নগাঁৱত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে এইছ আই ভি ৰোগী : ৰোগীৰ সংখ্যা বৰ্তমান ৪১৮ জনলৈ বৃদ্ধি

অবিভক্ত নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ কৃষিজীৱী ৰাইজৰ হেজাৰ হেজাৰ বিঘা শস্যক্ষেত্ৰ, শাক-পাচলিৰ পথাৰ, ঘৰ-বাৰীকে ধৰি অন্যান্য সা-সম্পত্তি মহাবাহু ব্ৰহ্মপুত্ৰৰ বিধ্বংসী বান খহনীয়াত বিনষ্ট হোৱাত বিশেষকৈ এই অঞ্চলৰ অথনীতিৰ অৱস্থা শোচনীয় হোৱাত সাধাৰণ জনতাৰ অৱস্থা কুলাই পাচিয়ে নধৰা হৈছে। আশী দশকৰ মাজভাগৰ পৰা আৰম্ভ হোৱা বান আৰু গৰাখহনীয়াত জুৰুলা হোৱা নগাঁও অঞ্চলৰ বিভিন্ন অঞ্চলৰ ৰাইজে অঘৰী জীৱন-যাপন কৰাৰ লগেত বহুতে আকৌ পেটৰ তাড়নাত জীৱিকাৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে। আনহাতে কোনো কোনো লোকে নিজৰ তেজ, কিডনী বিক্ৰী কৰাৰ লগতে আন কোনো পিতৃয়ে নিজৰ জীয়েকক দেহ ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰাইছিল। কিন্তু এই দুৰ্গত মানুহখিনিৰ জলন্ত সমস্যাৰ সামাধানকল্পে আগবাঢ়ি অহাৰ পৰিৱৰ্তে একাংশই এই দুৰ্গতসকলক ইচ্ছু্ হিচাপে লৈ একাংশ ৰাজনীতিকে চলাইছে ভোটৰ ৰাজনীতি। জানিব পৰা মতে, জিলাখনৰ কিছুসংখ্যক লোক কাষৰীয়া ৰাজ্য  মণিপুৰ, মেঘালয়, পশ্চিমবংগ, হায়দৰাবাদ, গুজৰাট আদিলৈ ঢাপলি মেলিছে। আনহাতে ডিমাপুৰলৈ যোৱা যুৱক-যুৱতী সকল বিভিন্ন কামত নিয়োজিত হোৱাৰ লগতে একাংশ যুৱতী-মহিলাই ধনৰ লোভত বেশ্যা বৃত্তিৰ দৰে পন্থা বাছি ল’বৈলও কুণ্ঠাবোধ কৰা নাই। কিন্তু ইয়াৰ ফলত হ’ব পৰা ভয়াৱহ এইডছৰ বিষয়ে এইসকল যুৱতী-মহিলা একেবাৰে অজ্ঞ। কেৱল আৰ্থিক দৈন্যতাৰ দোহাই দি এই কাৰ্য বিনা দ্বিধাই চলাই গৈছে। আনিক নগাঁৱৰ মাজ-মজিয়াতো একাংশ দুস্কংতিকাৰী নাৰীয়ে চলাই গৈছে এই ব্যৱসায়। ফলত এই দুস্কৃতিকাৰী নাৰীৰ পাক চক্ৰত সোমাই পৰিছে বহু বৃদ্ধ, ব্যৱসায়ী, চাকিৰয়াল আৰু এচাম উঠি অহা যুৱক। উল্লেখ্য যে, চহৰখনত কাঠফুলা সদৃশ হৈ পৰা এই দেহ ব্যৱসায় চক্ৰটোৰ দুই এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও দিনক-দিনে এই ব্যৱসায় বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে।যাৰ ফলত নগাঁও অঞ্চলৰ সচেতন লোকে অতি শীঘ্ৰেই অবিভক্ত নগাঁও জিলাত এইছ আই ভিৰ বীজাণু ভৰি পৰিব বুলি আশংকা প্ৰকাশ কৰিছে।

