেই তাৰিখৰ পৰা দৰমহা নোপোৱাকৈ আছিল।

আজি প্ৰতিবাদ কৰা কৰ্মচাৰীসকলে অভিযোগ কৰে যে তেওঁলোকক কলটোৰ পৰা খেদিবলৈ কেন্দ্ৰীয় চৰকাৰে ষড়যন্ত্ৰ কৰিছে। তেওঁলোকক দৰমহা নিদিয়াৰ লগতে তেওঁলোকৰ বাবে থকা পান্সিং মেচিনো কাৰ্য্যালয়ৰ পৰা উঠাই দিয়া হৈছে।

মন কৰিব লগীয়া যে এই কৰ্মচাৰীসকলৰ প্ৰায় সংখ্যকেই কলটোৰ জন্মলগ্নৰ পৰাই কাম কৰি আহিছে। লগতে তেওঁলোকে আনসকলৰ দৰেই নিয়মীয়াকৈ দৰমহা পাই আহিছিল। কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক দৰমহাৰ পৰা বঞ্চিত কৰাৰ লগতে কামৰ পৰা চাটাই কৰিবলৈ ওলাইছে।