নগাঁও জিলাৰ বেবেজীয়াৰ বিভিন্ন স্থানত গছ পুলি ৰোপনৰ লক্ষ্যৰে বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী সম্পন্ন হয়।
বন বিভাগৰ নগাঁও বন সংমণ্ডলৰ উদ্যোগত বেবেজীয়া-জামুগুৰি পথৰ দুয়োকাষে, জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়, জামুগুৰি সাৰ্বজনীন গৰখীয়া থান, জামগুৰি বাপূজী হাইস্কুল প্ৰাংগণত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰাৰ লগতে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয়।
গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰি নগাঁও সদৰ বনাঞ্চলিক বিষয়া নেপাল মণ্ডলে কয় যে গছ অবিহনে কোনো জীৱ জগত জীয়াই থাকিব নোৱাৰে। পৃথিৱীখন জীয়াই থাকিব হ’লে গছ ৰোপণ কৰিবই লাগিব।
উল্লেখ্য যে, গছপুলি ৰোপণ কাৰ্যসূচীত নগাঁও বন বিভাগৰ বিষয়া প্ৰভাত বৰা, সম্পূৰ্ণা দাস বৰা, প্ৰভাত বৰুৱা, অতুল বৰা, খগেন লস্কৰ, নীল বৰা, গোপাল দাস, সাংবাদিক দেৱজিৎ হাজৰিকা, সমাজকৰ্মী গুনেন্দ্ৰ নাথ, জগদীশ নাথৰ লগতে জামুগুৰি অঞ্চলৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।