চৰকাৰী তথ্য অনুসৰি সমগ্ৰ অসমত ২০১৪ চনৰ আগষ্ট মাহলৈকে ৯১০০ লোক এইডছ ভি ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত কামৰূপ মেট্ৰ’ত ৩৫৭০ জন লোক আক্ৰান্ত হৈ প্ৰথম স্থানত অৱস্থান কৰাৰ বিপৰীতে কাছাৰত ১৮৬৬ জন আক্ৰান্ত হৈ দ্বিতীয় স্থানত আছে। সেইদৰে ডিব্ৰুগড়ত ৬৩০ জন, নগাঁৱত ৪১৮ জন, গোলাঘাটত ৩০৪ জন, কৰিমগঞ্জত ২৭২ জন, শোণিতপুৰত ২৫২ জন, বঙ্গাইগাঁৱত ২২৮ জন, কাৰ্বিআংলঙত ২০৭ জন, যোৰহাটত ২০৭ জন লোক এইছ আই ভি ৰোগত আক্ৰান্ত হৈছে। আনহাতে চিৰাং জিলাত এজনো লোক এইছ আই ভি ৰোগত আক্ৰান্ত নোহোৱাৰ বিপৰীতে বাক্সাত ১১ জন, ওদালগুৰিত ২২ জন, হাইলাকন্দিত ২৩ জন, ধেমাজিত ৩৯ জন, মৰিগাঁৱত ৫০ জন, লখিমপুৰত ৫৭ জন, ডিমা হাচাউত ৫৯ জন, নলবাৰীত ৬৫ জন, দৰঙত ৬৬ জন, শিৱসাগৰত ৭০ জন, কামৰূপ গ্ৰাম্যত ৮৬ জন, গোৱালপাৰাত ৯৩ জন, কোকৰাঝাৰত ১৫০ জন, বৰপেটাত ১২৭ জন, তিনিচুকীয়াত ১২৪ জন, আৰু ধুবুৰীত ১১৪ জন, লোক এইডছ আই ভি ৰোগত আক্ৰান্ত হৈছে। নগাঁও জিলাত বতমানলৈকে এইডছ আই ভি আক্ৰান্ত ৰোগীৰ সংখ্যা ৪১৮ জন। ২০ বছৰৰ পৰা ৪০ বছৰৰ মাজৰ এইডছ আই ভি আক্ৰান্ত ৰোগৰীৰ সংখ্যা কামৰূপ মেট্ৰ’তে সবাধিক যদিও নগাঁও জিলাই চতুৰ্থ স্থানত অৱস্থান কৰিছে। জিলা স্বাস্থ্য বিভাগে দিয়া তথ্য মতে, বিগত ২০০২ চনত নগাঁও জিলাত এইছ আই ভিত আক্ৰান্ত ৰোগীৰ সংখ্যা মাত্ৰ তিনিজন আছিল যদিও বিগত ১২ বছৰৰ ব্যৱধানত ৪১৮ জনলৈ বৃদ্ধি পোৱাত বৌদ্ধিক আৰু সচেতন মহলৰ মাজত আতংকৰ সৃষ্টি হৈছে। উল্লেখ্য যে, এইছ আই ভি আক্ৰান্ত হোৱা ৰোগীসকলৰ ভিতৰত পুৰুষৰ বিপৰীতে মহিলাও আছে। ইয়াৰ উপৰি ২০০৮ চনত নগাঁও অসামৰিক চিকিৎসালয়ত এগৰাকী এইছ আই ভি আক্ৰান্ত মহিলাই সন্তান প্ৰসৱ কৰা সমগ্ৰ জিলাখনতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। জিলা স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষৰ মতে, জিলাখনৰ এইছ আই ভি ৰোগীসকলৰ আটাইকেইজনেই অত্যধিক ড্ৰাগছ সেৱন কিম্বা দেহ ব্যৱসায়ত জড়িত।