নগাঁৱৰ জাজৰিত অগ্নিদগ্ধ হৈ বোৱাৰীৰ মৃত্যু : স্বামীৰ পৰিয়ালে হত্যা কৰাৰ সন্দেহ

অগ্নিদগ্ধ হৈ বোৱাৰীৰ মৃত্যু

প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যখনত বৃদ্ধি পাইছে স্বামীৰ গৃহত নিৰ্যাতিতা বোৱাৰীৰ মৃত্যুৰ ঘটনা। পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জাজৰিত। নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত গেন্দুৱা পথাৰত এগৰাকী অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মানৱতাক ভূ-লুণ্ঠিত কৰা এই জঘন্য কাণ্ড সংঘটিত হৈছে গেন্দুৱা পথাৰৰ ২নং ৱাৰ্ডত। সোমবাৰে নিশা বোৱাৰী ছৰুফা খাতুনে অগ্নিদগ্ধ অৱস্থাত চিঞৰ-বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহি দেহত লাগি থকা জুই নুমুৱাই চিকিৎসালয়ত ভৰ্তি কৰে যদিও মঙলবাৰে বোৱাৰীগৰাকীৰ মৃত্যু হয়।

অভিযোগ উত্থাপন হোৱা মতে, শহুৰৰ পৰিয়ালৰ লোকে তথা শাহুৱেক ৰাহিমা খাতুনে বোৱাৰীগৰাকীৰ দেহত কেৰাচিন ঢালি জুই লগাই দিয়ে। বোৱাৰীগৰাকীৰ গাত জুইৰ লেলিহান শিখাই আৱৰি ধৰাত ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি চিঞৰ-বাখৰ কৰে।

প্ৰতিবেশীয়ে বোৱাৰীগৰাকীৰ চিঞৰ-বাখৰ শুনি ওলাই আহি মুৰ্মূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু শৰীৰৰ অধিকাংশ জ্বলি যোৱা বোৱাৰীগৰাকীৰ অৱস্থা অধিক শোচনীয় হৈ পৰাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

গুৱাহাটীলৈ নি থকা অৱস্থাতে মঙলবাৰে বোৱাৰীগৰাকীৰ মৃত্যু হয়। উল্লেখ্য যে, বোৱাৰীগৰাকীৰ স্বামী নাজিৰুল ইছলাম আৰু শাহু ৰাহিমা খাতুনে বিয়াৰ পিছৰে পৰা বোৱাৰীগৰাকীক যৌতুকৰ বাবে নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে। সোমবাৰে তাৰেই এক কৰুণ পৰিনতিত বোৱাৰীগৰাকীক কেৰাচিন ঢালি জ্বলাই দিয়ে শহুৰ ঘৰৰ পৰিয়ালে।

মানৱ সমাজক লজ্জানত কৰা এই ঘটনাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্র নগাঁও জিলাত। ইপিনে ঘটনা সন্দৰ্ভত মৃত বোৱাৰীগৰাকীৰ পিতৃগৃহৰ লোকে ইতিমধ্যে বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালে হত্যা কৰা বুলি স্থানীয় জাজৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