NORTHEAST NOW (Assamese)

নতুন অসমীয়া ছবি ‘তাণ্ডৱ অফ্ পাণ্ডৱ’ৰ ট্ৰেইলাৰ, ভিডিঅ’ ছং মুকলি

April 23, 2018 7:48 am · এন ই নাও নিউজ

অহা ১৮ মে’ত মুক্তি লাভ কৰিবলগীয়া ছবি তাণ্ডৱ অফ্ পাণ্ডৱৰ ট্ৰেইলাৰ , ভিডিঅ’ ছং আৰু কবিতা আবৃতি গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে মুকলি কৰা হয়। বিশিষ্ট শিক্ষাবিদসকলৰ উপস্থিতিত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে ছবিখনৰ প্ৰযোজিকা অঙ্কিতা চৌধুৰীয়ে।

বৈদুৰ্য্য বৰুৱাৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপেৰে প্ৰিয়ম নিৰ্মলৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ কিছু দৃশ্যাংশ চাই ছবিখন যথেষ্ট বাস্তৱধৰ্মী আৰু মনোগ্ৰাহী হ’ব বুলি ধাৰণা কৰিব পাৰি। তদুপৰি, ড° অমৰজ্যোতি চৌধুৰীৰ ৰচিত আৰু তেওঁ নিজে আবৃতি কবিতা এটিয়ে ছবিখনত যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

সুদক্ষ লেখক বৈদুৰ্য্য বৰুৱাৰ কাহিনীৰে প্ৰতিভাবান পৰিচালক প্ৰিয়ম নিৰ্মলৰ পৰিচালনাত জনপ্ৰিয় শিল্পী বৰষাৰাণী বিষয়া, জয়ন্ত দাস, জয়ন্ত ভাগৱতী , বিকী, চুৰামণি আৰু অন্যান্য শিল্পীসকলৰ অভিনয় যথেষ্ট শক্তিশালী আৰু বাস্তৱধৰ্মী হ’ব বুলি অনুমান কৰা হৈছে।

জনপ্ৰিয় যুৱ সঙ্গীত পৰিচালক অহিৰ ভৈৰৱৰ সঙ্গীতসমৃদ্ধ আটাইকেইটা গীতত কণ্ঠ নিগৰাইছে ক্ৰমে জুবিন গাৰ্গ ,নীল আকাশ, সুবাসনা দত্ত আৰু অন্যান্য শিল্পীসকলে।

শেহতীয়াকৈ মুক্তি পোৱা কেইবাখনো অসমীয়া ছবিয়ে বাণিজ্যিক সফলতা লাভ কৰাৰ লগতে কেইখনমান ছবি ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বিপুল সমাদৰ লাভ কৰা দেখা গৈছে। তদুপৰি, বহু কেইটা নতুন প্ৰযোজক গোষ্ঠীয়ে অসমীয়া ছবি প্ৰযোজনা কৰিবলৈ ওলাই অহাটো সঁচাকৈয়ে উৎসাহজনক হিচাপে বিবেচিত হৈছে।

তাণ্ডৱ অফ্ পাণ্ডৱ ছবিখনে সঠিক ৰূপত দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰযোজক গোষ্ঠীয়ে আশা ব্যক্ত কৰিছে।

Related News