নগাঁৱৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত ২৫ মাৰ্চত বিষাক্ত দ্ৰব্য খাই অসুস্থ হোৱা অৱস্থাত উদ্ধাৰ হোৱা ১০ টা শগুন ৫ এপ্ৰিলত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ কৰ্তৃপক্ষ আৰু বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপনৰ গোটৰ সহযোগত অভয়াৰণ্যখনত মুকলি কৰা হয়।
উল্লেখযোগ্য যে ২৫ মাৰ্চত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত উদ্ধাৰ হোৱা ২৬ টা শগুনৰ ভিতৰত ১৪ টা শগুন মৃত অৱস্থাত উদ্ধাৰ হৈছিল।
আনহাতে অসুস্থা অৱস্থাত উদ্ধাৰ হোৱা ১২ টা শগুনৰ ভিতৰত দুটা শগুন মৃত্যুৰ মুখত পৰে। অৱশ্যে বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন গোট আৰু পশু চিকিৎসকে বাকী ১০ টা শগুনক চিকিৎসাৰ জৰিয়তে সুস্থ কৰাত সফল হয়।
অৱশেষত আজি শগুন কেইটা সম্পূৰ্ণভাৱে সুস্থ হৈ উঠাত মুকলি কৰি দিয়া হয়। ইয়াৰ পিছতে সমীপৱৰ্তী লোকসকলৰ লগত এখন সজাগতামূলক সভা আহ্বান কৰা হয়। এই সজাগতা মূলক সভাখনত দুষ্প্ৰাপ্য শগুনৰ অবাধ নিধন ৰোধ কৰাৰ বিষয়ে আলোচনা কৰা হয়।