নগাঁৱৰ অপহৃত ৪ গৰাকী যুৱতীক হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰি আনিলে অসম আৰক্ষীয়ে

অসমৰ পৰা অপহৃত ৪ যুৱতীক আজি নগাঁও আৰক্ষীয়ে হাৰিয়ানা আৰক্ষীৰ সহযোগত হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে অসমৰ পৰা যোৱা এটা আৰক্ষীৰ দলে হাৰিয়ানাৰ পাণিপথৰ এটা গেষ্ট হাউচৰ পৰা আৰক্ষীয়ে অপহৃত যুৱতী কেইগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ হোৱা যুৱতীকেইগৰাকী মৰিগাঁও আৰু নগাঁও জিলাৰ বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে৷

প্ৰাপ্ত তথ্য মতে যুৱতীকেইগৰাকীক কাম দিয়াৰ লগতে বিভিন্ন প্ৰলোভনেৰে কোনো দুষ্ট চক্ৰই পৰিয়ালৰ অজ্ঞাতে অসমৰ পৰা বহিৰাজ্যলৈ লৈ গৈছিল।

ইফালে যুৱতী কেইগৰাকী অপহৃত হোৱাৰ পিছতে পৰিয়ালৰ লোকে এই সন্দৰ্ভত নগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। আৰু আৰক্ষীয়ে যুৱতীকেইগৰাকীৰ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিতে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছিল। অৱশেষত যুৱতী কেইগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ৰাজ্যখনত নিৱনুৱা সমস্যা বৃদ্ধি পোৱাৰ বাবে একাংশ যুৱক-যুৱতী চাকৰিৰ আশাত বহিৰাজ্যলৈ ঢাপলি মেলে। ফলত ইয়াৰে সুযোগ গ্ৰহণ কৰি একাংশ দুষ্ট চক্ৰই ৰাজ্যখনৰ যুৱক-যুৱতী সকলক বিভিন্ন প্ৰলোভনৰ জৰিয়তে বহিৰাজ্যলৈ নি বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যত জড়িত কৰাই।