নগাঁৱৰ ধিঙৰ টুকটুকীত ভূমিকেন্দ্ৰিক সংঘাত- গুলীচালনা : দুই ফৈদৰ ৮ জন গুৰুতৰভাৱে আহত

Dhing final

নগাঁও জিলাৰ ধিঙৰ টুকটুকীৰ ৰৌমাৰীত ভূমিকেন্দ্ৰিক সংঘাতত দুই ফৈদৰ মুঠ আঠগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আনহাতে সংকটজনক অৱস্থাত  চাৰিজনক নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

শনিবাৰে পুৱাই ৰৌমাৰীত জমিৰ হুছেইনৰ পৰিয়ালে পথাৰত ধান কাটি থকা অৱস্থাতে হবিবুৰ ৰহমানৰ পৰিয়ালে বাধা দিয়ে। লগে লগে দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

হবিবুৰ ৰহমানৰ ফৈদে বন্দুক, লাখুটি  আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে জমিৰ হুছেইনৰ পৰিয়ালক। হবিবুৰ ৰহমানে বন্দুকেৰে জমিৰ হুছেইনক গুলীয়াই আহত কৰে। তদুপৰি লাখুটি আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰি মহিলা সহ তিনিজনক আহত কৰে ।

আনহাতে, জমিৰ হুছেইনৰ ফৈদেও ধান কটা কাঁচিৰে প্ৰতি আক্ৰমণ কৰি হবিবুৰ ৰহমানৰ ফৈদৰ পাঁচজনক গুৰুতৰভাৱে  আহত কৰাৰ লগতে হবিবুৰৰ বন্দুকটোও কাঢ়ি আনে।

ইতিমধ্যে আহত আজনকে ধিং চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰে যদিও দুয়ো ফৈদৰ পাঁ‌চজনৰ অৱস্থা সংকটজনক হোৱাত নগাঁৱলৈ প্ৰেৰণ কৰে। জমিৰ হুছেইন, নুৰ হুছেইন, চাজিদা খাতুন, ৰফিকুল ইছলাম আৰু হবিবুৰ ৰহমানক নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

ইতিমধ্যৈ ধিং আৰক্ষীয়ে দুই ফৈদৰ আহত চাৰিজনক ধিং চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাস্থলীত ব্যৱহৃত বন্দুকটোও উদ্ধাৰ কৰে।

উল্লেখ্য যে,  ধিঙৰ টুকটুকী অঞ্চলত বিগত বৰ্ষত মৰিগাওঁ আৰক্ষীয়ে এটা বন্দুক নিৰ্মাণৰ কাৰখানাত অভিযান চলাই বহু পৰিমানৰ মাৰণাস্ত্ৰ জব্দ কৰাৰ লগতে কেবাজন অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতো  অঞ্চলটোত বহু অপৰাধীয়ে অৱৈধ মাৰণাস্ত্ৰ দেখুৱাই সংঘটিত কৰি আহিছে চুৰি ডকাইতি আৰু হত্যাৰ দৰে অপৰাধমূলক ঘটনা। এইক্ষেত্ৰত ধিং আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক সময়ত ভয়াবহ পৰিস্থিতি সৃষ্টি হোৱাতো প্ৰায় নিশ্চিত।

আনহাতে, মৈৰাবাৰীৰ পৰা  ডিমাপুৰলৈ দৈনিক  চাৰিখনকৈ চুপাৰ  নিতৌ অহা যোৱা কৰে। এই গাড়ীবিলাকতে অৱৈধ মাৰণাস্ত্ৰ নিতৌ সৰবৰাহ হৈ আহিছে বুলি জনসাধাৰণৰ মাজত চৰ্চিত হৈছে।