NORTHEAST NOW (Assamese)

নগাঁৱৰ কঠীয়াতলীত দুটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

November 29, 2017 3:04 pm · এন ই নাও নিউজ ব্যুৰো, নগাওঁ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাহৰ পাতি থকা দুজন চোৰাং চিকাৰীক আজি জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দুয়ো গঁড় হত্যাৰ লগত জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰই কয়। জখলাবন্ধা আৰক্ষী থানাৰ আৰক্ষী বিষয়া দেৱেন বৰাৰ নেতৃত্বত অভিযানত যোৱা আৰক্ষীৰ দলটোৱে বিশেষ সূত্ৰৰ পম খেদি কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পৰাই জনা যায় যে ৰাজ্যত বৰ্তমানেও গঁড়ৰ খড়্গৰ চোৰাং বেপাৰী তথা চোৰাং চিকাৰীৰ টিঘিলঘিলনি চলি আছে। অৱশ্যে চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাত শেহতীয়া কেইটামান মাহত আৰক্ষী তথা বন বিভাগৰ সফলতাও মন কৰিব লগীয়া। সূত্ৰটোৰ মতে, গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীকেইজনৰ নাম ক্ৰমে জাকিৰ হুছেইন আৰু ফাৰুক আলী। দুয়োৰ সৈতে অস্ত্ৰও উদ্ধাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে  মণিপুৰী উগ্ৰপন্থীৰ সৈতেও ধৃত চোৰাংচিকাৰী দুজনৰ সম্পৰ্ক আছে।

Related News