নতুন ৰাজ্য গঠনৰ ক্ষেত্ৰত কেন্দ্ৰৰ নীতিত জাঙুৰ খাই উঠিছে ডিমা হাচাওৰ কংগ্ৰেছ

ভাৰতীয় সংবিধানৰ ২৪৪ (এ) অনুচ্ছেদৰ অধীনত পৃথক ৰাজ্য গঠনৰ দাবী কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ  বিভিন্ন দল সংগঠনৰ দীৰ্ঘ দিনীয়া দাবী। কংগ্ৰেছ দলেও অলপতে এই দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। কিন্তু অলপতে ৰাজ্যসভাত প্ৰশ্নোত্তৰ পৰ্ব চলি থকাৰ সময়ত সাংসদ বিশ্বজিত দৈমাৰিৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজিজুয়ে কয় যে কেন্দ্ৰৰ নতুন ৰাজ্য গঠনৰ তেনে পৰিকল্পনা নাই। আনহাতে সংবিধানৰ ২৪৪(এ) অনুচ্ছেদৰ অধীনৰ স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ যি বিধি নিয়ম লিপিবদ্ধ কৰা আছে এই বিধি উঠাই দিয়াৰ কাৰনে অসম চৰকাৰে অনুৰোধ কৰিছে।

অবশ্যে ৰাজ্য চৰকাৰৰ এনে অভিসন্ধিৰ প্ৰতিবাদত জাঙুৰ খাই উঠিছে ডিমা হাচাওৰ কংগ্ৰেছ। শুকুৰবাৰে এক সংবাদ মেল পাতি ৰাজ্য চৰকাৰক সকীয়নি দিয়ে প্ৰাক্তন চিইএম তথা জিলা কংগ্ৰেছ নেতা দেপ’লাল হোজাইয়ে। তেওঁ কয় যে চৰকাৰে যদি পাৰ্বত্যবাসীক প্ৰতাৰণা কৰিব বিচাৰিছে তেতিয়া হলে কাৰ্বি আংলং, ডিমা হাচাও আৰু বড়োলেণ্ডত জুই জ্বলিব।কাৰন যদিও কংগ্ৰেছ দলে বিগত দিনত তেতিয়াৰ এএছডিচিৰ দাবী পূৰণ কৰাত সক্ষম হোৱা নাই কিন্তু কংগ্ৰেছ দলে স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ সাংবিধানিক বিধি কৰ্তন কৰাৰ কাৰনে কোনো অপচেষ্টাও চলোৱা নাই। বৰ্তমান বিজেপি শাসিত ৰাজ্য চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ গৈ সংবিধানৰ পৰা ২৪৪(এ) অনুচ্ছেদত থকা উপ বিধি কৰ্তন কৰাৰ কাৰনে কেন্দ্ৰক প্ৰস্তাৱ প্ৰেৰণ কৰিছে।  হোজাইয়ে লগতে কয় যে কংগ্ৰেছ বিজেপি বুলি কথা নহয়, পাৰ্বত্য জিলাৰ প্ৰতি থকা মাহী আই সুলভ আচৰণ আজিও বৰ্তি আছে।

ইপিনে কংগ্ৰেছ নেতা কালিজয় চেঙগোইনে কয় যে পাহাৰীয়া অঞ্চলৰ প্ৰতি চৰকাৰৰ এনে নীতি সঁচাকৈ দুৰ্ভাগ্যজনক। যদিও সংবিধানে দিছে চৰকাৰৰ কিন্তু এই বিষয়ত আন্তৰিকতা নাই। আনহাতে বিজেপি ৰাজ্য তথা কেন্দ্ৰত ক্ষমতাত অহাৰ আগতে  সংবিধানৰ ২৪৪(এ) অনুচ্ছেদৰ সপক্ষে মাত মাতিলে যদিও এতিয়া এনে স্থিতি নিন্দনীয়। চেঙগুইনে লগতে আৰু কয় যে গুৱাহাটীৰ জালুকবাৰিত মাথোঁ কেই কিলোমিটাৰৰ মাজত কিমানটা চৰকাৰী শিক্ষা প্ৰতিষ্ঠান আছে তাৰ হিচাপ নাই। এতিয়া এইমছ্ও তাতে হ’ব। ইয়াৰ বাহিৰে বন বিভাগৰ ডাঙৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে।  ৰে’লৰ মহা প্ৰৱন্ধকৰ কাৰ্যালয় আছে। অথচ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দূৰত্ব কিমান আৰু কেইটা চৰকাৰী প্ৰতিষ্ঠান আছে। আচলতে ৰাজ্য চৰকাৰে যদি এনে মাহী আই সুলভ আচৰণ কৰি থাকে তেতিয়া হ’লে পৃথক ৰাজ্যৰ দাবী উত্থাপন হোৱাটো কোনো ডাঙৰ বিষয় নহয়।